পৃষ্ঠা:Khojar Xabda.pdf/১৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ইয়াৰ পিছত বিপুল খাটনিয়াৰৰপৰা সঘনে দিহা-পৰামৰ্শ পাই থাকিবলৈ ধৰিলোঁ। ২০০১ খ্ৰী:ৰপৰা নতুন সাহিত্য পৰিষদৰ ৰাজ্যিক কমিটিৰ সদস্য মনোনীত হোৱাৰ পিছৰপৰা তেওঁক প্ৰায়ে বিশেষকৈ ৰাজ্যিক বৈঠক, সন্মিলন, নলবাৰী আঞ্চলিক সমিতিৰ সভা আৰু মুকালমুৱা শাখাৰ সভা-বৈঠক আদিত লগ পাবলৈ ধৰাত দিহা-পৰামৰ্শৰ চোক বৃদ্ধি পালে। আমাৰ বৰক্ষেত্ৰী অঞ্চলৰ সামাজিক- সাংস্কৃতিক বিষয়ক গ্ৰন্থ ‘বৰক্ষেত্ৰীৰ ৰূপৰেখা’ পাণ্ডুলিপি অৱস্থাতে নিজে চাই-চিতি প্ৰকাশৰ বাবে উদ্‌গনি দিয়াৰ লগতে প্ৰথিতযশা সাহিত্যিক অনিল ৰায়চৌধুৰী, বিশিষ্ট কবি সমীন্দ্ৰ হুজুৰিৰ দ্বাৰাও চাই-চিতি লোৱাৰ পৰামৰ্শ আগবঢ়াইছিল, যি পৰামৰ্শ আমি পালন কৰিহে গ্ৰন্থখন ছপাশালত দিছিলোঁ। আনন্দৰ কথা এইয়ে যে গ্ৰন্থখন প্ৰকাশ হোৱাৰ পিছত গ্ৰন্থখন বৰক্ষেত্ৰী বিষয়ক এখন বিশিষ্ট গ্ৰন্থৰূপে চিহ্নিত হৈছে আৰু বৰক্ষেত্ৰীৰ অতীত-বৰ্তমান বিষয়ক এখন আধাৰগ্ৰন্থ হিচাপে স্বীকৃত হৈছে।

 বিপুল খাটনিয়াৰ আছিল এগৰাকী দক্ষ সাহিত্য সংগঠক। তেওঁৰ দক্ষতা প্ৰতিভাত হয় ৰাজ্যিক বৈঠক, সন্মিলন, আলোচনাচক্ৰ, গ্ৰন্থ প্ৰকাশ আৰু শাখাসমূহৰ লগত ৰখা সম্পৰ্কবোৰত। ২০০৬ খ্ৰী:ত নতুন সাহিত্য পৰিষদৰ প্ৰথম নলবাৰী জিলা সন্মিলন অনুষ্ঠিত হয় — ‘বৰক্ষেত্ৰী শাখা’ৰ উদ্যোগত ‘বৰক্ষেত্ৰী মহাবিদ্যালয়’ত। এই সন্মিলনৰে মুকলি সভাত প্ৰসিদ্ধ সাহিত্যিক, চিন্তাবিদ শশী শৰ্মাক ‘বৰক্ষেত্ৰী শাখা’ৰ তৰফৰপৰা ‘গণবন্ধু’ উপাধি প্ৰদান কৰা হয়। সেই সন্মিলনৰে মুকলি সভা আৰু প্ৰতিনিধি সভালৈ আহিছিল বিপুল খাটনিয়াৰ। তেওঁ গুৱাহাটীৰপৰা মুকালমুৱা চ’কত গাড়ীৰপৰা নামি কাকো খবৰ নকৰাকৈ পথৰুৱা বাটেৰে আহি প্ৰতিনিধি সভাত উপস্থিত হৈছিল। আকৌ প্ৰতিনিধি সভাত জিলা কমিটি গঠন কৰাৰ ক্ষেত্ৰত বিশিষ্ট ভূমিকা লৈছিল। তেওঁ প্ৰতিনিধিসকলক আমাক সম্পাদক মনোনীত কৰিবলৈ পৰামৰ্শ আৰু যুক্তি দৰ্শাইছিল। আমি সম্পাদকৰ দায়িত্ব ল’ব নিবিচৰাত তেওঁ বাৰে বাৰে আমাক দায়িত্ব ল’বলৈ অনুৰোধ কৰিছিল। আমি ল’বলৈ অপাৰ্গতা প্ৰকাশ কৰাত তেওঁ আমাক মৰমসনা সকীয়নি দিছিল, ‘আপুনি জিলা সম্পাদকৰ দায়িত্ব নল’লে, আপোনাৰ ৰাজ্যিক সদস্যপদ খাৰিজ কৰা হ'ব।

 ইমানৰ পিছতো সেইবাৰ আমাৰ ব্যক্তিগত অসুবিধাৰ বাবে দায়িত্ব লোৱা নহ’ল। অৱশ্যে পৰৱৰ্তী সময়ত দুটা কাৰ্যকালৰ বাবে আমি সভাপতিৰ পদ ল’বলৈ বাধ্য হৈছিলোঁ।

 আমাৰ প্ৰথম প্ৰকাশিত পুথি হ’ল ‘ডেউকা ভগা পখীৰ ক্ৰন্দন’— চুটিগল্পৰ সংকলনখন। পুথিখন প্ৰকাশ পাইছিল ২০০১খ্ৰী:ৰ ছেপ্টেম্বৰ মাহত। পাতনি লিখিছিল

প্ৰথিতযশা সাহিত্যিক তথা আমাৰ শিক্ষাগুৰু শশী শৰ্মাই। সংকলনখন পাঠকসমাজেও

খোজৰ শব্দ॥ ১৯১