পৃষ্ঠা:Khojar Xabda.pdf/১৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিপুল খাটনিয়াৰ : নামেই যাৰ পৰিচয়

শ্ৰীনাৰায়ণ ৰবিদাস

বিপুল খাটনিয়াৰ! নামেই যাৰ পৰিচয়। চাপ দাঢ়ি থকা সেই দিখৌ নৈৰ পাৰৰ শিৱসাগৰীয়া অতি সাধাৰণ মানুহৰ চৰিত্ৰ আৰু গাঁৱলীয়া পৰিৱেশৰ বৈশিষ্ট্যসমূহ যথাযথভাৱে তুলি ধৰি তাৰে কোলাত উঠি আহি আহি ভাটিয়ালী সুৰৰ লগত সুৰ মিলাবলৈ যাওঁতে, কথাবোৰ ক'ৰবাত হেৰাই যাবলৈ ধৰোঁতে, হস্তীৰ কন্যাৰ চোতাল মাটিয়াবাগ আৰু শুকাই যাব ধৰা গদাধৰ নৈৰ পাৰত; কেতিয়াবা আকৌ বাংলাদেশ সংলগ্ন ৰামৰায় কুঠী ভ্ৰমণ কৰি বক্সীৰহাট চেকগেট জিলা সদৰ ধুবুৰী পাই ব্ৰহ্মপুত্ৰত নামি ডুব মাৰি মানকাচৰ ঠাকুৰনবাৰী!

 এক কথাত ক’বলৈ গ’লে অসমীয়া জীৱন শৈলী, পৃথিৱীৰ মেহনতী মানুহৰ হৃদয় চুই যোৱা জীৱনৰ অনুভুতিবোৰে জী উঠি লেখকক তাগিদা দিছিল ‘মোৰ কথা কিয় আপুনি নিলিখে ? সুখ-দুখেৰে ভৰা এই ধৰাৰ আপুনিয়েই একমাত্র ব্যক্তি যিজনে বাংলাদেশমূলীয়, ৰংপুৰীয়া, মৈমনসিঙিয়া আদি সাধাৰণ মানুহৰ জীৱনবোধ সমাজৰ আগত দাঙি ধৰিছে; যেন খাটনিয়াৰ উজনি আৰু নামনি অসমৰ সেতুবন্ধ; তেখেত নামনি অসমৰ, বিশেষকৈ গোৱালপৰীয়া ভাষা ব্যৱহাৰ কৰিবলৈ যাওঁতে আৰু ফকৰা যোজনা প্ৰবাদ আদি ব্যৱহাৰ কৰিবলৈ যাওঁতে তাৰ অৰ্থ মোৰপৰা বুজি লৈছিল। কেইবছৰ মানৰপৰা কোচ-ৰাজবংশী আৰু গোৱালপৰীয়া ভাষা লৈ দ্বন্দ্বত পৰিছিল খাটনিয়াৰ। এইলৈ মই মন্তব্য দিছিলোঁ দুয়োটাই গোৱালপৰীয়া। দৰাচলতে সম্প্ৰদায় আৰু এলেকাগত জলবায়ুৰ প্ৰভাৱ থাকে বাবে উচ্চাৰণ ভিন ভিন হয়। ঘাট ঘাট পৰ বদলে পানী; সাত ঘাট পৰ বাণী।

 প্রথমে গোৱালপৰীয়া ভাষাৰ কথনভংগী চোৱা যাওক। ক’বলৈ গ'লে বিজয়পুৰ, উপৰহালি, মাণিকপুৰ, চাপৰৰপৰা আৰম্ভ কৰি ভুটান সীমান্ত গোঁসাইগাঁও, বক্সীৰহাট, শালমাৰা, হাজিৰহাট, মানকাচৰলৈকে বিস্তীর্ণ এলেকাত গোৱালপৰীয়া

১৮২॥খোজৰ শব্দ