পৃষ্ঠা:Khojar Xabda.pdf/২৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ফল নধৰাত আমাৰ টিলাটোৰ মানুহে নিজেই বনালে। যথেষ্ট মিলা-প্ৰীতি আছিল আমাৰ টিলাৰ মানুহখিনিৰ মাজত আৰু আমাৰ ল'ৰা-ছোৱালীবোৰো এটা যেন ঘৰুৱা পৰিৱেশত ডাঙৰ হৈছে। বন্ধৰ দিনত, গধূলি সময়ত, ইটো-সিটোৰ জন্মদিন বিলাকত ল’ৰা-ছোৱালীবিলাকৰ তৎপৰতা আনন্দ আজিও মনত পৰিলে ভাল লাগে। এতিয়া সকলো ডাঙৰ হৈ নিজৰ ভৰিৰ ওপৰত ঠিয় হ’ল আৰু সকলোৰে বিয়া-বাৰুও হৈ গ’ল। ৰীণাই ইহঁতবোৰক গান শিকাইছিল। ল'ৰা-ছোৱালীবোৰে বৰ ভাল পাইছিল।

 এই টিলাটোৰ পৰা বিপুল শৰ্মা, যতীন বৰা যোৱাৰ পিছত একে মতাদৰ্শৰ আমি দুঘৰেই আছিলোঁ বাবে কিছু কিছু সময়ত কথা-বতৰা-আলোচনা কৰাত সুবিধা পাইছিলোঁ আৰু কৰিছিলোঁ।

 টিলাটোৰ পানীৰ ব্যৱস্থা কুঁৱাই আছিল, পিছলৈ পানীৰ ব্যৱস্থা হ’ল যদিও বৰ্তমান আকৌ একে, আমাৰ টিলাটোত পানী নুঠে। পানীৰ লাইন অহাৰ সময়তো আমি মহিলাকেইগৰাকী গৈছিলোঁ, পানী যোগান অফিচলৈ। দৰ্খাস্ত আদি খাটনিয়াৰ দাই লিখি দিছিল।

 আমাৰ এই কেইঘৰৰ মাজত আত্মীয়তাও আছিল যথেষ্ট। আগতে আমাৰ হেঙেৰাবাৰী-গুণেখগুৰি ৰাস্তাটো ভাল নাছিল, খলা-বমা আছিল, মোৰ ল'ৰা ৰিকুৰ জন্মৰ আগতে মই ছোৱাজনীক লৈ ৰিক্সাত গৈছিলোঁ। খাটনিয়াৰ দাই দেখা পালে আৰু গধূলি ঘৰলৈ অহাৰ পিছত মালাকাৰক, লগতে মোক সঁকিয়াই দিলে তেনেকৈ যাতে নাযাওঁ। মোৰ কুঁৱা নথকাত বিপুল শৰ্মাৰ কুঁৱাৰ পৰা পানী আনিছিলোঁ। মই পানী আনিবলৈ গ'লে যদি দেখা পায় তেতিয়া খাটনিয়াৰ দাই মোৰ হাতৰ পৰা বাল্টিটো লৈ আহি ঘৰত থৈ যায়। এনেকুৱা বহু কথাই মাজে মাজে স্মৃতিৰ পটত ভাহি উঠে।

 আগতে সাহিত্য পৰিষদৰ লগত মই প্ৰত্যক্ষভাৱে জড়িত নাছিলোঁ যদিও পৰোক্ষভাৱে আছিলোঁ। ভাইটি নৰেন দাস আহে খাটনিয়াৰ দাক লগ ধৰিবলৈ। আহোঁতে যাওঁতে মোৰ ঘৰত সোমায়েই। তেনেকৈ খনিকৰ দা, তেখেতে মোক সাহিত্য পৰিষদৰ সভ্যা ভৰ্তি কৰিছিল, দিশপুৰ শাখাৰ মিটিং হ’লে মাতিছিল— গৈছিলোঁ। তেনেকৈ বিজনলাল চৌধুৰী দাদাও আহিছিল। নতুন সাহিত্য পৰিষদে প্ৰকাশ কৰা কিতাপ লৈছিলোঁ, কেতিয়াবা ২/৪ খন বেচিও দিয়া গৈছিল।

 কেতিয়াবা সাহিত্য পৰিষদৰ সন্মিলন হৈ যোৱাৰ পিছত সন্মিলন সম্পৰ্কে কিছু কথাও পাতিছিলোঁ। সংগঠনৰ কাম-কাজ, স্থিতি সম্পৰ্কে কথা কৈছিল। এটা সংগঠন নিয়াৰিকৈ ধৰি ৰখা কাম যথেষ্ট কঠিন, সেই সম্পৰ্কে এটা-দুটা কথা কৈছিল।