পৃষ্ঠা:Khojar Xabda.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সুহৃদসকলৰ সমাগমে পৰস্পৰৰ চকু-মুখত পোহৰৰ আৱেশ আনিছে। ঘোষক- ঘোষিকাৰ হাতত পৰিকল্পিতভাৱে লিখিত ঘোষণা পত্ৰ। সমৱেত সংগীতেৰে আৰম্ভ হৈছে কাৰ্যসূচী—

“মানুহক মানুহৰ দৰে পাবৰ বাবেই
ওৰেটো জীৱন বাটৰ অন্বেষণ
ৰূপান্তৰৰ গীত-কবিতা-চিত্ৰ বিচাৰি
অহৰ্নিশে কৰে যিয়ে অনুশীলন
পৰে পৰে দি ডাক
প্ৰণামো তোমাক....।”

 জীৱনৰ বিয়লি বেলাতো দৃঢ় মুষ্টিবদ্ধ হাতেৰে প্ৰগতিৰ ধ্বজাখন লৈ ফুৰা ৰায়চৌধুৰীয়ে উন্মোচন কৰে ‘যুগাগ্ৰগামী’। উমা শৰ্মাৰ আত্মজীৱনী ‘বাট বুলি বুলি’ উন্মোচন কৰে মনোৰমা শৰ্মাই। বিপুল খাটনিয়াৰ আৰু সমীন্দ্ৰ হুজুৰিয়ে ক্ৰমে ‘প্ৰগতিশীল যোদ্ধা উমা শৰ্মাৰ জীৱন পৰিক্ৰমা’ আৰু ‘মতাদৰ্শ সংগ্ৰামত উমা শৰ্মাৰ সাহিত্য’ বিষয়ত বক্তৃতা প্ৰদান কৰে। ৰীণা ৰায় খাটনিয়াৰৰ সুৱদি কণ্ঠৰ গীতে অনুষ্ঠানৰ সৌষ্ঠৱ বঢ়ায়।

 পাঠকৰ মনলৈ হয়তো প্ৰশ্ন আহিব— বিপুল খাটনিয়াৰৰ বিষয়ে ক’বলৈ গৈ এনেবোৰ কথা কিয় তৰিবলগা হ’ল? এইবাবেই ক’বলগা হ’ল যে, তেখেতক লগ পোৱা দিনৰেপৰা আমাৰ সম্পৰ্ক ব্যক্তিগত স্তৰতে থকা নাছিল; তেওঁ ‘সদিচ্ছা’ৰ প্ৰাণ-প্ৰবাহৰ অংশীদাৰ হৈ পৰিছিল।

 প্ৰতিদিনে তেখেতৰ চিন্তা আৰু কৰ্মৰ খবৰ পাইছিলোঁ। খবৰ পাইছিলোঁ অনিল ৰায়চৌধুৰীৰ ৰচনাৱলীৰ কাম চলিছিল অবিৰত। মাজে মাজে ফোনত সাধাৰণভাৱে ৰোগৰ কথাও কৈছিল। তাৰ মাজতে পুত্ৰ-কন্যাৰ বিয়াও হ’ল। ইমান সহজতে আঁতৰি যাব বুলি ভাবিবই পৰা নাছিলোঁ। এদিনো ৰোগগ্ৰস্ত মানুহজনৰ কাষত থিয় হ’ব নোৱাৰিলোঁ। কিবা যেন আধৰুৱা হ’ল!

 অহৰ্নিশে যুঁজি যুঁজি নিজকে গঢ়ি তোলা শিৰ উচ্চ মানুহৰ সংখ্যা এইখন সমাজত বৰ কম। সুবিধাবাদৰ কবলত পৰি গৰিষ্ঠসংখ্যকে আপোন ব্যক্তিত্বক অৱনমিত কৰে। শিৰ উচ্চ মানুহে শুই থকাজনক জগাই দিয়ে, বহি থকাজনক থিয় কৰাই দিয়ে আৰু থিয় হৈ থকাজনক গতি দিবলৈ আমৰণ যুঁজে। এনে এজন যুঁজাৰু আছিল খাটনিয়াৰ। তেওঁক হেৰুৱাই আমাৰ সমাজৰ কিমান ক্ষতি হ’ল, সেই হিচাপ আমি কৰিব পাৰিমনে?❐

(লেখক এগৰাকী বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক)

খোজৰ শব্দ॥১৩৫