পৃষ্ঠা:Khojar Xabda.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চহাই কাহিনীকথনৰ সি সুদৃঢ় ভেঁটি বন্ধাই থৈ গ'ল সেই ভেঁটিটোৰ আওলাতে ইয়াৰ আধুনিকতম সংৰূপ চুটিগল্পয়ো কেঁাঁহ মেলিছে। শৈলীগত বিশিষ্টতাৰ আওতাত চুটিগল্পক উপন্যাসৰ সংকুচিত ৰূপ (অথবা উপন্যাসক চুটিগল্পৰ সম্প্ৰসাৰণ) হিচাপে মানি লোৱাটো সমীচীন নোহোৱা সত্বেও কল্পনাশ্ৰয়ী কথাবস্তুৰ প্ৰসংগত প্ৰতীয়মান তাত্ত্বিক অৱস্থানৰ ফলপ্ৰসূতা দুয়োটি ধাৰাতে অনুৰূপ বিধৰ। ভাষিক সম্পৰীক্ষাৰ এক সক্ৰিয় সংৰূপ হিচাপে কাহিনী সাহিত্যই মানৱীয় পৰিমণ্ডলৰ দ্বান্দ্বিক প্ৰতিৰূপ একাটাহঁতক পৰ্যবেক্ষণৰ অৱকাশ যে আনি দিব পাৰে সেয়া হাংগেৰীৰ সমালোচক গীয়ৰ্গ লুকাচ্চ প্ৰভৃতিয়েও ইতিমধ্যে উনুকিয়াই থৈ গৈছে। সমকালীন অসমীয়া গল্পকাৰ বিপুল খাটনিয়াৰৰ ৰচনাত এই প্ৰসংগ প্ৰতিপাদিত হৈছে সাৱলীল কথকতাৰ মাজেৰে।

 ছেগা-চোৰোকাকৈ খাটনিয়াৰৰ প্ৰায় প্ৰতিটো গল্পতে পঢ়ুৱৈয়ে দেখিব বাখতিন- কথিত বহুস্বৰতাৰ উপপাদ্য (heteroglossia) সাব্যস্ত হোৱা। অন্ততঃ ‘কাৱৈমাৰী সত্ৰৰ অতিথি’, ‘সাঁচিপাতৰ পুথি’, ‘বাঁকৰ সাধু’ আদি গল্পৰ পৰাই এই কথা ক’ব পাৰি অনায়াসে। অসমীয়া চহাজীৱনৰ প্ৰাণচঞ্চল ব্যঞ্জনা কথকৰ কল্পলোকত সৰ্বায়ত সঞ্চৰণশীল। জীৱন আৰু জগতৰ যি সহজাত জৈৱনিক ঐক্য, গোষ্ঠী-জীৱনৰ স্পন্দন, ক্ৰমশঃ অৱলুপ্তিৰ মেৰপেছত সোমাই পৰা সজীৱ নিসৰ্গ চেতনা, সিবোৰৰ ছন্দ প্ৰস্ফুটিত হৈ উঠিছে গঞাজীৱনৰ পটভূমিত। আনহে নালাগে, তন্ত্ৰ-মন্ত্ৰ-তাবিজ- মাদলিৰে একোটা ৰহস্যময় পুৰাতন আৱহেও ভূমুকি মাৰিছে কোনোটাহঁত কাহিনীৰ কেন্দ্ৰত;‘মেঘ’ নাইবা ‘কাৱৈমাৰী সত্ৰৰ অতিথি’ত যেনেকৈ। মনাইবৰীৰ ভূতে পোৱা বুলি সন্দেহত জীয়কে সুভদ্ৰাক চোৱাবলৈ বিধৱা বুটীয়ে ভৰলুচাপৰিৰ চোটাই বেজক মতাই আনিছেগৈ। আসুৰিক এই বেজালীৰ গতি-প্ৰকৃতি। এমুঠিমান শুকান জলকীয়া জুইত ঢালি দি চোটাই বেজে ভূত খেদিছে, চমতাৰে ছোৱালীজনীক কোবাব লাগিছে। অৱশেষত ভূতে পলাই লৰ ধৰোঁতে চিন হিচাপে ভাঙি থৈ গৈছে পদূলি মুখৰ আমজোপাৰ প্ৰকাণ্ড এটা ডাল। কথ্যত সমাৱিক্ত এনে বাস্তৱ আৰু অলৌকিকতাৰ সমাবিদ্ধ ছবিখনক অৱশ্যে লোকজীৱনৰ জৈৱিক প্ৰতিবিম্বনৰূপে ফুটাই তোলা নাই কথকে। জ্ঞানোদয় অনুসৃত যুক্তিবাদৰ পৰশেৰে পৰিশ্ৰুত হৈ আহিছে ইয়াত আৰোপিত লেখকৰ কণ্ঠ—

“তেনেই পুৱাতে উঠি গৈ বুঢ়ীয়ে ভাগিপৰা আমৰ ডালটো ভালদৰে চাবলৈ
ধৰিলে। ঠিকেই, ডালটো ভাগিছে ঠিকেই; কিন্তু বতাহত ভগাৰ দৰে
মোচোৰা খাই ভগা নাই; কোনোবাই যেন দাৰে কেইটামান ঘাপ আগতেই
মাৰি থৈছিল। ভাগি পৰা লগে লগে চাকিটো লৈ ওলাই অহা হ’লে

৭৮॥খোজৰ শব্দ