পৃষ্ঠা:Khojar Xabda.pdf/২৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কেইটামানৰ কথা মই লিখিলোঁ। বৰ্তমান কাৰ্বি আংলঙৰ বোকাজান, সৰিয়হজান অঞ্চলত চূণশিলৰ বাবে জৰীপ, দিলাই পাহাৰ আৰু শিলভেটা অঞ্চলত কয়লাৰ কাৰণে জৰীপ আৰু নামবৰ সংৰক্ষিত বনাঞ্চলত ভিন্ন ধৰণৰ মাণিকৰ কাৰণে কৰা জৰীপ। বৰ্তমান ডিমা হাচাও জিলাৰ গৰমপানী অঞ্চলত কয়লা তথা চূণশিলৰ বাবে কৰা জৰীপ। যাৰ পৰিণতি স্বৰূপ আজিৰ অসম খনিজ উন্নয়ন নিগমৰ বুজন পৰিমাণৰ শুদ্ধ আমদানী।

 ইয়াৰ বাহিৰে ১৯৯৭-৯৯ৰ সময়ছোৱাত বিপুলদাৰ সৈতে মই আৰু পল্লৱ বৰুৱাই উত্তৰ পাৰৰ আগ্নেয় তথা ৰূপান্তৰিত শিলৰ ব্যৱহাৰিক দিশ পৰীক্ষা কৰিবৰ বাবে আগিয়াথুৰি পাহাৰৰপৰা আৰম্ভ কৰি মান্দাকাটা পাহাৰলৈকে আৰু দেওদুৱাৰ অঞ্চলৰ ওচৰৰ পাহাৰবিলাকৰ বিস্তৃত জৰীপ কৰাৰ কাম কৰিছিলোঁ৷ যিয়ে পাছলৈ এই অঞ্চলত শিলৰ খনি স্থাপনত সহায় হৈছিল। এই অঞ্চলৰ শিল ৰাস্তা বনোৱাৰ কাৰণে বহুত উপযোগী। এই অঞ্চলত এতিয়াও জৰীপৰ কাম চলি আছে বাৰ ভিত্তি বিপুলদাৰ সময়ৰ জৰীপৰ মূল।

 মই আৰু বিপুলদাই লগ লাগি ১৯৯২ চনত গৰমপানীৰ ওচৰত বুঢ়া হাঙডং অঞ্চলত অতি উচ্চমানৰ চূণশিলৰ এক বৃহৎ ভাণ্ডাৰৰ আৰম্ভণি জৰীপ কৰিছিলোঁ, যি এতিয়া এক অতি উত্তম ভাণ্ডাৰ বুলি বিবেচিত হৈছে।

 ইমানবিলাক গুণ তথা কৰ্মৰ গৰাকী হৈও তেওঁৰ অহং ভাব নাছিল। অতি সৰল মনৰ মানৱদৰদী বিশেষকৈ দুখীয়াৰ দুখত সমভাগী হ'বলৈ তেওঁ বহু কাম কৰিছিল, যিবিলাক সকলোৰে চকুত নপৰে।

 আৰু বহু কথাই লিখিবলৈ থাকিল। মুঠ কথা মোৰ দাদা, বন্ধু এজনক মই অকালতে হেৰুৱালোঁ আজিৰপৰা এবছৰ আগতে। নিষ্ঠুৰ কালে বিদায়বেলাত বিপুলদাৰ কাষৰপৰা মোক আঁতৰাই নিছিল। হয়তো বহু কথাই জানিবলৈ, শুনিবলৈ বা শিকিবলৈ থাকি গ'ল।

 বিপুলদা নাই এই সত্য মানিবলৈ বাধ্য হ’লোঁ। য’তেই নাথাকক, তেখেতৰ আত্মাৰ চিৰশান্তিৰ বাবে ঈশ্বৰলৈ মোৰ আকুল প্ৰাৰ্থনা থাকিল।

 বিদায় বন্ধু, হয়তো পৰলোকত লগ পাম সেই আশাৰে সামৰিলোঁ লিখনি— আপোনাৰ চৰণত এই স্মৃতিচাৰণ অৰ্পণ কৰিলোঁ৷▢

(লেখক অৱসৰপ্ৰাপ্ত ভূতত্ত্ববিদ, ভূতত্ত্ব আৰু খনি সঞ্চালকালয়, অসম)

২৪৬॥খোজৰ শব্দ