পৃষ্ঠা:Khojar Xabda.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভৌগোলিক দূৰত্বৰ হেঙাৰ অতিক্ৰমি বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজলৈ গৈ তেওঁলোকৰ মৰ্মবেদনা বিৰল মানৱীয় চেতনাৰে গল্পসমূহত সজীৱ কৰি তোলা বিপুল খাটনিয়াৰৰ দৰে কথাশিল্পী দ্বিতীয়জন আমাৰ মাজত নাই বুলিলেও হয়তো অত্যুক্তি কৰা নহ'ব৷ ‘ঘঁৰিয়ালডাঙাৰ কথা’ শিৰোনামৰ সংকলনখনৰ পাতনিত লেখকে তাত অন্তৰ্ভুক্ত গল্পসমূহৰ স্থান-কাল আৰু নেপথ্যৰ বিষয়ে চমুকৈ উল্লেখ কৰি লিখা দুআষাৰ কথায়ো তেওঁৰ গল্পৰ বৈচিত্ৰ্য আৰু লেখক হিচাপে তেখেতক ক্ষিপ্ত-উত্যক্ত কৰি থকা বিষয়বোৰৰ সম্ভেদ দিয়ে য’ত তেওঁ কৈছে যে, “...সংকলনখনৰ প্ৰায়বোৰ গল্পকে চুই গৈছে ৰচনাকালে; নৃগোষ্ঠীয় প্ৰক্ষালন, সাম্প্ৰদায়িক বিদ্বেষ, বহিষ্কৰণৰ লেজুত ধৰি তেনেই সাধাৰণজনৰ ওপৰত চলা অতিচাৰ আৰু গড় হত্যাকে ধৰি সমাজ জীৱনৰ ৰন্ধ্ৰে ৰন্ধ্ৰে সোমাই পৰা সহজলভ্য ধনৰ সংস্কৃতি, ব্যভিচাৰ আৰু মূল্যবোধৰ অৱক্ষয়ে।’

 বিপুল খাটনিয়াৰৰ গল্প পঢ়ি সদায়ে অভিভূত হোৱা যায়, ইমান সুন্দৰ প্ৰকৰণ কৌশল, কাহিনীৰ ইমান অনায়াস বিস্তাৰ আৰু কুশলী বিন্যাস, সমাজৰ বহু প্ৰান্তীয় শ্ৰেণীৰ পীড়িত লোক বা চহা জীৱনৰ কাহিনী আৰু চৰিত্ৰক সুন্দৰকৈ সজীৱ কৰি তুলিব পৰা ইমান মানৱ-দৰদী লেখক, ইমান শক্তিশালী কথাশিল্পী! কোৱা বাহুল্য যে মানুহৰ প্ৰতি, বিশেষকৈ দুখ-দুৰ্দশাপীড়িত, শোষিত-বঞ্চিত-নিষ্পেষিত শ্ৰেণীৰ সংগ্ৰামী মানুহৰ প্ৰতি বিপুল খাটনিয়াৰৰ যি সহানুভূতি, সমমৰ্মিতা আৰু বিহ্বলতা তেওঁৰ গল্পবোৰত ফুটি উঠে, তাত তেওঁৰ সমাজ-চেতনা আৰু সমাজবাদী আদৰ্শনিষ্ঠা প্ৰতিফলিত হোৱাৰ লগতে অন্যায়-বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদৰ সুৰো নিশ্চয়কৈ ধ্বনিত হয়। কিন্তু সেইবুলি সেইবোৰ নিমিত্ত বক্তব্যপ্ৰধান বিৱৰণি হোৱাৰ পৰিৱৰ্তে চমকপ্ৰদ ভাষাৰ কুশলী কথকতাৰে তাক মহিমাময় গল্পশিল্পলৈ উত্তীৰ্ণ কৰিব পৰাৰ নিপুণতাই বিপুল খাটনিয়াৰক এজন সাৰ্থক কথাশিল্পী হিচাপেও এক বিশেষ মৰ্যাদাপূৰ্ণ স্থানলৈ লৈ যায়।

 উত্তৰ-ৰামধেনু যুগৰ এজন বিশিষ্ট গল্পকাৰ বিপুল খাটনিয়াৰ আছিল এজন অত্যন্ত শান্ত, মৃদুভাষী ভদ্ৰলোক কিন্তু হাতত এটা সাৰগ্ৰাহী, পাৰংগৎ কলম লৈ এযুগ ধৰি অপূৰ্ব কথকতা, কাহিনী-বিন্যাসৰ ভংগী আৰু বিষয় বৈচিত্ৰ্যৰে ভালেমান ৰসোত্তীৰ্ণ গল্প লিখি তেওঁ অসমীয়া সাহিত্যত কাললৈ নাম উজলাই শেহতীয়াকৈ আমাৰ মাজৰপৰা বিদায় মাগিছে। কিন্তু এই কথা অনুতাপেৰে অনুভৱ কৰোঁ যে বিপুল খাটনিয়াৰৰ গল্প-শিল্পক লৈ আমাৰ সাহিত্য জগতত যিদৰে আলোচনা-বিলোচনা হ’ব লাগিছিল দুখজনকভাৱে সেয়া দেখা নগ’ল। Undoubtedly he was one of the most underrated fiction writers of Assamese literature।

খোজৰ শব্দ॥ ৮৭