পৃষ্ঠা:Khojar Xabda.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভূতত্ত্ববিদ হিচাপে অসম চৰকাৰৰ চাকৰি লৈ চাকৰিৰ খাতিৰতে অসমৰ পৰ্বত, ভৈয়াম আদি বিভিন্ন স্থানলৈ যাব লগা হৈছিল যদিও বুকুত বান্ধি লৈ গৈছিল যেন ‘নতুন সাহিত্য পৰিষদ’ৰ জীউটো। আগতেই কৈছোঁ যে ‘নতুন সাহিত্য পৰিষদ’ৰ জন্মলগ্নৰে পৰা জড়িত বিপুল খাটনিয়াৰে ১৯৮১ চনত গুৱাহাটীত অনুস্থিত হোৱা নতুন সাহিত্য পৰিষদৰ প্ৰথম ৰাজ্যিক সন্মিলনত যুটীয়া সম্পাদক, ১৯৮৪ চনত নলবাৰীত অনুস্থিত হোৱা দ্বিতীয় ৰাজ্যিক সন্মিলনত যুটীয়া সম্পাদক, ১৯৮৬ চনত গুৱাহাটীত অনুস্থিত তৃতীয় ৰাজ্যিক সন্মিলনত যুটীয়া সম্পাদক, ১৯৮৮ চনত অনুস্থিত ঘিলামৰা অধিৱেশনত সহকাৰী সম্পাদক, ১৯৯০ চনত নামৰূপত অনুস্থিত অধিৱেশনত কাৰ্যালয় সম্পাদক, ১৯৯২ চনত অনুস্থিত বিশ্বনাথ চাৰিআলিত অনুস্থিত অধিৱেশনত সম্পাদক, ১৯৯৪ চনত লংকাত অনুস্থিত অধিৱেশনত সম্পাদক, ১৯৯৬ চনত গুৱাহাটীত অনুস্থিত গুৱাহাটী অধিৱেশনত সহঃ সম্পাদক, ১৯৯৮ চনত সৰভোগত অনুস্থিত অধিৱেশনত কোষাধ্যক্ষ, ২০০১ চনত ডিগবৈত অনুস্থিত অধিৱেশনত কাৰ্যালয় সম্পাদক, ২০০৪ চনত গুৱাহাটীত অনুস্থিত (ৰূপালী জয়ন্তী বৰ্ষ) অধিৱেশনত কাৰ্যালয় সম্পাদক, ২০০৯ চনত শিৱসাগৰত অনুস্থিত অধিৱেশনত কোষাধ্যক্ষ, ২০১১ চনত গোলাঘাটত অনুস্থিত অধিৱেশনত কোষাধ্যক্ষ হিচাপে গুৰুত্বপূৰ্ণ পদত অধিস্থিত হৈ নিয়াৰিকৈ সংগঠনৰ বৃহত্তৰ স্বাৰ্থত কাৰ্য সম্পাদন কৰি গৈছিল।

 সত্তৰ দশকটো বিশ্ব ৰাজনীতিৰ এটা উল্লেখযোগ্য বছৰ। পৃথিৱীৰ বিভিন্ন দেশৰ লগতে ভাৰত তথা অসমকো অস্থিৰ ৰাজনৈতিক বাতাবৰণে সমানেই স্পৰ্শ কৰি গৈছিল। মাৰ্ক্সীয় দৰ্শনেৰে পৰিপুষ্ট এচাম ডেকাই সমাজ পৰিৱৰ্তনৰ স্বপ্ন লৈ হাতৰ কলমটোকে তৰোৱালৰ দৰে শাণিত কৰিছিল। জনসাধাৰণৰ শ্ৰেণী চেতনা জাগ্ৰত কৰিবলৈ সাহিত্য সংস্কৃতিৰ যোগেদি নতুন পৃথিৱীৰ সন্ধান দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছিল। অন্যহাতেদি জৰুৰীকালীন অৱস্থাই ভাৰতবৰ্ষৰ সকলোশ্ৰেণীৰ লোকৰ গণতান্ত্ৰিক অধিকাৰ, সংবিধান প্ৰদত্ত অধিকাৰ, আইন প্ৰদত্ত অধিকাৰ খৰ্ব কৰাৰ উপৰিও ফেচীবাদী নিকৃষ্ট পন্থাৰে প্ৰতিবাদী সকলৰ কণ্ঠৰুদ্ধ কৰাই নহয় কাৰাৰুদ্ধও কৰিছিল। তেনে সময়তে বিপুল খাটনিয়াৰে অন্যান্য প্ৰগতিশীল লেখকসকলৰ লগতে সাহিত্য জগতত প্ৰৱেশ কৰিছিল। সাহিত্য পৰিষদৰ সুদীৰ্ঘদিন গুৰুত্বপূৰ্ণ বাব লৈ সাংগঠনিক দক্ষতা, নতুন সাহিত্যৰ প্ৰতি থকা ঐকান্তিকতা আৰু নিজৰ আদৰ্শৰ প্ৰতি থকা গভীৰ আস্থা আৰু উৎসৰ্গিত প্ৰাণৰ সম্ভেদ আমৃত্যু তেওঁৰ লেখনিৰ মাজেদি তিৰবিৰাই জিলিকি থাকিব।

 তেখেতে নিজৰ সঘনাই বদলি হৈ থকা চাকৰি, নতুন সাহিত্য পৰিষদৰ

খোজৰ শব্দ॥ ১১৭