পৃষ্ঠা:Khojar Xabda.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

‘নতুন পৃথিৱী’ৰ উদ্যোগত গঢ়ি উঠা ‘নতুন পৃথিৱী পৰিষদ'ৰ গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত এখনি সভা অনুস্থিত হয় আৰু সেই সভাতেই ‘নতুন পৃথিৱীৰ লগত জড়িত লেখক বুদ্ধিজীৱীসকলৰ সিদ্ধান্তমৰ্মে ‘নতুন সাহিত্য পৰিষদ, অসম নামৰ প্ৰগতিশীল সাহিত্য অনুষ্ঠানটি গঢ় লৈ উঠে আৰু অসমৰ প্ৰগতিশীল লেখকসকলক আকৌ এবাৰ একেলগে থিয় হ’বলৈ সুবিধা দিয়ে। ‘নতুন সাহিত্য পৰিষদ’ অসম অনুস্থানটিৰ সাংগঠনিক সমিতি গঠন কৰা হয়— যদিও দুয়োখনেই নতুনকৈ গঢ় লৈ উঠা অনুস্থানটিৰ সকলো প্ৰকাৰৰ উন্নতিৰ হকে কাম কৰাৰ সিদ্ধান্ত লয়। ‘নতুন সাহিত্য পৰিষদ, অসম’ৰ প্ৰথমখন ৰাজ্যিক কমিটি গঠন কৰা হৈছিল আৰু বিষয়ববীয়াসকল আছিল— সভাপতি দেৱপ্ৰসাদ বৰুৱা, সহকাৰী সভাপতি— ফণী গগৈ, সাধাৰণ সম্পাদক— তাৰক চন্দ্ৰ গোস্বামী, সহকাৰী যুটীয়া সম্পাদক— হীৰেন গগৈ আৰু বিপুল খাটনিয়াৰ, সদস্যসকল আছিল— দীনবন্ধু ঠাকুৰীয়া, চন্দ্ৰ শৰ্মা, মুনীন গোস্বামী, অনন্ত ডেকা, নিৰ্মল গগৈ, প্ৰফুল্ল শৰ্মা, মুনীন শৰ্মা, ডাঃ অনিল ভৰালী, মৃন্ময় সৰকাৰ, চন্দ্ৰমোহন শৰ্মা, মুকুট ভট্টাচাৰ্য, দুৰ্গেশ্বৰ ডেকা, মোহন কৃষ্ণ মিশ্ৰ, বিজন লাল চৌধুৰী, অনিল ৰায়চৌধুৰী, অজিত তালুকদাৰ, তোষেশ্বৰ চেতিয়া, শিৱনাথ বৰ্মন আৰু ধীৰেন মিশ্ৰ।

 সেই সময়ত অসম চিকিৎসালয়ৰ কিছু ছাত্ৰ বাঁওপন্থী আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈছিল। মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিৰ সৰ্বক্ষণ কৰ্মী হীৰেন গগৈয়ে ছাত্ৰসকলক পাঠদান কৰিছিল। অসমৰ বহু বাঁওপন্থী নেতা, বিধায়ক, বুদ্ধিজীৱীৰ সান্নিধ্য লাভৰ সুযোগ আমাৰ হৈছিল। জৰুৰীকালীন অৱস্থাৰ সেই দুঃসময় আমাৰ মাজত যেন সজীৱ হৈ আছে। হোষ্টেলত ভয়াৰ্ত পৰিৱেশ। ইতিমধ্যে মনোৰঞ্জন শৰ্মাক কাৰাৰুদ্ধ কৰি জেললৈ নিক্ষেপ কৰিলে। বহুতে আত্মগোপন কৰিলে। ডাঃ অনিল ভঁৰালী আদি কেইজনমানে অত্যন্ত সাৱধান হৈ সন্তৰ্পনে কাম-কাজ, যোগাযোগ কৰি আছিল। সেই অন্ধকাৰ দিন পাৰ হোৱাৰ পাছতে মুকলি মনেৰে কাম-কাজ কৰা সুবিধা হ’ল। এনে সময়তে ‘নতুন সাহিত্য পৰিষদ’ৰ আদৰ্শ, কৰ্মপন্থা আৰু সাংগঠনিক দিশ সম্পৰ্কে বিপুল খাটনিয়াৰৰ আমাৰ লগত চিঠি-পত্ৰৰ যোগেদি মতামত আলোচনাৰ আদান প্ৰদান হৈছিল। মোলৈ লেখা প্ৰতিখন চিঠিতে আছিল সাংগঠনিক দিশৰপৰা আৰম্ভ কৰি বাঁওপন্থীৰ চিন্তাৰ প্ৰসাৰ নতুবা লেখাৰ মাজেদি কেনেদৰে নান্দনিক ৰূপত শোষিতজনৰ চেতনা উদ্ৰেক কৰিব পাৰি ইত্যাদি গুৰুত্বপূৰ্ণ বিষয়। মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিৰ সৰ্বক্ষণ কৰ্মী হীৰেন গগৈয়ে দেশবিদেশৰ প্ৰগতিশীল লেখকসকলৰ শিল্প আৰু সাহিত্য সম্পৰ্কে থকা ধ্যান-ধাৰণাৰ ওপৰত আলোচনা কৰিছিল।

 গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিপুল খাটনিয়াৰে

১১৬॥খোজৰ শব্দ