পৃষ্ঠা:Khojar Xabda.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 বিপুল খাটনিয়াৰ এনে জন্মগত সক্ষমতাৰে সমৃদ্ধ আছিল, নহ'লে অসমৰ বিভিন্ন ঠাইৰ নানান অৱদমিত জনগোষ্ঠীৰ ৰাজনীতি-জনিত আৰু ৰাজনীতি-জড়িত সমস্যাসমূহ তেওঁৰ বাবে কেৱল তথ্য হৈ থাকিলহেঁতেন। সেইবোৰ হৃদয়েৰে উপলব্ধি কৰি, প্ৰগতিশীল দৰ্শনৰ আতচী কাচেৰে পৰীক্ষা কৰি, অৱদমিতৰ সপক্ষে আৰু আধিপত্যশালীৰ বিৰুদ্ধে নিৰৱচ্ছিন্নভাৱে মাত মাতি যাব পৰাটো ৰাজনৈতিক লেখক হিচাপে তেওঁৰ বিশেষ কৃতি। ৰাজনৈতিক লেখক হিচাপেই তেওঁ বিভিন্ন গল্পত দেশ বিভাজন, গোষ্ঠীগত পৃথকীকৰণ, ধৰ্মীয় মেৰুকৰণ, সাম্প্ৰদায়িক সংঘৰ্ষ, মূল্যবোধৰ অৱক্ষয়, অসম চুক্তি ৰূপায়ণৰ ব্যৰ্থতা, দুৰ্নীতি-ভ্ৰষ্টাচাৰ, বহুজাতিক কোম্পানীৰ আগ্ৰাসন আদি বিভিন্ন বিষয় বিশ্লেষণ কৰি চাইছে আৰু সম্ভৱ স্থলত প্ৰচুৰ ব্যংগৰ সংযোগ ঘটাইছে।

 খাটনিয়াৰৰ দৃষ্টি পিছে কেৱল অসমতে আবদ্ধ নহয়৷ কেইবাটাও গল্পত তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যসমূহৰ পিনে দৃষ্টি দিছে, যেনে ‘মিজোজাই’ত মিজোৰামৰ পিনে, ‘দখাৰ’ত মেঘালয়ৰ পিনে। কেতবোৰ গল্পত বাংলাদেশৰ জন্মৰ প্ৰসংগ পুনৰাবৃত্ত হৈছে জনগাঁথনিৰ পৰিৱৰ্তনৰ প্ৰেক্ষাপটত। ‘সীমান্ত পথৰ গল্প’ত আন্তঃ- ৰাষ্ট্ৰীয় প্ৰসংগই ঠাই পাইছে। দেশৰ সীমা যে অমিতাভ ঘোষে The Shadow Lines উপন্যাসত কোৱাৰ দৰে কিছুমান ছায়াৰেখাহে, সেইবোৰে যে হৃদয়বোৰ ফাল ফাল কৰি পেলালে, আৰু সেইবোৰৰ ইপাৰ-সিপাৰ যে একেই মানৱীয় অনুভূতিৰে পাৰ ওপচা হৈ আছে, তাকে তাত দেখুওৱা হৈছে—

“পথৰ গাতে লগা ঘৰ ভৱমোহনৰ। লগা মানে আৰু কি? ৰাস্তা যেতিয়া
পোনালে, ভৱমোহনৰ গা-ধোৱা ঘৰ আৰু আৰু ৰান্ধনিশাল পৰিল সিপাৰে,
এইপাৰে ৰ'ল চ’ৰাঘৰ আৰু শোৱনিকোঠা। চেতালখন হ’ল মাজে মাজে
দুফাল?
 ভৱমোহনৰ হৃদয়খনো যেন পথটোৱে কুঠাৰৰ ঘাপৰ দৰে ঘপিয়াই
দুচেও কৰিলে, এফাল সিফালে, এফাল ইফালে।” (ভিন্ন জীৱন ভিন্ন
কথকতা, পৃ. ১৬৩)

 ভূতত্ত্ব-নৃতত্ত্ব-ৰাজনীতিৰ বাহিৰেও ইতিহাস খাটনিয়াৰৰ বিশেষ অস্ত্ৰ। সেই অস্ত্ৰ কেতিয়াবা ৰাজনৈতিক অৱস্থা নিয়াৰিকৈ চালি-জাৰি চোৱাৰ উদ্দেশ্যত আৰু কেতিয়াবা শাণিত প্ৰতিপাদ্য হিচাপে ব্যৱহৃত। কিছুমান গল্পত, যেনে ‘গঁৰাল’ত ইতিহাস তিমানকৈ নাই। ‘গঁৰাল’ এটা ব্যংগ গল্প— য’ত বিদেশত কোম্পানীত কাম কৰা ল’ৰা এটাই কেইবা বছৰৰ মূৰত অসমৰ গাঁৱৰ ঘৰলৈ উভতি আহি পেট পেলাই শুইছে। শিৰোনামৰ যোগেদি প্ৰকাশ কৰা ব্যংগ কোম্পানীৰ ব্যস্তময় জান্তৱ জীৱনৰ

প্ৰতি।

৩৮॥খোজৰ শব্দ