পৃষ্ঠা:Khojar Xabda.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চিত্ৰণত— সংলাপ আৰু বৃত্তান্ত উভয়তে— ‘যাৱনিক’ শব্দই ঠাই পোৱাৰ উপৰি ঠাই সাপেক্ষ ঔপভাষিক পাৰ্থক্যও ৰক্ষিত হৈছে। প্ৰথমটো গল্পত কৌটিকলীয়া সম্প্ৰীতিৰ উত্তমোত্তম চানেকি জিলিকি আছে কুৰুক্ষেত্ৰ আৰু কাৰবালাৰ সাদৃশ্য উন্মোচনত (পৃ. ১৩; অন্তৰ্দৃষ্টিৰ বাবে মনোলোভা হ’লেও দৈৰ্ঘ্যৰ বাবে সেয়া উদ্ধৃতিৰ অতীত) আৰু “হেন্দু-গৰীয়া”ৰ ভেদহীন সমাৱেশত—

“খবৰ আগতেই প্ৰচাৰ হৈ গৈছে। আনকি কালুগাঁও হৈ নামতি চাৰিআলি
আৰু সোমদাৰ, ম’ৰাবজাৰৰ পৰাও হেন্দু-গৰীয়া আটায়ে ৰং চাবলৈ ভাগি-
ভৰি আহিছে; মহৰম নহয় যেন তাহানি দিনৰ ভোগালী-ৰঙালীৰ ৰং-
তামাচাহে। (পৃ. ৪৯)”

 ‘ঘঁৰিয়ালডাঙাৰ কথা’ গল্পটোত সেই সাতামপুৰুষীয়া আন্তঃ-গোষ্ঠীগত সম্প্ৰীতি আৰু অন্তঃ-গোষ্ঠীগত প্ৰশান্তি বিঘ্নিত হৈছে। “দাংগা বিধ্বস্ত বড়োসকলে বড়ো আৰু মুছলমানসকলে মুছলমান আশ্ৰয় শিবিৰলৈ ঢাপলি মেলিছে” (পৃ. ১৮৮); আনকি কিছুসংখ্যক লোকে “দেশী মান্‌ষী” (পৃ. ১৯১)ৰ ৰাজনৈতিক আৱেগেৰে নতুনকৈ পৰা চৰত বহা ভাটীয়াক শতৰু শালিছে, “মুছলমান হৈ মুছলমানৰ বাৰী- বস্তিত জুই” (পৃ. ১৮৮) দিছে। লক্ষণীয়ভাৱে, এনেবোৰ গল্পৰ ভাষা-সংশ্লেষণত ‘শিহু’ত থকা শ্লেষৰ ভাবটো নাই। খাটনিয়াৰে পক্ষ লৈছে, প্ৰগতিশীল চেতনাৰ আধাৰত সাধাৰণ অথবা যিকোনো উৎপীড়িত সংখ্যালঘু গোষ্ঠীৰ পক্ষ— “মৰিছেতো সব নিৰ্দোষী গৰীব মানুহ!” (পৃ. ১৮৮)। তেওঁ বিৰোধিতা কৰিছে আধিপত্যৰ— ‘শিহু’ গল্পত ব্ৰাহ্মণ্য আধিপত্যৰ, ‘সখি’ (‘সখী’?) গল্পত সামন্ত আধিপত্যৰ।

 ‘সখি’ শেষ হৈছে বাচিক ইতিবাচকতাৰে—“হেমকান্তিৰ নামো আই গোঁসানীৰ নামে যায়। সখী নহয়নো কি!”(পৃ. ৩৬)। কিন্তু তাত নেতিৰ ব্যঞ্জনা আছে। নামটো একে বাবেহে আই গোঁসানীয়ে হেমকান্তিক সখী বুলিছে। এনেয়ে হেমকান্তিয়ে তেওঁৰ আগত আঁঠু ল’ব লাগে, চৰিয়াত পানী লৈ ভৰি ধুৱাই দিব লাগে। হেমকান্তিয়ে পেটৰ দায়ত কমলা দোকানীক শৰীৰৰ সিধা দিছে। কমলা ধনপতিৰ চাৱনিত যৌন- শোষণৰ, কথাত আৰ্থিক শোষণৰ স্পষ্টতা— “চকুত শগুনৰ চাৱনি, পাৰিলে যেন কুৰুকি কুৰুকি বুকুৰ আগ মঙহকে বাঁকুহি খায়”; “গুটিখিনি গুটি ভাগে আৰু বাকীখিনি ডাঙৰিৰ হিচাপত দিলেই হ’ব। কাতি নেউলী ধানৰ আৰু কি এনে দামটো!” (পৃ. ৩০)। ‘ঘঁৰিয়ালডাঙাৰ কথা’ গল্পৰো শেষত দেখা যায় শ্লেষাত্মক ইতিবাচকতা। সাম্প্ৰদায়িক সংঘৰ্ষৰ পাছত জামালউদ্দিন ছিদ্দিকিৰ পুৰণি অথচ প্ৰাণহীন, শ্লেষময় অতিৰঞ্জনৰ ধেমালি— “বিঘেত বিশ-বাইশ মোন হৱাৰ কথা। কি বা হয়!” (পৃ.

১৯২)

৩৬॥খোজৰ শব্দ