পৃষ্ঠা:Khojar Xabda.pdf/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অসমত প্ৰগতিশীল সাহিত্য আন্দোলনৰ
ধাৰা আৰু যশস্বী গল্পকাৰ বিপুল খাটনিয়াৰ

অহিজুদ্দিন শ্বেখ

সত্তৰৰ দশকৰ আগৰেপৰা প্ৰগতিবাদী চিন্তা-চেতনাই অসমৰ সমাজ জীৱনত মৃদু আলোড়ন সৃষ্টি কৰে। সমাজতান্ত্ৰিক, গণতান্ত্ৰিক আৰু মাৰ্ক্সবাদী চিন্তাধাৰাৰে অনুপ্ৰাণিত তৰুণ আৰু প্ৰবীণ বুদ্ধিজীৱী-সাহিত্যিকসকলে অনুভৱ কৰে যে “অসমত জনগণৰ মাজত গণতান্ত্ৰিক আৰু সমাজতান্ত্ৰিক চেতনা বাঢ়িছে, গণ-আন্দোলন বাঢ়িছে, কৃষক- শ্ৰমিক-মধ্যবিত্তই শোষণ-জৰ্জৰিত অৱস্থাৰপৰা মুক্তি পাবলৈ, জীৱন-জীৱিকাৰ নিৰাপত্তা পাবলৈ আৰু শ্ৰেণী শাসনৰ অপশাসনৰপৰা উদ্ধাৰ পাবলৈকে সচেতন আকাংক্ষা এটাই মূৰ্ত ৰূপ ধৰিছে। মাৰ্ক্সবাদী আদৰ্শৰে উদ্বুদ্ধ ছাত্ৰ, যুৱক, কৃষক, শ্ৰমিকসকলে সংগঠিত হৈ সংগ্ৰামৰ পথ লৈছে”(অনিল ৰায়চৌধুৰী, নতুন সাহিত্য পৰিষদ, অসমৰ চমু ইতিহাস, ৰূপালী দিন, ২৯-৩১ জানুৱাৰী, ২০০৪)। এনে এক বাস্তৱ পৰিস্থিতিত অপসংস্কৃতি আৰু শাসক-শোষক শ্ৰেণীৰ অপচেষ্টা মষিমূৰ কৰি জনগণৰ চিন্তা-চেতনাক সাৰপানী যোগোৱাৰ উদ্দেশ্যে ১৯৭১ চনত ‘নতুন পৃথিৱী’ আলোচনীৰ জন্ম। এই আলোচনীখনৰ জন্মলগ্নৰ পৃষ্ঠপোষক আৰু লেখকসকলৰ অন্যতম আছিল হীৰেন গোহাঁই, অনিল ৰায়চৌধুৰী, অচিন্ত্য ভট্টাচাৰ্য, তাৰক চন্দ্ৰ গোস্বামী, তোষেশ্বৰ চেতিয়া, মুকুট ভট্টাচাৰ্য, নলিনীধৰ ভট্টাচাৰ্য, অমলেন্দু গুহ আদি।

 ১৯৭৫-৭৭ চনৰ কালছোৱাত জৰুৰীকালীন শাসন ব্যৱস্থাই যেতিয়া শিল্পী, সাংবাদিক, বুদ্ধিজীৱী, প্ৰতিবাদী সমাজকৰ্মী আৰু ৰাজনীতিবিদসকলৰ কথা কোৱাৰ, লিখাৰ আৰু কাম কৰাৰ অধিকাৰ কাঢ়ি লৈ ৰাষ্ট্ৰবন্দনা কৰিবলৈ এচামক বাধ্য কৰাইছিল

তেতিয়া ১৯৭৭ চনৰ ৩ জুলাইত ‘নতুন পৃথিৱী’ৰ লগত জড়িত লেখক আৰু

খোজৰ শব্দ॥১৫৫