পৃষ্ঠা:Khojar Xabda.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গল্পৰ সাৰ্থকতা নিহিত থাকে, সময়ৰ ক্ষুদ্ৰ পৰিসৰৰ ভিতৰত জীৱনৰ ব্যাপকতা উপলব্ধি কৰাব পৰাতে যদি গল্পৰ উদ্দেশ্য পূৰ্ণ হয় আৰু ওজস্বী গদ্যই যদি গল্পৰ শৰীৰ হয়, তেন্তে তেওঁৰ গল্প উৎকৃষ্ট বুলি দাবী কৰাৰ শত-প্ৰতিশত যুক্তি আছে। আনহাতে নাটকীয় চমকেৰে পাঠকক গল্পৰ মাজলৈ টানি নিব পৰাতেই যদি গল্পৰ সাৰ্থকতা ৰয়, যদি ৰসাস্বাদনেই গল্পৰ মূল উদ্দেশ্য হয় আৰু মেদবিহীন সৰল ভাষা গল্পৰ শৰীৰ হয় তেন্তে কিন্তু বিপুল খাটনিয়াৰৰ গল্প নিখুঁত-নিটোল বুলি একে আষাৰে কোৱা টান। বিশেষকৈ তেওঁৰ সৃষ্টিৰ শেহৰ ফালৰ গল্পসমূহত কোনো কোনোটোৰ মাজত কাহিনীৰ বীজটো ইমান গভীৰত পোত খাই ৰৈছে, সি মুকুলিত হ’বলৈ প্ৰয়োজনাধিক সময় লৈছে। ফলত গল্পকাৰে ক’ব বিচৰা কথাটোৰ মোৰ বিচাৰি পাঠক বিমোৰত পৰে। তদুপৰি পাঠকৰ মনোযোগ শেষপৰ্যন্ত ধৰি ৰখাটো হেঙাৰ হয়। এই দুয়োটা সমস্যাই গল্পৰ ৰসমাধুৰ্যৰ হানি ঘটায়। গল্পকাৰৰ গদ্যৰ ওজঃগুণ বিস্ময়কৰ। পৰিস্থিতি অনুসাৰে ভাষায়ো নিজ নিজ ৰূপ ধাৰণ কৰি বিষয়বস্তুক তুলি ধৰাত সহায় কৰে। কিন্তু তেনে ভাষাই পাঠকক ধৰি ৰখাত কিমান সমৰ্থ হয় সেই দিশত গল্পকাৰ সচেতন হোৱা যেন বোধ নহয়। গল্পকাৰে গল্পৰ মাজেৰে সচৰাচৰ ঘটনাৰ বৰ্ণনা দিয়াতকৈ সমাজ-জীৱনৰ তাৎপৰ্য বহন কৰা বিশেষ কেতবোৰ পৰিস্থিতিৰ ব্যাখ্যা কৰে। পৰিস্থিতিৰ সূক্ষ্ম বৰ্ণনা, অতীত মন্থন অথবা পূৰ্ববৰ্তী ঘটনাক্ৰমলৈ বাৰে বাৰে ঘূৰি যোৱা আদি শৈলীৰ প্ৰয়োগৰ ফলত গল্পৰ কথাবস্তুৰ গতি মন্থৰ হৈ পৰে। মননশীল পাঠকৰ বাবে তেওঁৰ গল্পৰ গভীৰতা অনুধাৱন আৰু ৰস আস্বাদনত হয়তো সমস্যা নহ’ব পাৰে, কিন্তু সাধাৰণ পাঠকৰ বাবে এনেধৰণৰ দিশবোৰে কথাবস্তুৰ গভীৰতালৈ যোৱাত বাধা প্ৰদান কৰাৰ সম্ভাৱনা বহন কৰে। অৱশ্যে তেওঁৰ একেবাৰে শেহৰটো সংকলন ‘হাৱা ভাল চলা নাই’ৰ গল্পসমূহ এনে অভিযোগৰ পৰা মুক্ত হোৱা দেখা গৈছে৷ ‘হাৱা ভাল চলা নাই’ৰ গল্পসমূহত সম্ভৱতঃ পাঠকৰ মনোযোগ ধৰি ৰখাৰ ক্ষেত্ৰত গল্পকাৰ অধিক সচেতন আছিল। গল্পৰ ৰসগ্ৰাহিতাৰ ওপৰত গুৰুত্ব দিয়াৰ বাবেই সম্ভৱতঃ এই সংকলনৰ প্ৰায়বোৰ গল্পতে কাহিনী বা বৰ্ণনাত নাটকীয় চমৎকাৰিতা অধিক। পঢ়ুৱৈৰ বিচাৰৰ প্ৰতি তেওঁ যে সচেতন আছিল তাৰ ধাৰণা সংকলনটোৰ পাতনিৰ পৰাও পাব পৰা যায়—

“মোৰ ক্ষেত্ৰত, গল্প এটা যে প্ৰথমে ‘গল্প’ হ’বই লাগিব, এই দিশটোৰ
প্ৰতি সচেতন হওঁতেই বহু সময় উকলি যায়। পাছলৈ বিশ্বৰ ‘সেৰা’ গল্প
কিছুমানৰ উদ্দেশ্যপূৰ্ণ অধ্যয়নে আকৌ ৰচনাৰীতিৰ নিৰ্দেশ দিয়াৰ লগতে

৪৮॥খোজৰ শব্দ