পৃষ্ঠা:Khojar Xabda.pdf/২০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নহয়। ইতিমধ্যে অসমৰ সাহিত্য জগতখনত খাটনিয়াৰ গল্প লিখনিৰে প্ৰতিভা তথা কৌশল, ভাষাৰ নতুনত্ব সন্দৰ্ভত বহুল প্ৰচাৰিত। বিশেষকৈ প্ৰগতিশীল সাহিত্য চৰ্চাৰ পথাৰখনত। এই বিষয়ত দক্ষতাসম্পন্নসকলে খাটনিয়াৰৰ লিখনিৰ নতুনত্ব আলোচনা কৰিছে আৰু ভৱিষ্যতলৈও কৰিব। আমি মাথোঁ খাটনিয়াৰ মানুহজন সম্পৰ্কত যিখিনি জ্ঞাত তাকেহে লিখিবলৈ লৈছোঁ। গুৱাহাটীৰ কমাৰ্চ কলেজত অনুষ্ঠিত হোৱা নতুন সাহিত্য পৰিষদৰ পঞ্চদশ অধিৱেশনত খটনিয়াৰৰ লগত দক্ষিণ গুৱাহাটী নতুন সাহিত্য পৰিষদৰ সম্পাদক সুভাষ শৰ্মাৰ হাতত বিশেষ দায়িত্ব অৰ্পণ কৰা হৈছিল। কিন্তু শেষ মুহূৰ্তত শৰ্মাৰ মাতৃ বিয়োগ হোৱাত শৰ্মাৰ প্ৰায়বোৰ দায়িত্ব খাটনিয়াৰে অকলেই চম্ভালিব লগা হয়। শৰ্মালৈ অভয়বাণী দি খাটনিয়াৰে খোৱা- লোৱা, হিচাপ-নিকাচ সকলো চম্ভালি লয়। পিছত এদিন তেওঁ এই বিষয়ত মোক কৈছিল, কেনেকৈ প্ৰয়াত অনিল ৰায়চৌধুৰীৰ (খাটনিয়াৰৰ শহুৰ পিতা) পৰামৰ্শত বজাৰৰপৰা লাগতিয়াল খাদ্যসামগ্ৰী আনি যোগানৰ ব্যৱস্থা কৰিছিল। যি হওক অধিৱেশন সুকলমে গৈ গ’ল যদিও প্ৰায় বিলাক সংগঠনৰ দৰে এই অধিৱেশনতো সদস্যসকলৰ মাজত কিছু কিছু ক্ষেত্ৰত মৰ ভিন্নতা দেখা গ’ল। মোৰ দৃষ্টিগোচৰ হোৱা কথাটো হ'ল খাটনিয়াৰক শেষ মুহূৰ্তলৈকে ৰান্ধনিঘৰত তদাৰক আৰু নিজহাতে বাচন-বৰ্তন ধুই-পখালি থকা দৃশ্য। কথাটো খাটনিয়াৰৰ দৃষ্টিগোচৰ কৰাত তেওঁ কৈছিল, এইবোৰচোন অধিৱেশনৰেই কাম। কথাখিনিৰপৰা এটা কথা প্ৰতীয়মান হৈছিল খাটনিয়াৰ আছিল কামৰ মানুহ, কামত সৰু-বৰ, মান্যতা-হীনতা নাই। সংগঠনৰ কাম সকলোৱে হাতে কামে লাগিলেহে অনুষ্ঠানবোৰ জীপাল হৈ উঠে। ইয়ে খাটনিয়াৰৰ প্ৰতি মোৰ সস্নেহ তথা সম্ভ্ৰমৰ ভাব আনি দিছিল।

 দুই এটা কবিতা বা সাময়িক প্ৰবন্ধ লিখিলেও মই কোনোপধ্যেই সাহিত্যিকৰ আসন পোৱাৰ যোগ্যতা অৰ্জন কৰা নাই। এদিন ৰাজ্যিক সমিতিৰ অফিচত থাকোঁতে খাটনিয়াৰৰ নতুন সাহিত্যৰ বাবে দিওঁ নিদিওঁকৈ জেপত থকা কবিতা এটা দেখুৱালোঁ। তেওঁ আগ্ৰহেৰে গ্ৰহণ কৰি হৈ যাব, সুন্দৰ কবিতা আদি কৈ (হয়তো দুই এটা শব্দ পৰিৱৰ্তন কৰি) আলোচনীত প্ৰকাশো কৰিলে। ইয়ে তেওঁৰ অইন বিলাকক বা নতুন লেখকক উৎসাহ যোগোৱা তথা সংগঠনক আগবঢ়াই নিয়া মনোভাব প্ৰকাশ কৰে। হয়তো এনেকুৱা মনোভাবৰ অভাৱতেই বহুতো লেখকক আগবঢ়াই অনাত ব্যৰ্থ হৈ আমি হেৰুৱাৱ লগা হৈছে। খাটনিয়াৰৰ এইটো এটা উল্লেখনীয় গুণ বুলি ভাবোঁ। এবাৰ মোৰ ঘৰলৈ অহাত কিছুসংখ্যক কবিতা হৈছেনে চাই দিবলৈ অনুৰোধ কৰাত চাই-মেলি দি সজাই পৰাই ঘৰলৈ আহি লিখাখিনি নিজহাতে দি থৈ গ’ল। লগত

মোহন কৃষ্ণ মিশ্ৰৰ ‘সমদল আৰু অন্যান্য কবিতা’ পুথিখন দি থৈ পঢ়িবলৈ উপদেশ

২০৪॥ খোজৰ শব্দ