পৃষ্ঠা:Khojar Xabda.pdf/২৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নাছিল। তথাপি বিশ্বাস ৰাখিছিলোঁ তেওঁ ঘূৰি আহিবই। আন্ধাৰৰ মাজেৰে তেওঁৰ খোজৰ শব্দ শুনিম বুলি কাণ পাতি ৰ’লোঁ। মাজ ৰাতি হৈ গ'ল, অৱশেষত সেই শব্দ শুনিলোঁ। চকুপানীৰ বাদে ক’বলৈ মোৰ ভাষা নাছিল। তেওঁ ক’লে ওলাই আহোঁতে তিনিমান বাজিল, ৰৈ ৰৈ বাছ নাপালোঁ, এডোখৰ বাট অ’টোৰে, এডোখৰ ট্রাকেৰে, বাকীখিনি খোজকাঢ়ি আহিব লগা হ’ল বাবে পলম হ’ল। এনেবোৰ কথাত কিমান যে কষ্ট হয় তেওঁ নাভাবিছিল।

  বিয়াৰ দুবছৰ পিছত ল'ৰাটো আৰু তাৰো তিনিবছৰ পিছত ছোৱালীজনীৰ জন্ম হোৱাত আমাৰ সংসাৰ পৰিপূৰ্ণ হ'ল। ল’ৰাৰ জন্মৰ পিছত মই শুৱালকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষকৰ চাকৰিত নিযুক্তি পালোঁ। আমি দুয়ো ব্যস্ত হৈ পৰিলোঁ। সংসাৰখন কাম কৰা ছোৱালীৰ হাতত থৈ মই যাওঁ দূৰণিবটীয়া স্কুলখনলৈ। তেওঁ কেতিয়াবা ফিল্ডত থাকে। ঘৰত থাকিলে চাকৰি, লিখা-পঢ়া, সাহিত্য পৰিষদৰ কাম আদিত ব্যস্ত থাকে। মাজে সময়ে দুই তিনিবছৰৰ বাবে শাহু মা, শহুৰ দেউতা আহি আমাৰ লগত থাকে। মায়ে ছোৱালীজনী ডাঙৰ কৰাত যথেষ্ট সহায় কৰিলে। তাৰ মাজতে মই তিনিবছৰীয়া সংগীত নিপুণৰ পাঠ্যক্রম সম্পূর্ণ কৰিলোঁ। এবছৰীয়া বি এড ডিগ্রীও ললোঁ। মাজে মাজে ৰেডিঅ’ প্ৰগ্ৰেমো কৰোঁ। মুঠতে আমি দুয়ো নিজৰ নিজৰ কামত ব্যস্ত। তেওঁ কি লিখিছে, মই কি গাইছোঁ— কোনেও কাৰো ফালে চাবৰ সময় নাই। কিন্তু এটা কথা ঠিক যে আমি দুয়ো দুয়োকে নিজৰ নিজৰ কাম কৰিবলৈ সম্পূর্ণ স্বাধীনতা দিছিলোঁ। বৰং তেওঁ মোক ঘৰুৱা কামত সহায়হে কৰিছিল। এনেদৰে চলি থাকিল সংসাৰ।

 নতুন সাহিত্য পৰিষদৰ তেওঁ আছিল অক্লান্ত কৰ্মী। সাহিত্যৰ প্ৰগতিশীল সমাজ উত্তৰণৰ ধাৰাক আগুৱাই নিয়াটোৱে নতুন সাহিত্য পৰিষদৰ মূল লক্ষ্য। প্রতি শনিবাৰে গুৱাহাটীৰ নতুন সাহিত্য পৰিষদৰ অফিচত সদস্যসকল মিলিত হয় আৰু সাহিত্য পৰিষদৰ বিভিন্ন কাম-কাজৰ বিষয়ে পৰিকল্পনা কৰে। সাহিত্য পৰিষদৰ অফিচটো তেওঁৰ বাবে মন্দিৰ আছিল যেনহে লাগে। কেতিয়াবা কেতিয়াবা অফিচৰ ধূলিৰে ভৰা কিতাপ-পত্ৰবোৰ নিজে ঠিকঠাক কৰি কোঠাটো চাফচিকুণ কৰি আহে। অসমৰ বিভিন্ন ঠাইত চুকে-কোণে থকা নতুন সাহিত্য পৰিষদৰ সৰু সৰু শাখাসমূহে আয়োজন কৰা সাহিত্য আলোচনা সভাত তেওঁক প্ৰায়ে আমন্ত্ৰণ কৰে। তেনেবোৰ সভাত তেওঁ প্ৰস্তুতিলৈ আগ্ৰহেৰে উপস্থিত হয়গৈ।

 ২০০৬ চনৰ নতুন সাহিত্য পৰিষদৰ একাদশ সন্মিলনৰ (ৰূপালী বৰ্ষ) সময়ত তেওঁ পৰিষদৰ সম্পাদক আছিল। সেই সময়ত মোৰ শুৱালকুছি উচ্চতৰ মাধ্যমিক

২৬৬॥খোজৰ শব্দ