পৃষ্ঠা:Khojar Xabda.pdf/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিশেষ লক্ষ্যণীয় যে তেওঁৰ গল্পত সমাজৰ বঞ্চিত অৱহেলিতসকলৰ প্ৰতি সমমৰ্মিতাৰ লগতে বঞ্চনাৰ স্বৰূপ উপলব্ধি কৰিব পৰা চেতনাৰো উন্মেষ ঘটাবলৈ অহোপুৰুষাৰ্থ কৰে। এই ক্ষেত্ৰত গল্পকাৰে এজন সক্ৰিয় সচেতন সমাজ-সাহিত্য যোদ্ধাৰো ভূমিকা পালন কৰে। এই চমু নিবন্ধত তেওঁৰ সেই দিশটো তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে।

 অলপতে জ্ঞানপীঠ বঁটা বিজয়ী খ্যাতনামা কোংকনী কথাশিল্পী দামোদৰ মোজে হেমচন্দ্ৰ বৰুৱা সাহিত্য সাধনা বঁটা প্ৰদান কৰি কটন বিশ্ববিদ্যালয়ৰ বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত দিয়া বক্তৃতাত প্ৰতিজন লেখকেই একোজন সক্ৰিয় সমাজ যোদ্ধা হ’ব লাগে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। প্ৰসংগক্ৰমে তেওঁ মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুৰ উদাহৰণ দিছিল। দুয়োজনেই আছিল খ্যাতনামা লেখক, দৰ্শনিক আৰু একে সময়তে সক্ৰিয় সমাজ কৰ্মী।

 এই বিষয়তে মনলৈ আনিব পাৰি যে বেৰিষ্টাৰ গান্ধীয়ে চাহাবী পোছাক এৰি নিৰন্ন দেশবাসীক পৰাধীনতাৰ গ্লানিৰ পৰা মুক্ত কৰিবলৈ দেশৰ দলিত আত্মাক স্বাধীন চেতনাৰে উদ্বুদ্ধ কৰিবলৈ ‘হৰিজন’, ‘ইয়ং ইন্ডিয়া’ কাকত উলিয়াই মূকজনৰ মুখত অব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদৰ ভাষা দিছিল। গান্ধী, নেহৰু দুয়োজনে সচেতন সমাজকৰ্মী ৰূপে সময়োচিত ঐতিহাসিক ভূমিকা পালন কৰিছিল। স্বাধীনতা আন্দোলনৰ গুৰুত্বপূৰ্ণ মুহূৰ্ততে যুদ্ধৰ বিৰুদ্ধে আগশাৰীৰ বিজ্ঞানী দাৰ্শনিক শিল্পীসকলে গঢ়ি তোলা বিশ্বময় যুদ্ধবিৰোধী শান্তি আন্দোলন, য’ত সমাজতান্ত্ৰিক শিবিৰৰ এক নিৰ্ণায়ক ভূমিকা আছিল, তাতো দেশনেতা হিচাপে নেহৰুৱে এক বিশেষ ভূমিকা লৈছিল। যদিও স্বাধীনতাৰ পিছত তেওঁৰ সেই প্ৰগতিবাদী দৃষ্টিভংগী সলনি হৈছিল।

 আমি অসমীয়া সাহিত্যৰ ক্ষেত্ৰতো দেখিবলৈ পালোঁ, সেইসকল কবি সাহিত্যিকেই আমাৰ সাহিত্যক নতুন তেজ দি বিশেষভাৱে সমৃদ্ধ কৰিলে, যিসকলে স্বাধীনতা আন্দোলনত বিশেষভাৱে যুক্ত হৈছিল। সকলো প্ৰকাৰ বঞ্চনাৰ বিৰুদ্ধে মুক্তিৰ বাণী হৃদয়ত ধাৰণ কৰা শিল্পী সাহিত্যিক মাত্ৰেই সক্ৰিয় সমাজকৰ্মী হ’বলৈ বাধ্য। এই কথা আমি অম্বিকাগিৰী, জ্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদ, ভবানন্দ দত্ত (কম বেছি ভূমিকা পালন কৰাসকলৰ তালিকাখন তেনেই সৰু নহয়) অধুনাও সমানেই সক্ৰিয় হৈ থকা বৰেণ্য সাহিত্যিক হীৰেন গোহাঁইৰ ক্ষেত্ৰত দেখা পাওঁ।

 বিগত শতিকাৰ দ্বিতীয়াৰ্দ্ধৰ পৰা সমাজতান্ত্ৰিক আদৰ্শৰে সাহিত্য সাধনা কৰাসকল সংখ্যাত সৰু হ'লেও তেওঁলোকৰ সাহিত্যৰ চিন্তা-চৰ্চাৰ লগতে তেওঁলোকে

গ্ৰহণ কৰা মতাদৰ্শৰ এখন সমাজ প্ৰতিষ্ঠাৰ কৰ্মধাৰাৰ সক্ৰিয় কৰ্মী হিচাপেও নিজকে

খোজৰ শব্দ॥১৫১