পৃষ্ঠা:Khojar Xabda.pdf/১৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিপুল ভিনদেউৰ সান্নিধ্যত

প্ৰবীন কুমাৰ ৰয়

খবৰটো শুনি খুবেই মৰ্মাহত হ’লোঁ। অসমৰ প্ৰগতিশীল সাহিত্য আন্দোলনৰ অন্যতম কাণ্ডাৰী, বিশিষ্ট গল্পকাৰ, নতুন সাহিত্য পৰিষদৰ প্ৰাক্তন ৰাজ্যিক সম্পাদক আৰু বৰ্তমানৰ দক্ষিণ গুৱাহাটী শাখাৰ অন্যতম সদস্য তথা অসমৰ ভূতত্ত্ব আৰু খনি বিভাগৰ প্ৰাক্তন বিষয়া বিপুল খাটনিয়াৰদেৱ (মোৰ ভিনদেউ) মৃত্যুৰ খবৰে আমাক অতিকে মৰ্মাহত কৰি তোলে। বিপুল খাটনিয়াৰৰ মৃত্যুত অসমৰ প্ৰগতিশীল সাহিত্য আন্দোলন তথা প্ৰগতিশীল গল্প ৰচনাৰ পথাৰখনত এক অপূৰণীয় ক্ষতি হ’ল। অসমৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ গল্পকাৰ যি সদায় শোষিত-নিপীড়িতজনৰ পক্ষত থাকি সচেতনভাৱে প্ৰগতিশীল দৃষ্টিভংগীক মূল আধাৰ হিচাপে লৈ ৰসোতীৰ্ণ গল্প ৰচনা কৰিছিল। তেখেতে প্ৰগতিশীল চিন্তা-চেতনাৰে সমৃদ্ধ সাহিত্যকৰ্মৰ মৌলিক চৰিত্ৰ শিল্পগুণ সম্পূৰ্ণ অক্ষুণ্ণ ৰাখিহে গল্প লিখিছিল। তেখেতৰ প্ৰগতিশীল দৃষ্টিভংগী ইমানেই গভীৰ আছিল যে সেই দৃষ্টিভংগীৰে সাহিত্যৰ গুণগত উৎকৰ্ষতাৰো কলাত্মক ভাৰসাম্য ৰক্ষা কৰিহে সদায় গল্প ৰচনা কৰিছিল। উল্লেখ্য যে আশীৰ দশকৰ পৰা গল্প লিখিবলৈ আৰম্ভ কৰি বিপুল খাটনিয়াৰদেৱে মৃত্যুৰ আগমুহূৰ্তলৈকে গল্প লিখা অব্যাহত ৰাখিছিল।

 ভূতাত্ত্বিক বিষয়ক কাম-কাজৰ লগত জড়িত বিপুল খাটনিয়াৰদেৱে সচৰাচৰ খুব কমেই কথা কৈছিল। কোনো ধৰণৰ জাক-জমকতাক প্ৰশ্ৰয় নিদিয়া আৰু সদায় অতি সাধাৰণ বেশ-ভূষাৰে থকা এই বিশিষ্ট গল্পকাৰ গৰাকী কিন্তু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি সদা সচেতন আছিল। চাল-চলনত অতি নিৰ্জু স্বভাৱৰ বিপুল খাটনিয়াৰদেৱৰ মানুহৰ প্ৰতি আছিল গভীৰ ভালপোৱা। সৰ্বসাধাৰণ লোকৰ জীৱন যন্ত্ৰণাৰ লগত

অতি আত্মীয়তাৰে সম্বন্ধ ৰাখিছিল। বিশেষকৈ খাটিখোৱা দৰিদ্ৰ-নিষ্পেষিতজনে

খোজৰ শব্দ॥১৯৯