পৃষ্ঠা:Khojar Xabda.pdf/১৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিপুল খাটনিয়াৰ : এক বিষাদ-বিধুৰ সোঁৱৰণ

ৰবীন্দ্ৰ কুমাৰ দাস

হঠাৎ খবৰটো পাইছিলোঁ— সতীৰ্থ বিপুল খাটনিয়াৰৰ জীৱন্ত শৰীৰ আৰু ইহ সংসাৰত নাই। ততাতৈয়াকৈ তেওঁৰ নশ্বৰ দেহৰ কাষলৈ ঢাপলি মেলিছিলোঁ। অসুস্থ বুলি গম পাই দুই নে তিনিসপ্তাহ আগত তেওঁৰ ঘৰলৈ গৈছিলোঁ। লাখুটিত ভৰ দি তেওঁ ভিতৰৰ পৰা ওলাই আহিছিল। সোঁহাতেৰে লাখুটিডালৰ মূৰত ধৰি থাকি মোৰ ফালে নোচোৱাকৈ প্ৰায় তলমূৰকৈ তেওঁ মোৰ সমুখত বহিছিল, লাহে লাহে দুৰ্বল শৰীৰ আৰু অসুখৰ কথা কৈছিল, পত্নী ৰীণা খাটনিয়াৰক শেহতীয়াকৈ ওলোৱা ‘হাৱা ভাল চলা নাই’ গ্ৰন্থখনৰ কপি এটা মোক দিবলৈ দুবাৰকৈ সোঁৱৰাই দিছিল। তেওঁৰ বৰ কষ্ট হৈছিল। মই বেছি সময় তেওঁৰ লগত কথা পাতি থাকিবলৈ অপ্ৰতিভ হৈছিলোঁ। তেওঁক বিছনাত জিৰণি ল’বলৈ কৈছিলোঁ। তেওঁ লাহে লাহে উঠি গৈছিল। এটা গধুৰ মন লৈ মই ঘৰলৈ উভতিছিলোঁ।

 ১৯৮০ চনৰ ঘটনা। চাকৰিসূত্ৰে উত্তৰ লখিমপুৰত আছিলোঁ। কিবা কামত গুৱাহাটীলৈ আহিছিলোঁ। বিদেশী বহিষ্কাৰৰ দাবীত ইতিমধ্যে অসম আন্দোলন আৰম্ভ হৈ গৈছিল, এক উত্তাল পৰিস্থিতি। বাঁওপন্থী আৰু গণতান্ত্ৰিক প্ৰগতিশীল চিন্তাৰ লগত যুক্ত লোক অ’ত-ত’ত মুক্তভাৱে গমনাগমন কৰাটো অছিল চিন্তাৰ বিষয়। সাৱধান নহ’লে ক’ত, কেতিয়া আন্দোলনকাৰীৰ ৰোষত পৰিব লাগে, অপদস্থ হ’ব লাগে, মাৰ খাব লাগে আনকি জীৱনো হেৰুৱাব লাগে তাৰ কোনো ঠিকনা নাছিল। বাঁওপন্থী ৰাজনীতি কৰা, প্ৰগতিশীল-গণতান্ত্ৰিক চিন্তাধাৰাৰ সাহিত্য-সংস্কৃতিৰ লগত যুক্ত হোৱা, সংগ্ৰামী ট্ৰেড ইউনিয়ন কৰা লোক মানেই বিদেশী বহিষ্কাৰৰ বিৰোধী— সেই প্ৰচাৰ তেতিয়া তুংগত। তেওঁলোকৰ বাবে সেই সময় আছিল অতি সংকটজনক, প্ৰতিটো মুহূৰ্তই এক উদ্বেগৰ সময়। অসম আন্দোলনৰ প্ৰায় আৰম্ভণিৰ পৰাই বিদেশী বহিষ্কাৰৰ শ্লোগানৰ লগে লগে বাঁওপন্থীবিৰোধী বিশেষকৈ চি পি আই (এম) বিৰোধী শ্লোগানো সমানেই সক্ৰিয় হৈ উঠিছিল। প্ৰথম দিনাই চাইকেলেৰে অফিচলৈ যাওঁতে ৰাস্তাৰ পিচ্ছত লিখা শ্লোগান এটা পঢ়ি হতভম্ব হৈছিলোঁ। ডাঙৰ আখৰেৰে পিচ্ছত লিখা আছিল ‘চি পি আই(এম)ক জীয়াই জীয়াই কবৰ দিয়ক’ বুলি। বিদেশী বহিষ্কাৰৰ

খোজৰ শব্দ॥১৭৭