পৃষ্ঠা:Khojar Xabda.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আশা পূৰণত ব্যৰ্থ হোৱাৰ আঁৰত কেৱল অভিপ্ৰায় বা অনিচ্ছা সোমাই থকা নাই— অমীমাংসিত এই অংকৰ ৰাজনীতিয়ে উভয়কে সামৰি জীৱনৰ জটিলতাৰ লগত চিনাকি কৰাইছে। কোনো সিদ্ধান্তৰ নেপথ্যত মাথো উদ্দেশ্য বা ইচ্ছা নাথাকি তাৰ লগতে অন্যান্য এৰাব নোৱাৰা কথা কিছুমানো জড়িত হৈ থাকিব পাৰে। ভাদৈ পেহীৰ আবেদনৰ সৰলতাই যিদৰে চাকৰি ‘ক্ৰয়’ৰ প্ৰক্ৰিয়াক জীৱন যুক্তিৰ সহজ অভিজ্ঞতাৰ ভিতৰত সংস্থাপন কৰিছে সেই বিষয়টোৰ ক্ষেত্ৰত বাপুকণৰ দৃষ্টি একে নহয়। অৰ্থাৎ দেখাত সহজ যেন লগা জীৱনৰ ক্ষুদ্ৰ আৰু সাধাৰণ কথাবোৰৰ আঁৰতো জটিলতাৰ মেৰপাক সোমাই থাকে। বহু সময়ত ঘটনা একোটাৰ বহিপ্ৰকাশৰ আধাৰতে তাৰ স্বভাৱৰ ধাৰণা কৰা হয় যদিও সেই বিচাৰ সম্পূৰ্ণ হ'ব নোৱাৰে। খাটনিয়াৰৰ প্ৰায়বোৰ গল্পতে আমি এই জটিল সমস্যাযুক্ত প্ৰক্ৰিয়াৰ ৰেখাংকন দেখিবলৈ পাওঁ। কেৱল ঘটনাক্ৰমৰ বিৱৰণী নহৈ বিষয়ৰ বহুমাত্ৰিক কথকতাৰ স্নেপশ্বট আগবঢ়োৱা খাটনিয়াৰৰ গল্পসমূহক সহজে সাৰাংশৰ ৰূপত বুজিব পৰা নাযায়। মোৰ দৃষ্টিত এইটো তেওঁৰ গল্প-সাহিত্যৰ আকৰ্ষণৰ এটা প্ৰধান কাৰণ। পুনৰ পঠনত নতুন নতুন অপ্ৰত্যাশিত অভিজ্ঞতাৰ লগত পৰিচিত হোৱাৰ সুবিধা দিয়া এই গল্পসমূহৰ গাঢ়তাত অবদান যোগোৱা ভাষিক নিয়ন্ত্ৰণৰ লগত খাটনিয়াৰৰ পঢ়ুৱৈ নিশ্চয় জ্ঞাত। গল্পৰ বিষয় আৰু চৰিত্ৰ অনুযায়ী ভাষাৰ প্ৰয়োগত সূক্ষ্ম অথচ নিৰ্ণায়ক পৰিৱৰ্তন অনাটো কেৱল কৌশলগত বৈশিষ্ট্য নহয়। গল্পৰ তাত্ত্বিক প্ৰয়োজনৰ দ্বাৰা পৰিচালিত এই প্ৰক্ৰিয়াত ভাষা, গাঁথনি আৰু চৰিত্ৰ ৰূপায়ণৰ দিশসমূহ সুন্দৰ ফ্ৰেমত সংযোজিত হৈ পঠন অভিজ্ঞতাৰ অনবদ্য স্বৰূপ হিচাপে আমাৰ মানসপটত সাঁচ বহুৱাই যায়।❐


গ্ৰন্থপঞ্জী
১। বিপুল খাটনিয়াৰ, ‘চিনাকি মুখ অচিনাকি ছবি’, গুৱাহাটী, অৰুনোদই প্ৰকাশন, ২০১০
২। বিপুল খাটনিয়াৰ, ‘ভিন্ন জীৱন ভিন্ন কথকতা’, গুৱাহাটী, ২০০৯


পূৰ্বপ্ৰকাশ
ভূমি, তৃতীয় বছৰ, প্ৰথম সংখ্যা, এপ্ৰিল (২০১০)
অসমীয়া চুটিগল্প : ঐতিহ্য আৰু বিৱৰ্তন (২০১২)

(লেখক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক আৰু কলাগুৰু, বিশিষ্ট সমালোচক)

খোজৰ শব্দ॥২৩