পৃষ্ঠা:Khojar Xabda.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অসমীয়া প্ৰগতিশীল সাহিত্যৰ পথিকৃত

অনন্ত কলিতা

অসম আন্দোলনৰ ভৰপক সময়ত অৰ্থাৎ ১৯৮০ চনৰ পৰা ৮৩ চন মানলৈ বিপুল খাটনিয়াৰক অতি ঘনিষ্ঠভাৱে পাইছিলোঁ। তেওঁ মোৰ বাসভৱনৰ কাষৰ ঘৰটো ভাড়াত লৈ তেওঁৰ দুজন সহকৰ্মীৰ সৈতে বাস কৰিছিল। বিপুল খাটনিয়াৰ মোৰ দৃষ্টিত সহজ-সৰল লোক আছিল আৰু থাকিছিলোঁ খুব সাধাৰণভাৱে৷ মই লক্ষ্য কৰিছিলোঁ খাটনিয়াৰ অতি অনুসন্ধিৎসু মনৰ লোক আছিল। খাটনিয়াৰৰ আলোকচিত্ৰখনে সৰল, উদাৰ, নিৰ্জু, নিষ্ঠাৱান লোকৰ ধাৰণাটোকে প্ৰকাশ কৰে। চাহবাগানত জন্মগ্ৰহণ কৰা বিপুল খাটনিয়াৰে নিজ চকুৰে দেখিছে শ্ৰেণীভেদৰ বৈষম্য, স্বাৰ্থতন্ত্ৰৰ নিদাৰুণ যথেচ্ছাৰ। প্ৰতিযোগী জীৱন-যাত্ৰাৰ অহৰহ দ্বন্দ্বই ক্ষত-বিক্ষত কৰা সেই গণতন্ত্ৰৰ ধৰ্মটোৱে খাটনিয়াৰক মাৰ্ক্সবাদৰ প্ৰতি আকৰ্ষিত কৰিছিল আৰু মাৰ্ক্সবাদী হৈয়েই আছিল মৃত্যুৰ দিনালৈকে। কিন্তু এজন গল্পকাৰ হিচাপে সামাজিক সাধ্য আৰু সাৰ্থকতাক বাদ দি তেওঁ কেতিয়াও ৰাজনীতিৰ তাৎপৰ্য্য বিচৰা নাছিল। তেওঁৰ লিখনি যুক্তিসংযম সত্যৰ দ্বাৰা সুনিৰ্দিষ্ট আকাৰবদ্ধ। ৰাজনীতিৰ লগত শিল্প-সাহিত্যৰ কোনো বিৰোধ নাই। ৰবীন্দ্ৰনাথ ঠাকুৰ বা কাজী নজৰুল ইছলাম কোনো ৰাজনৈতিক দলৰ লগত যুক্ত নথকাকৈ পথত নামি ৰাজনীতি কৰিছিল। নজৰুলে এবাৰ নিৰ্বাচনত থিয় হৈছিল, কিন্তু ৰবীন্দ্ৰ নাথে কেতিয়াও ৰাজনৈতিক নেতা হ’ব খোজা নাছিল, যদিও তেখেতৰ ক্ষুৰ্ধাৰ লিখনিয়ে ব্ৰিটিছ পাৰ্লামেণ্টক তথা সমস্ত বিশ্বৰ ফেচিবাদী শক্তিক কঁপাই তুলিছিল। দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ পাছত ভাৰতীয় গণনাট্য সংঘ প্ৰতিষ্ঠিত হৈছিল। পণ্ডিত ৰবিশংকৰৰ সুৰেৰে ইকবালৰ লেখা ‘ছাৰে জাঁহাছে আচ্ছা’ গানটো ভাৰতীয় গণনাট্য সংঘৰ উদ্বোধনী গীত হিচাপে গোৱা হৈছিল। মুম্বাই আৰু কলকতাৰ চিত্ৰজগতৰ বন্ধু শিল্পী, সংগীত পৰিচালক, থিয়েটাৰ জগতৰ বহু অভিনেতা-অভিনেত্ৰী ক’বলৈ গ’লে এক সংখ্যাগৰিষ্ঠ অংশ ভাৰতীয় গণনাট্য

১২০॥খোজৰ শব্দ