পৃষ্ঠা:Khojar Xabda.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 “মাতৃ ভাষানে?

 কেমাই ভকতে মূৰ দুপিয়ালে।

 ৰাইজখনে একেলগে কৈ উঠিল— নেচেল! নেচেল!”

 উজনি অসমৰ কিছুমান ঠাইত মাতৃভাষাৰ ভাওনাই অংকীয়া ভাওনাক বহু দূৰলৈ ঠেলি দিয়াৰ দৰেই হৈছে। শলগুৰিৰ ৰাইজ কিন্তু সংঘবদ্ধ— কোনো কাৰণতে গুৰুজনাৰ ঐতিহ্য তেওঁলোকে পৰিহাৰ নকৰে। পৰৱৰ্তী সময়ত আমি দেখোঁ যে হাল বাওঁতে অকস্মাৎ নাঙলে খুৰা ফলা বলধটোৰ মৃত্যুত গল্পটোৰ নায়ক কণটিলৌক দেউ পৰশু দেৱ মিশ্ৰই ‘পাপ’ প্ৰায়চিত্ত কৰিবৰ বাবে দিয়া অমানুষিক বামুণীয়া বিধান শলগুৰিৰ ৰাইজে নিৰ্বিবাদে গ্ৰহণ কৰিছে। যাৰ ফলত ডিঙিত পঘা পিন্ধি গৰুৰ দৰে হেম্বেলিয়াই দিনৰ পিছত দিন পাৰ কৰিব লগা হৈছে কণটিলৌৱে। এয়া এক প্ৰকাৰে সামাজিক শোষণ-অবদমনৰে চিত্ৰ। শলগুৰিৰ ৰাইজৰ সামাজিক মূল্যবোধৰ আদৰ্শভিত্তিক উৎস যে সু-সংহত নহয়, সেয়া গল্পকাৰে দেখুৱাত ত্ৰুটী কৰা নাই। আনহাতে জাত-পাত, নীতি-নিয়ম যে দৈহিক-মানসিক প্ৰয়োজনৰ উৰ্দ্ধত নহয় তাকো গল্পকাৰে দেখুৱাইছে পৰশু দেৱ মিশ্ৰৰ গাভৰু ঘৈণীয়েকে দেৱ মিশ্ৰৰ গোহালিত আশ্ৰিত কণটিলৌক নিজৰ বাসনা চৰিতাৰ্থ কৰিবলৈ সৈমান কৰোৱাৰ জৰিয়তে। আৰু দেখোঁ সন্তানৰ আশাত কণটিলৌৰ ঘৈনীয়েক ৰামায়ে ভাওনাৰ নিশাই সমন্ধীয় ঠানুৰ লগত পলাই গৈছে। সামাজিক অসমতা বৰ্তাই ৰখাব খোজা বৃত্তাান্ত-চৰিত্ৰবোৰৰ প্ৰতি অৱশ্যে গল্পকাৰৰ শ্লেষ কাহিনীটোত পৰিস্কাৰ।

 সন্দেহ নাই যে জাগতিক সত্যৰ ভিন্ন স্বৰূপ কলা অথবা সাহিত্য পাঠে উন্মোচন কৰাৰ প্ৰয়াস কৰে। চৌপাশৰ অলেখ জীয়া কাহিনীৰ ভিতৰত মুষ্টিমেয় কেইটামানেহে কথকৰ জৰিয়তে নতুন জীৱন লাভ কৰে নেৰেটিভৰ ৰূপত। কাহিনীৰ অন্তৰালতো থাকে তেজ-মঙহৰ মানুহ, মানুহৰ জীৱন আৰু মনন। কথক হিচাপে সেয়েহে কাৰ কাহিনী, কোনবোৰ মানুহৰ কাহিনী লেখকে ক’ব সেয়া তেওঁৰ নিজা এক্তিয়াৰৰ বিষয়। কিন্তু পাঠকে তাৰ মাজতে বোধহয় আৱিস্কাৰ কৰিব পাৰে লেখকৰ চেতনা, সামাজিক অৱস্থান আৰু শ্ৰেণীগত ধাৰণা।‘কাৱৈমাৰী সত্ৰৰ অতিথি’ নামৰ গল্পটোত অন্ধবিশ্বাস আৰু ভণ্ডামিৰ পোতনিত নিমগ্ন সমাজ এখন অংকন কৰি গল্পকাৰে নিজৰ সমাজ-চেতনাৰ উমান দিছে। গল্পটোত বিধৱা বুঢ়ী এগৰাকীৰ জীয়েক সুভদ্ৰাৰ

মানসিক বিকাৰ হৈছে আৰু আধুনিক চিকিৎসাৰ পৰিৱৰ্তে তাইক ভূতে পোৱা বুলি

খোজৰ শব্দ॥ ৫১