পৃষ্ঠা:Khojar Xabda.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গল্পকাৰৰ দৰে গল্পৰ জগতলৈ এচমকা জীৱন অথবা খণ্ডিত জীৱনৰ এটুকুৰা বুটলি আনিব বিচৰা নাই। বৰং গল্পৰ সম্পৰীক্ষাত এক বিস্তৃত জীৱন অথবা এছোৱা সময়ৰ সামগ্ৰিকতাহে উন্মোচন কৰিব বিচাৰিছিল। সেয়েহে তেখেতৰ গল্পৰ প্ৰেক্ষা বিশাল, প্লট বিস্তৃত। যিখন সমাজৰ কথা তেওঁ গল্পত ক’বলৈ বিচাৰিব, সেই সমাজত তাৰ পৃষ্ঠভূমিৰ পোতন অতি দ’ হ’ব লাগিব। সাৰ্থক গল্প এটি নিৰ্মাণ কৰিবলৈ তেওঁ সময় লয়, আৰু কষ্ট কৰে। এয়াই হৈছে তেখেতৰ গল্পৰ উদ্দেশ্য আৰু প্ৰাথমিকতাও। গভীৰৰপৰা তুলি আনে তেওঁ। অগভীৰৰপৰা জীৱনক তুলি তাত নিৰ্মাণৰ কাৰু কাৰ্যৰ চিকমিকণি নোতোলে। দ্বন্দ্ব আৰু সংঘাতবোৰেৰে গল্প আগবাঢ়ি যায়। বোধহয় এইবাবেই বিপুল খাটনিয়াৰৰ গল্পত জীৱনে নিজেই শিল্পৰ ৰূপ লৈ বাৰে বাৰে নতুন ৰূপত উদ্ভাসিত হয় আৰু আমাক চমকিত কৰে। উদাহৰণস্বৰূপে ক’ব পাৰি যে, জনগোষ্ঠীয় অৱদমন বিপুল খাটনিয়াৰৰ গল্পৰ এক উপজীব্য। তেখেতৰ বহুত গল্পত জনগোষ্ঠীয় অৱদমনৰ লগতে আন সম্প্ৰদায়ৰ পিচ পৰি থকা মানুহবোৰৰ অৱদমনৰ উল্লেখ আছে। কিন্তু সি কেৱল তাতেই সীমিত হৈ থকা নাই। আমি যেতিয়া সাহিত্যত জনগোষ্ঠীয় অৱদমনৰ বিষয় এটি লৈ ৰোমাঞ্চিত হৈ থাকোঁ, তেতিয়া ‘বেংগ্ৰা’ৰ দৰে গল্পত তেওঁ জনগোষ্ঠীয় অৱদমনৰ এটা প্ৰতি-বিৱৰণী (counter narrative) অতি সাহসেৰে কি দৰে প্ৰতিষ্ঠা কৰিছে, তালৈ লক্ষ্য কৰিবলৈ যেন পাহৰি যাওঁ। এই বিৱৰণী সমসাময়িক সাহিত্যত একেবাৰেই সুকীয়া। ইয়াৰ বাবে গল্পকাৰ কেৱল সাহসী হ’লেই নহ’ব, সততাও লাগিব। গল্পৰ বিৱৰণী এনেকুৱা হৃদয়বিদাৰক যে গাৰ নোম শিয়ৰি উঠে। তেওঁ ওপৰৰপৰা চোৱা নাই, গভীৰলৈ গৈছে — বহুত গভীৰলৈ। হাত ধৰিছে মমতাৰ। মানুহৰ সতে আৰু জীৱনৰ সৰলতাৰ সতে অতি নিবিড় হ’ব পৰাজনেহে এনে গল্প লিখিব পাৰিব, অৱশ্যেই ইয়াৰ বাবে লাগিব আদৰ্শবোধ। আচৰিত কথা এয়ে যে, এনে সাহসী আৰু সফল গল্প লিখি উলিওৱাৰ পিছতো গল্পকাৰে জগতসভাত নিজকে এজন গল্পকাৰ বুলি বিশেষ পৰিচয় নিদিলেই, বৰং জীৱনৰ কিছুমান আচৰিত আৰু আচহুৱা সত্যক নিষ্ঠা আৰু সততাৰে প্ৰতিষ্ঠা কৰিবলৈ চলোৱা প্ৰচেষ্টাত নিনাও হৈয়েই থাকি গ’ল। মুৰাকামিৰ দৰেই তেওঁ স্বাধীনভাৱে গল্প লিখিলে—কিন্তু এজন তথাকথিত ‘Storyteller' হবলৈ নহয়, বৰং তেওঁ যেন এজন ‘Story watcher’ হ’বলৈকে ভাল পালে।

 বিপুল খাটনিয়াৰৰ গল্পৰ পঠন মানেই বিষয়বস্তুৰ বিচিত্ৰতা। জুয়ে পোৰা তিৰাশী, চৰ অঞ্চলৰ বেদনা, চাহ বগিচাৰ বনুৱাৰ জীৱন, নামঘৰৰ ভাওনা, মধ্যযুগৰ সামন্তীয় ইতিহাসৰ খণ্ডিত অৱেশষৰ টুকুৰা, উগ্ৰপন্থী সমস্যা, জনগোষ্ঠীয় পৰিচিতি সত্তাৰ আন্দোলন, সত্ৰৰ পটভূমি— কত বিষয় যে তেখেতে গল্পলৈ অনা নাই! উজনিৰপৰা

খোজৰ শব্দ॥ ৬৯