পৃষ্ঠা:Khojar Xabda.pdf/২৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অৰুণাচললৈ যোৱা মেইন ৰোডটো। তাৰো সিপাৰে দীঘলীয়া হাবিখন। হাবিখনৰ একেবাৰে অৰুণাচলৰ সীমাত এদিন ফৰেষ্ট ডিপার্টমেন্টে মানুহ খোৱা বাঘ এটা এৰি দিছিল। কেইদিনমান পিছত শুনা গ’ল বাঘটোৱে হাবিখনৰ বিপৰীত মূৰত থকা বাগানৰ ওচৰত বজাৰ কৰিব অহা বাগানীয়া মানুহ এজনক খালে। সেই হাবিতে তেওঁলোকৰ চাৰি-পাঁচজনীয়া দলটো ঘূৰি ফুৰে। মোৰ ভয়ত তৎ নাই। কিন্তু কেম্পৰ কোনো মানুহেই কথাটোত গুৰুত্ব দিয়া নাছিল। অফিচৰ ডিৰেক্টৰ কুমাৰ চন্দ্ৰ প্ৰসাদ ছাৰ আহোঁতে ক’লোঁ, ‘ইয়াত মানুহ খোৱা বাঘ ওলাইছে, এইটো কেম্পত থকাটো ভাল হ’ব জানো?? তেওঁ মোক সান্ত্বনা দিলে ‘আজিলৈকে আমাৰ ডিপার্টমেণ্টৰ মানুহক বাঘে চুব পৰা নাই, তুমি চিন্তা নকৰিবা'। থাকোঁতে থাকোঁতে উৎকণ্ঠাবোৰ নোহোৱা হ'ল।

 ডিফুৰপৰা সৰু-সুৰা ঠিকাদাৰ আব্দুল মান্নান প্ৰায়ে আমাৰ ঘৰলৈ আহিছিল। এবাৰ বাছেৰে গৈ ৰাতি নৌপুৱাওঁতে তেওঁ মান্নানৰ ঘৰ পালেগৈ। মানুহঘৰক মাতিবলৈ টান পাই চোতালত থকা খেৰৰ দমটোতে শুই থাকিল হেনো । ৰাতিপুৱা কোন সেইটো বুলি হুৱাদুৱাখন লাগিল। মানুহজনৰ গোটেই গাত মকৰাজাতীয় পোকে আগুৰি ধৰিছিল। মান্নানে ‘চাইট’ দেখুৱাবলৈ পাহাৰ এটালৈ তেওঁক লৈ গৈছিল। তেওঁ কৈছিল, ‘বাইদেউ, ছাৰে পাহাৰৰ ওপৰত ট্রাক চলাই নিছে। কম নহয় দেই।’

 ঘৰত থকা বাকী সময়ছোৱা তেওঁ অতি পৰিশ্ৰম কৰিছিল। বিয়াৰ আগতে হেঙেৰাবাৰীত মাটি এডোখৰ লৈ ঘৰ বনোৱা আৰম্ভ কৰিছিল। ফিল্ডৰ পৰা আহি তেওঁ ঘৰৰ কামত লাগি যায়। মিস্ত্ৰীৰ লগৰ এটা লেবাৰ তেওঁ নিজেই আছিল। ঘৰৰপৰা সহায় নোলোৱাকৈ অকল দৰমহাৰ টকাৰে অতি কষ্টেৰে আমাৰ ঘৰটো সজাই উলিয়াইছিল । পাহাৰৰ ওপৰত ঘৰ, মাটি কটা, চাৰিওফালে ৱাল বনোৱা— এনেবোৰ কামত জীৱনটোৱেই পাৰ হৈ গ'ল।

 পঞ্চাচ ফুটমান দ’ কুঁৱাৰ পৰা পানী তোলা, গধূলি লেম-চাকি জ্বলোৱা আদি কামবোৰ কেনেকৈনো দুয়ো কৰিছিলোঁ আজিও মনত পৰে। দুঘৰমান ওচৰ-চুবুৰীয়া আছিল দূৰে দূৰে।

 এবাৰ তেওঁ আমাৰ ঘৰত কাম কৰি থকা মিস্ত্ৰী এজনৰ ঘৰত ঈদ খাবলৈ বুলি ওলাল। হাজোৰ কলিতাকুছিত তাৰ ঘৰ। নাই যে নাই ৰাতি এডোখৰলৈ মানুহজন অহা নাই ৷ বাহিৰত ঘিটমিটিয়া আন্ধাৰ৷ বাৰাণ্ডাত বহি মই বাট চাই আছোঁ । অজান আশংকাত বুকু কঁপি আছিল। তেতিয়াটো আজিৰ দৰে হাতত মোবাইল বস্তুটো

খোজৰ শব্দ॥২৬৫