পৃষ্ঠা:Khojar Xabda.pdf/২৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ঘৰ পালোঁগৈ৷ নামনিত কঁচু-ঢেঁকীয়া বেচিবলৈ যোৱা মানুহজনী কিন্তু দুখীয়া ঘৰৰ নাছিল। তাইৰ মানুহজন আছিল কাঠৰ ব্যৱসায়ী, তেওঁৰ চাৰিটা পাঁচটামান হাতী আৰু মাউতেৰে হাতীৰ মহল এটা আছিল। আমাক দেখি মানুহজনীৰ গিৰিয়েক আৰু তাত থকা মানুহবোৰ আচৰিত হ'ল।‘কেলেই আহিলি সঁচাকৈ ক'চোন, ছোৱালী পলুৱাই আনিলি নেকি? আমাক ক'চোন— তহঁতক সহায় কৰিম দে।' এনেবোৰ প্ৰশ্নৰ সন্মুখীন হ’ম বুলি ভবাই নাছিলোঁ। মই মাথোঁ ‘হাবি চাবলৈ আহিছোঁ’ বুলি কৈ থলোঁ। সিহঁতবোৰে হাঁহিলে। ৰাতি হোৱাৰ আগতে কেম্পলৈ উভতি আহিব বিচাৰিছিলোঁ যদিও তাইৰ বুঢ়া-বুঢ়ী শহুৰ শাহুৱে বৰকৈ ধৰিলে, ক’লে, ‘কিয় যাবি, তহঁতে আমাক কি বিষ ঢালিবলৈ আহিলি’। তেওঁলোকে সেইটো পাহাৰতকৈ ওখ পাহাৰটোত থকা গাঁৱৰ ঘৰলৈ যাবলৈ ওলাইছিল। সিহঁতৰ ডাঙৰকৈ চাংঘৰটো দেখিলোঁ; কিন্তু নগা গাঁও চাবলৈহে মোৰ বেছি মন আছিল। সেই ঠাইত পুতেকে নতুনকৈ বস্তি পাতিছে। ‘তেনেহ'লে আপোনালোকৰ গাঁৱৰ ঘৰলৈকে যাওঁ’, ‘নাই নোৱাৰিবি, বহুত ওখ, বৰ থিয় বাট, তহঁতে উঠিব নোৱাৰিবি’। ভাগৰত সেই উৎসাহো নোহোৱা হ’ল। আমি সেই ঘৰতে থাকিলোঁ। তেওঁ বিচাৰিছিল যদিও ঘূৰি যাবলৈ মোৰ ভয় লাগিছিল। আমাক তেওঁলোকে চাহৰ সলনি সাজপানীৰে আপ্যায়িত কৰিলে। ৰাতি ঘৰৰে কুকুৰা মাৰি বাঁহৰ গাজেৰে ৰান্ধি ভাত খুৱালে৷ পিছদিনা ৰাতিপুৱা এক বন্ধুত্বপূর্ণ পৰিৱেশৰ মাজেৰে কেম্পলৈ ৰাওনা হ'লোঁ। ডাঙৰ ডাঙৰ গছ, হাবি- বননিৰে ভৰা লুংলুঙীয়া ওখ চাপৰ বাট। ভাগৰত ক্ষন্তেক বহিবৰ মন যায়। নাই, তেওঁ নিদিয়ে—‘বহি গ’লে ভাগৰি যাবা, গৈয়ে নাপাবা।' ৰাতিপুৱা এঘাৰমান বজাত কেম্প পালোঁহি। কেম্পৰ আটাইবোৰ মানুহ আলিমূৰত ৰৈ বাট চাই আছে। যোৱাৰ সময়ত কাকো কৈ যাবলৈ নহ’ল। সেয়ে তেওঁলোকে আমাক কোনোবাই ‘কিডনাপ কৰি নিলে বুলি চিন্তা কৰি আছিল। কি যে বিচিত্র অভিজ্ঞতা।

 জয়পুৰত এবাৰ তেওঁলোকৰ কেম্পটো এখন পথাৰৰ মাজত আছিল। কাষেৰে বৈ যোৱা সৰু নিজৰাটোৱে অনবৰতে যেন মোক হাত বাউল দি মাতে। তেওঁলোকৰ সৰু দলটো হাবিয়ে বননিয়ে ঘূৰি ফুৰে৷ উভতি আহোঁতে ঔ টেঙা, কচু, ঢেঁকীয়া শাক লৈ আহে। দীঘল মোজাৰ ওপৰতে আকৌ ঘৰতে চিলোৱা জিনচৰ মোজা—তাৰো ওপৰত দীঘলকৈ বুটা জোতা পিন্ধা সত্বেও লোমা-লোমে জোক লাগি আহে। ঘূৰি আহি বননিত বহি জোকবোৰ নিৰায়। এদিন তেওঁ মোকতেওঁলোকে উদ্‌ঘাটন কৰা কয়লাৰ চিম থকা ‘চাইট’লৈ লৈ গৈছিল। আচৰিত, ইমান জোক! এডাল এডাল বনত সৰু সৰু হাতী জোকে খাপ পাতি থাকে। কেম্পটোৰ সমুখেৰে

২৬৪॥খোজৰ শব্দ