পৃষ্ঠা:Khojar Xabda.pdf/১৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নদী বান্ধ চাবলৈ গৈছিলোঁ। গেৰুকামুখত জনসংযোগ বিষয়াক লগ ধৰাত তেখেতে সমগ্ৰ বান্ধ চাবলৈ আমাক সহায় কৰিছিল। সেই সময়তে খাটনিয়াৰ দাই মোক অৱসৰী শিক্ষক আৰু লিখক হিচাপে পৰিচয় কৰাইছিল। নিজে প্ৰাক্তন ভূবিজ্ঞানী। বান্ধ চাই ফুৰোঁতে তেখেতে মোক কৈছিল, স্থানীয় সৰু শিল ভাঙি বান্ধত ব্যৱহাৰ কৰা ঠিক নহ’ল। দক্ষিণ ভাৰতৰ অৰ্থাৎ ৰে’লৱে লাইনত দিয়া শিল দি বান্ধ বান্ধিব লাগিছিল। আৰু বহু কথা তেখেতে মোক কৈছিল –– অৰুণাচল আৰু অসমৰ হ’ব পৰা উপকাৰ আৰু অপকাৰৰ কথাবিলাক কৈ গৈছিল। বান্ধ চোৱাৰ পিছত সোৱণশিৰী নৈ পৰীয়া ৰাইজক বান্ধে কৰিব পৰা উপকাৰ আৰু অপকাৰৰ বিষয়ে মোক কৈ গৈছিল আৰু বান্ধৰপৰা আমি দুয়ো খোজকাঢ়ি গেৰুকামুখৰপৰা সোৱণশিৰী নদীৰ কাষে কাষে থকা গাঁওসমূহলৈ গৈছিলোঁ। তেখেতে বান্ধৰ বিষয়ে থকা ৰাইজৰ ধাৰণা সম্পৰ্কে মত বিনিয়ম কৰিছিল, নদীপৰীয়া গাঁওসমূহত বড়ো, মিচিং, জনগোষ্ঠী, অসমীয়া, নেপালী আদি ৰাইজৰ লগত কথা বিনিময় কৰি মৌৰিবেকণ গাঁৱত থাকি আমি পিছদিনা গোগামুখ আহি ঘৰমূৱা হ'লোঁ। বাটত সংগ্ৰহ কৰা তথ্যসমূহৰ আধাৰত তেখেতে নিশ্চয় প্ৰবন্ধ আদি লিখিছে, মই নাজানো।

 বিপুল দাৰ তাগিদাত মই কিতাপ পঢ়া-লিখাত গুৰুত্ব দিবলৈ ধৰোঁ, তেখেতৰ আঙুলিত ধৰি মই সৰু সৰু বিষয়বস্তুৰ ওপৰত চমুকৈ কেইটামান লেখা লিখিছিলোঁ, দাদাই মোৰ ঘৰৰপৰা গৈ ‘তাতলেজুং হাঙদেৱাৰ পাৰ তেলেনীলৈ’ বুলি নামকৰণৰে এখন সৰু কিতাপ মোৰ হাতত তুলি দি কিতাপখনৰ ‘আগকথা’ত মোৰ জীৱন সংগ্ৰামৰ লগতে মোৰ পৰিয়ালৰ চমু ইতিহাস লিখি মোৰ পৰিয়ালক ধন্য কৰি দিয়াত মোৰ পৰিয়াল তেখেতৰ ওচৰত চিৰঋণী হৈ থাকিব।

 দাদাৰ লগত আমি দুয়ো বহু ঠাই ফুৰাৰ কাৰণে কাৰ্যসূচী বনাইছিলোঁ, কিন্তু হঠাৎ তেখেতে ইমান সোনকালে আমাক এৰি থৈ যাব, মই ভবা নাছিলোঁ। তেখেতক ইমান সোনকালে হেৰুৱাই আমি সকলো পৰিয়ালৰ সদস্য শোকত মৰ্মাহত হৈছোঁ। ৰীণা বাইদেউ, ল’ৰা-ছোৱালী-বোৱাৰী সকলোৰে সৈতে আমাৰ পৰিয়ালবৰ্গই দুখৰ সমভাগী হোৱাৰ লগতে দাদাক শ্ৰদ্ধাৰে সুঁৱৰি অশ্ৰুসিক্ত নয়নেৰে মোৰ এই চমু লিখনি সামৰিলোঁ।

(লেখক 'নতুন সাহিত্য পৰিষদ’ৰ গহপুৰ শাখাৰ সম্পাদক)

১৯৪॥খোজৰ শব্দ