পৃষ্ঠা:Khojar Xabda.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভাষা স্বচ্ছ আৰু মনোৰম হৈ পৰিছে। তেওঁৰ গল্পত পাক নাছিল। তেওঁৰ গল্পত শব্দৰ অনুশীলন আছিল। সেই পুৰঠ গল্পবোৰে চৰিত্ৰবোৰ দাঙি ধৰোঁতে শব্দই তাৰ তেজ মঙহ দিছিল, সেই স্বাদ পাঠকে পাইছিল। ‘ভিন্ন জীৱন ভিন্ন কথকতা’ত চহা জীৱনৰ বিভিন্ন কথিত শব্দৰ প্ৰয়োগে কেইবাটাও গল্পক মোহময়ী কৰি তুলিছে— ‘গেনা’, ‘অবচনীয় বচন’, ‘উৰণীয়া কথাৰ শৰাধ’, ‘চেলেকা চাহ’ আদি শব্দবোৰৰপৰা আমি কিছু মিঠা সোৱাদ পাওঁ। কথিত শব্দৰ প্ৰয়োগে পাঠকক কাহিনীৰ লগত একাত্মবোধত অৰিহণা যোগাইছে। যেনে— ‘গৰমেণ্ট’, ‘এভেলভেল’, ‘কিলিংখা’ (গল্প- বহুৱা)। ‘বতৰে গোমালে’, ‘তিনিখন নেওৰালৈ আৰু কেইহাত লাগিছে’, ‘দিনটোৰ ওপৰঞ্চি উপাৰ্জন কমেও ঢপলা ন টকীয়া খিলা’ আদি শব্দ বা বাক্য গাথনিৰে পাঠকৰ মনত এক পৰিৱেশৰ সৃষ্টি কৰাত গল্পকাৰৰ বিশেষত্ব।

 তেওঁৰ সংকলিত গল্পবোৰে একো একোটা বাৰ্তা কঢ়িয়াইছে। গল্প কোৱাৰ অনন্য ব্যতিক্ৰমী শৈলীয়ে সাধাৰণ পাঠকৰ মন চুই যায়। বিশেষকৈ উজনি অসমৰ গাঁৱলীয়া সমাজত কথোপকথনত ব্যৱহৃত প্ৰচলিত শব্দৰ ব্যৱহাৰে সমাজখনৰ স্পষ্ট ছবি এখন তুলি ধৰে। ২০০৯ চনত ‘প্ৰতিস্ৰোত’এ প্ৰকাশ কৰি উলিওৱা বিপুল খাটনিয়াৰৰ ‘ভিন্ন জীৱন ভিন্ন কথকতা’ গল্প সংকলনখনি দুটা খণ্ডত বিভক্ত। প্ৰতিটো খণ্ডতে আঠোটাকৈ গল্প সংকলিত হৈছে। সংকলনখনিৰ মূল বৈশিষ্ট্য কথন শৈলী। তেওঁৰ কথন ভঙ্গীয়ে তেওঁক নিজকে একোটা চৰিত্ৰত অৱতীৰ্ণ কৰাইছে। প্ৰথম খণ্ডৰ প্ৰায়কেইটা গল্পতে বৰ্ণনাৰ সলনি কাহিনীটো যেন সমুখতে ঘটি আছে এনেকুৱা অনুভৱ সৃষ্টি কৰাত গল্পকাৰৰ যেন বিশেষ বৈশিষ্ট্য। সমাজ জীৱনৰ প্ৰতিটো বাস্তৱক সমাজমুখি আৰু ভেদহীন এখন সুস্থ সমাজৰ সন্ধান কৰিবলৈকে যেন তেওঁৰ জন্ম। তেওঁৰ গল্পৰ পৰিভাষা আছিল সাধাৰণ অথচ জীৱনমুখী—

 “তেন্তে কেমাইৰ ডাঙৰটোকে সীতাৰ ভাওটো দে। বয়সে অলপ বেছি, তাতে সি গাইমুৱা, এনেধৰণৰ সমস্যা নাই। পাটৰ চাদৰ মেখেলা বিচাৰিও আনৰ ঘৰলৈ যাব নালাগে। কেমাই ভকতৰ ঘৈণীয়েক লুদুৰী গাঁওখনৰ ভিতৰতে কাজী। সেহাতেদি কেমাই ভকত নিজেও ভাওনাৰ সূত্ৰধাৰ লটৰা ভকতৰ সঙ্গী’। পুতেকে সীতাৰ ভাও ল’লে বুকুখন এহাতলৈ ডাঠ হয়। পিছে তাতো কেণা। ঘৈণীয়েক লুদুৰীয়ে তেওঁক দহাই দহাই কৈ থৈছে, সিবাৰ ‘ধ্ৰুৱ চৰিত্ৰত দিলা নহয় ভাও, খালা এবছৰলৈ মূৰটো। এতিয়া সি ‘কেলাচ’ নাইনলৈ উঠিছে। লুদুৰীয়ে দহাই দহাই কৈ পঠাইছে— নাই নাই নেচেল। ভাওনা সবাহ নেচেল। সৈ (সী) জটকীয়াৰ কাটনি গাঁৱক হাঁহিছিলা নহয়। দেখিলা। গাই গণ্ডাই বি এ, এম এ ওলাইছে। এই ভকত

৯৬॥ খোজৰ শব্দ