পৃষ্ঠা:Khojar Xabda.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অৰ্থত প্ৰকৃতিৰ সমাক্ষ ৰূপে নাৰীৰ প্ৰস্থিতিত আৱহমান কালৰ পৰা উপযোজিত হৈ অহা উৰ্বৰতা, সংবাহিতা আদি প্ৰপঞ্চৰ সাংস্কৃতিক তাৎপৰ্য স্থানচ্যুত হৈছে গল্পটোৰ বয়নত। প্ৰভাৱশীল এনে একোটাহঁত ধাৰণা যে শোষণ-শাসনৰো কাঠি-কামি সেয়া নাৰীবাদী অধ্যয়নে ইতিমধ্যে সাব্যস্ত কৰি গৈছে। হালোৱা সোণেশ্বৰৰ শৰীৰী নিৰ্যাসত সৃষ্টিক্ষম হৈ উঠা মানৱ-ভিন্ন জৈৱিকতাই জীৱনৰ অপ্ৰতিৰোধ্যতা প্ৰতীয়মান কৰিব এক নব্য অনুবন্ধৰ সূত্ৰ ধৰি। পাৰিপাৰ্শ্ব তত্ত্বৰ অতিসাম্প্ৰতিক দৃষ্টিকোণৰ উপৰি উত্তৰ-মানৱীয় দৰ্শনৰ আধাৰতো গল্পটো ফঁহিয়াই চোৱাৰ থল আছে যে কোৱা বাহুল্য মাথোঁ।

 ওপৰত লেখকৰ প্ৰমূল্যৰাজিত ন্যস্ত হৈ থকা সহজ-সৰল গ্ৰামীন সংস্কৃতিৰ প্ৰাণোচ্ছল ধাৰাটোৰ কথা কৈছোঁ যদিও কাহিনীৰ পটভূমি অনুসৰি মহানগৰৰ অলি- গলিৰো সমাৱেশ গুটিদিয়েক গল্পৰ বয়নত। ‘কালাৰ্ড জেৰক্স’ তেনে এটা গল্প। শেষৰ সংশ্লেষণত কথকৰ অনন্যতা প্ৰতিপন্ন কৰিব ‘বৃষভ সংহতি’ শীৰ্ষক শেষপৰ্বৰ নাতিদীৰ্ঘ গল্পটোৱে। কথন-কৌশলৰ বেলিকা দেখিছোঁ প্ৰায় প্ৰতিটো গল্পতে একধৰণৰ প্ৰত্যক্ষ উক্তি (mimetic mode)ৰ পয়োভৰ। চুটিগল্পৰ তাত্ত্বিকহেলমাত বন্হাইম প্ৰভৃতিয়ে সংলাপধৰ্মী অবয়বত পঢ়ুৱৈৰ সৈতে গাল্পিক আৱহৰ নৈকট্য স্থাপন হয় বুলি মন্তব্য কৰি গৈছে তেখেতৰ The Narrative Modes: Techniques of the Short Story (1986,p.52) শীৰ্ষক অধ্যয়নত। সাম্প্ৰতিক লেখকৰ ৰচনাত বাস্তৱ আৰু কাহিনী অথবা বিষয়বস্তু আৰু বহিৰংগৰ সাযুজ্য সাধনো সুচল হৈ উঠিছে কথনশৈলীৰ এনে ৰূপগত বিশিষ্টতাৰ মাধ্যমেদি। উপভাষিক বিচিত্ৰতাৰ কথা কৈছোঁৱেই; ফকৰা- যোজনাৰ বৈবিধ্য খাটনিয়াৰৰ গল্পৰাজিত আন এক সাংগঠনিক সম্পদ : ‘ঢিলা মাটিতহে বিড়ালীয়ে হাগে/টান পালে আপুনি ভাগে’, ‘মাছে নিচিনে নৈ/তিত্ৰীয়ে নিচিনে পৈ/কুকুৰে নিচিনে ৰাম তুলসী/ঠেং দাঙি মুতে গৈ’(বাঁকৰ সাধু’); ‘গড়গঞা মিতিৰৰ ভাও/মুখে বোলে থাক থাক/ ভৰিৰে হেঁচুকে নাও’ (বীৰা’) ইত্যাদি। শব্দ-বাক্য-বিন্যাসৰ মাজেদিয়েই গল্পকাৰে ব্যক্তিমনৰ দ্বন্দ্ব, অন্তৰ্জীৱনৰ সংঘাত- সংশয়ক ক্ষিপ্ৰতাৰে নিজ সৃষ্টিৰ চালিকাশক্তিত পৰিণত কৰাইছে। অভিজ্ঞতাৰ বহুমাত্ৰিকতাক যদি কোনোটোহঁতৰ ঘটনালানিত হাজোৰ মৰিয়া সম্প্ৰদায়ৰ লুপ্তপ্ৰায় বাকভংগিমাৰে উদঙাই দেখুওৱাৰ প্ৰয়াস কৰা হৈছে (‘চিতাৰ বুকুৰ জুই’ দ্ৰষ্টব্য), কোনোটোৰ কেন্দ্ৰীভূত মধ্যযুগৰ ভকতীয়া ঠেউকি—

“খৰকালি বাৰীৰ পুখুৰীত পানী নৰয়, চুৱা কাঁহী-বাতি ধুবলৈও নৈৰ পানী
লাগে। দেউতা ঈশ্বৰৰ পিছে বাৰীৰ মূৰে দিখৌৰ ঘাটে একে। তাকে যেনিবা
শেহৰখিনি গেজেপনি মৰা কাঠনি-বাঁহনি। সেয়ে বান্দী কেইজনীয়ে কলহ

খোজৰ শব্দ॥ ৮৩