পৃষ্ঠা:Khojar Xabda.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিয়ম নাই; সেয়ে তেওঁলোকে প্ৰখৰ ৰ’দৰ পৰা তালুখন বচাই মূৰত ছাটি এটা লৈ আগে আগে যায়...’)। আনহাতে, বানে জুৰুলা কৰিছে গোসাঁই প্ৰভুৰ জীৱন শৈলীও (‘ধুতিৰ আঁচল বা কান্ধৰ গামোচাৰে মুখখন মোহাৰি কয়, কি ক’বা আই! বানে সৰ্বনাশ কৰিলে, মাজুলি এতিয়া মৰিশালী; সেয়ে ভকতসৱৰ কাষ চাপিছোঁ ধান- চাউল একঠা বিচাৰি’)। সেইদৰে, যাৰ ঘৰৰ পদূলিত গোসাঁই প্ৰভুৰ পদধূলা পৰিছে সেই গৰাকী বুটী নামৰ মহিলা গৰাকীৰ মুখৰ ভাষা : ‘প্ৰভু! মোৰ ছোৱালীজনীক আপুনি এই কেইদিন নিশ্চয় লক্ষ্য কৰিছে। বৰ লক্ষণীয়া ছোৱালী তাই; সোতৰ গৰকী এই আহিনে ওঠৰত ভৰি দিছে। আমি মাক-জীয়েক দুয়োজনীয়ে মিলি পাঁচ পুৰা মাটিত ৰোৱা-তোলা কৰোঁ; তাৰে দুপুৰা আধি মাটি। ... তাইক আপুনি নিজৰ সন্তান বুলি তুলি লওক প্ৰভু!’ অৰ্থাৎ, এনে জ্বলন্ত পৰিৱেশ চিত্ৰণৰ যোগেদি গল্পকাৰে গোসাঁই প্ৰভু আৰু নিঃস্ব ৰাইজৰ দুৰ্দশাৰ সাদৃশ্য নিপুণ ৰূপত তুলি ধৰিছে। খাটনিয়াৰৰ গল্পৰ পৰিৱেশ চিত্ৰণৰ আন এক লক্ষণীয় দিশ হৈছে প্ৰাকৃতিক ঘটনা-প্ৰৱাহৰ অপৰূপ বৰ্ণনাৰ সৈতে কাহিনীক সজীৱ কৰি তোলা। প্ৰতিটো গল্পতে কম-বেছি পৰিমাণে সেইয়া পাঠকৰ চকুত নপৰাকৈ নেথাকে। ‘বাৰদৈ-চিয়া’ গল্পত যথাৰ্থ উদাহৰণ : ‘আবৌৰ দুখতে দুখী হৈ যেন আকাশখনেও কলহৰ কাণে পানী ঢালিছে। মাজে মাজে অকণমান শাম কটা যেন কৰে, আকৌ আহে জিপ্ জিপ্‌কৈ’। সেইদৰে একেটা গল্পতে : ‘জাৰৌপ জাৰৌপকৈ বেৰত কোব খাই আচাৰকণিবোৰ ভিতৰৰ ফালে লোৰ বৈ আহিছে, উৰুখা চালিৰে সুমোৱা বৰষুণে চৌকাটোও উপচাই পেলাইছে’৷ ‘গেন্ধা ফুলৰ পাহি’ৰ আৰম্ভণীটো : ‘পুৱতি নিশা এজাক কিন্ কিনিয়া বৰষুণ নামিল আৰু বৰষুণজাকৰ মাজতে কলঘৰত হুইচেলটোও ৰৈ ৰৈ বাজিব ধৰিলে। আন দিনাখন হোৱা হ’লে ‘দচ নম্বৰ লাইন’ৰ চুকৰামৰ বেটী মিনিয়ে ছুই কোচ খোৱা কুমজেলেকুৱাটোৰ দৰে এতিয়াও তক্তা পোছখনতে ঘোঁটাই থাকিলেহেঁতেন। কিন্তু আজি নিচুকণি গীতজোৰা বৰষুণ জাকেও মিনিক ধৰি ৰাখিব নোৱাৰিলে।’ এক কথাত ক'বলৈ গ’লে খাটনিয়াৰৰ গল্পৰ পৰিৱেশৰ বৰ্ণনা চিনেমাৰ ৰূপালী পৰ্দাৰ দৰে। গতিকেই, পাঠকে গল্পটো পঢ়িবলৈ আৰম্ভ কৰি দিলেই সামৰণি নকৰি নোৱাৰে।

 এই গল্পকাৰজনৰ গল্পৰ অন্যতম শক্তিশালী দিশ এটা হ’ল সংলাপৰ প্ৰয়োগ। গল্পবোৰত ব্যৱহৃত সংলাপবোৰৰ বৈচিত্ৰ্যময় ৰূপ পোৱা যায়। কোনোটো সংলাপ

চুটি। কোনোটো কিছু দীঘলীয়া। কোনোটো ইংগিতধৰ্মী। কোনোটো কাব্যিক।

৬৪॥ খোজৰ শব্দ