পৃষ্ঠা:Khojar Xabda.pdf/২৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দৰে জেপত হাত ভৰাই পুলুকা মাৰে। ‘হাৰ্কি’ৰ পটভূমি আদিবাসী চাহ জনগোষ্ঠী অধ্যুষিত এক গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত অঞ্চল। ‘সীমান্ত পথৰ গল্প’ সীমামূৰীয়া মানকাচৰ৷ ‘আধাৰশিলা’ সবাতোকৈ দৃঢ় আৰু শক্তিশালী। অসম আন্দোলনৰ বিৰোধী গোটটোৰ নেতৃত্বৰ পৰৱৰ্তী কালৰ চৰম বহুৱালি। আন দুটা গল্পৰ এটাৰ বিষয়বস্তু ভ্ৰষ্টাচাৰ আৰু আনটোৰ — আনকি নিৰীহ বন্যপ্ৰাণীকো ‘সন্ত্ৰাসবাদী’লৈ পৰিণত কৰা ২০০৬ চনত হোৱা খৰাং পৰিস্থিতি।

ভাষাৰ ক্ষেত্ৰত সংকলনটোৰ ভালেমান গল্পত পৰীক্ষা চকুত পৰিছে। ‘গোলাম’ গল্পটোত আপুনি এশ-ডেৰশ বছৰৰ আগৰ অসমীয়া ভাষাৰ ৰূপ এটা ব্যৱহাৰ কৰিছে। আটাইবোৰ গল্পতে অসমীয়া ভাষাৰ স্বকীয় কালিকা প্রকাশিত হৈছে। ভাষা লৈ এনে সচেতনাতাৰ কাৰণ কি?

□ ‘গোলাম’ গল্পটো বিশ্বনাথ চাৰিআলিৰপৰা ওলোৱা ‘ভূমি’ নামৰ ক্ষুদ্ৰ আলোচনীখনৰ প্ৰেৰণাতহে সৃষ্টি। হাতৰ আখৰেৰে চল্লিছ পৃষ্ঠামান দীঘল গল্পটো তেওঁলোকে আঠ মাহ সময় দি মুঠতে আঠ বাৰকৈ লিখিবলৈ মোক বাধ্য কৰাইছিল— আৰু ডিটিপি কৰাৰ পাছতো এবাৰ সম্পূৰ্ণ নতুনকৈ লিখাৰ সুবিধা দিছিল। তেওঁলোকৰ অসন্তুষ্টিয়ে বঢ়াই তোলা ‘জেদ’ৰ বাবে দুবাৰকৈ নাজিৰা-নাগিনীমাৰা আদিলৈ গৈছিলোঁ— প্রকাশিত কেওখন অসম বুৰঞ্জী পুনৰ পঢ়িব লগাও হৈছিল। মাদুৰিৰ কমল কছাৰীৰ দয়াত পঢ়িবলৈ পাইছিলোঁ— এতিয়াও অপ্রকাশিত— সাঁচিপতীয়া ‘চকৰিফেঁটী অসম বুৰঞ্জী'। এইখনৰ ৰচনাকাল ১৭৫১-১৭৬৯ খ্রীষ্টাব্দমান হ’ব— এইখনেই সেই সময়ৰ উজনি অসমৰ ভাষাৰ আনুমানিক ঠাঁচ এটাৰ ওচৰ চপাত সহায় কৰিছে। বৃহৎ কলেবৰৰ ‘বৰগোহাঞি বংশাৱলী’ৰ প্ৰণেতাসকলৰ এজন— নাজিৰাৰ অখিল পানীফুকন— আৰু অসম আন্দোলনৰ প্ৰেক্ষাপটত উদ্ভৱ হোৱা পাশৱিক পৰিস্থিতিয়ে কোঙা কৰি পেলোৱা— পিতৃভিঠা এৰি আঁতৰি যাব লগা হোৱা মাদুৰি গোহাঁই গাঁৱৰ শ্রদ্ধেয় হৰেন কোঁৱৰেও বহুখিনি সহায় কৰিছে।‘গোলাম’ৰ দৰে মোৰ আনবোৰ গল্পতো বিষয়বস্তু আৰু পটভূমিয়ে ক’ব নোৱাৰাকৈ মোক থলুৱা উপ-ভাষাবোৰৰ কাষ চপাই আনিছে। ‘সীমান্ত পথৰ গল্প’ আৰু ‘বৈৰী’ত মাৰ এই প্রয়াস অৱশ্যে সচেতন।

আপুনি অনুসৰণ কৰা বিশেষ সাহিত্যাদর্শই আংগিক আৰু বিষয়বস্তুৰ দ্বান্দ্বিক সম্পৰ্কৰ কথা কয়। কিন্তু ভাষাৰ প্ৰতি এনে সচেতনতা বিষয়বস্তুৰ কাৰণে এটা স্তৰত বোজা হৈ নপৰিবগৈ নে?

খোজৰ শব্দ॥২৮৭