পৃষ্ঠা:Khojar Xabda.pdf/২৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আৰু কিছুমান বিষয় সামৰাৰ ইচ্ছা আছিল। উজনি আৰু নামনি অসমৰ খিলঞ্জীয়া মুছলমান আৰু অভিবাসী মৈমনচিঙীয়াসকলৰ সাম্প্ৰতিক জীৱন-পৰিক্ৰমাক বিষয়বস্তু হিচাপে লৈ লিখা গল্পবোৰৰ এটাকো ঠাই উলিয়াই দিব নোৱাৰিলোঁ সংকলনটোত।

আপুনি আমাৰ জনজাতীয় সমাজখনক লৈয়ো ভালেকেইটা গল্প লিখিছে। ইফালে অসমৰ পশ্চিম প্রান্তৰ সমাজখনক লৈও গল্প লিখিছে। তাৰে দুটামান গল্প এইখন সংকলনত আছে। সেইবিলাক ঠাইৰ সমাজ, সেইবিলাক ঠাইৰ জনজীৱনৰ সৈতে আপোনাৰ সম্পৰ্কটো—

□ আচলতে এই সকলোৰে মূলতে হ’ল মোৰ চাকৰিটো। মোৰ চাকৰিটোৱেই এনে যে ইচ্ছা কৰিলে মদ-ভাং খাই বিনা বাধাৰে পহু-চিকাৰ কৰিও কটাব পাৰি— আৰু ভ্ৰষ্টাচাৰ, শোষণ আৰু সন্ত্রাসে কোঙা কৰা সেই অঞ্চলবোৰৰ মানুহবোৰক, তেওঁলোকৰ জীৱনটোক হাতেৰে চুই চাবও পাৰি। এনেকৈ চাকৰি সংক্ৰান্তত ঘূৰি ফুৰোঁতে দেখিছোঁ— অৰণ্যবোৰ যোৱাটো শতিকাতে উদং হৈ পৰিল। অৱশিষ্টখিনি এতিয়া উগ্ৰপন্থীৰ মৌ-বাহ। পার্বত্য জিলা দুখনৰ সৰহখিনি মানুহ এতিয়াও আধাপেটীয়া আৰু উৰ্ধ উলংগ অৱস্থাতে আছে। আগতে মৌ চেপা দিছিল ভৈয়ামৰ আমোলা-বিষয়াই, এতিয়া শুহিছে তেজে-গুঁজে তেওঁলোকৰে আত্মীয়-স্বজনে। শোষণ আৰু বঞ্চনাৰ ৰূপ দুয়োখন পাহাৰীয়া জিলাতে অতি নগ্ন । দ্বিতীয়তে সাহিত্য সংগঠন নতুন সাহিত্য পৰিষদৰ কথাও ক’ব লাগিব। পৰিষদেও মোক ভিন্ন ঠাইৰ ভিন্ন মানুহৰ লগত ঘনিষ্ঠ হোৱাৰ সুযোগ দিছে। সংগঠনটোৰ ড্ৰেশমান শাখাৰ অন্ততঃ দুকুৰিমান এতিয়াও সক্রিয়। অসমৰ পূৱত ডিগবৈ আৰু পশ্চিম প্ৰান্তৰত উত্তৰপাৰে চক্ৰশালৰ গাতে লগা হালাকুৰা আৰু দক্ষিণপাৰে মানকাচৰ। এই শাখাবোৰৰ লগত থকা যোগাযোগ আৰু শাখা মুখপত্ৰবোৰৰ সৈতে থকা আত্মীয়তায়ো মোক বহু সহায় কৰিছে গল্পৰ সমল বোটলাত। মোৰ শিক্ষাগুৰু প্ৰণৱজ্যোতি ডেকাৰপৰাও যথেষ্ট সহায় পাইছোঁ। তেওঁৰ তীৰ্ষক সমালোচনা সহিব পাৰিলে বহু কথা সহজ হৈ পৰে।

কিতাপখনৰ প্ৰচ্ছদত ভৱকান্ত শইকীয়া নামৰ গোলাঘাটৰ শিল্পী এগৰাকীয়ে অঁকা এখন পেইণ্টিং ব্যৱহৃত হৈছে। চাৰিটা ভিন্ন লিংগী, ভিন্ন বয়সী মুখ-ভঙ্গীৰ অৱয়ব আছে— যেন এটা পৰিয়াল— এই পেইন্টিংখনত। প্রথম দৃষ্টিতে একধৰণৰ আতংক, বিস্ময় আৰু বিষাদ ভাব কঢ়িয়াই আনে পেইন্টিংখনে। এই ছবিখন কিতাপখনৰ বাকলি পিঠিত দি আপুনি ‘ভিন্ন জীৱন ভিন্ন কথকতা’ৰ গল্পবোৰত

খোজৰ শব্দ॥২৯১