পৃষ্ঠা:Khojar Xabda.pdf/২৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

tiple myeloma বেমাৰটো ধৰা পৰিছিল। ঘৰলৈ অহাৰ পিছত প্ৰতি সপ্তাহত এটাকৈ কেমো আৰু আন আন ইনজেকচন দিয়াৰ দায়িত্ব মই লৈছিলোঁ। দাদাই মোৰ ওপৰত বহুত বিশ্বাস ৰাখিছিল। মই যিমানখিনি জানো সিমানখিনিলৈ তেখেতক শুশ্ৰূষাও কৰিছিলোঁ। কিন্তু আমাৰ দুৰ্ভাগ্য যে তেখেতে বেমাৰৰ ওচৰত হাৰ মানিলে।

 দাদালৈ আজি বৰকৈ মনত পৰে। আমি দুয়োঘৰে সুখে-দুখে সমভাগী হৈ একেঘৰৰ দৰে আজিলৈকে কটাই আহিছোঁ। ল’ৰা-ছোৱালীৰ জন্মদিন, বিহু-সংক্ৰান্তি আদি ভাল ভাল দিনত তেখেতৰ অনুপস্থিতিয়ে মনত বৰ ব্যথা দিয়ে।

 গুৱাহাটীৰ সোনাইঘূলিত মাটি এডোখৰ লৈ ঘৰ এটা বনাই আছোঁ। কিছুদিন পিছত আমি নিজৰ ঘৰলৈ যাম। কিন্তু এইখন ঘৰ তেতিয়াও আমাৰ আপোন হৈয়ে থাকিব। দাদাৰ আত্মাই শান্তি লাভ কৰক।

(লেখক জ্যেষ্ঠা নাৰ্চ, দিছপুৰ নাৰ্চিং হোম)

বীণা পেগুৰ ল’ৰা-ছোৱালী আৰু ভাগিনীৰ স’তে

২৪৮॥খোজৰ শব্দ