পৃষ্ঠা:Khojar Xabda.pdf/২৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কিডনী হাওঁফাওঁ সিগৰাকীৰ। মোৰ দ্বিতীয়খন সংকলন সহৃদয় বন্ধু ললিত নাথে নি ডিব্ৰুগড়ৰ এগৰাকী উৎসাহী প্ৰকাশকক দিছিল, তেওঁ সেইবাৰ কলিকতাত একেলগে পাঁচখন কিতাপ ছপাইছিল। ‘প্রান্তিক’ত বিজ্ঞাপনো ওলাইছিল— কিন্তু আকৌ সেই দেও-ভূতৰ কথা— বিতৰণৰ বেলিকা বেটুপাত লুটিয়াই চাই দেখা পালে— ভিতৰখন কামৰূপীয়া ‘লাব্রা’ৰ দৰে জুতি লগা হৈ পৰিছে – অ'ৰ পাত ত’ত মিহলি হৈ পৰিছে। ফলত সেয়া গুৰু-ভকতক বিলাব পৰা হৈ নাথাকিল। ডিব্ৰুগড়ৰপৰা পৰিয়ালসহ আহি থাকোতে সেই ব্যৱসায় বুজি নোপোৱা সৎ, উদ্যোগী প্রকাশকগৰাকীৰ মটৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ খবৰ বাতৰিকাকতত পাই অন্তৰখনে হাহাকাৰ কৰি উঠিল । কপি নৰখাকৈ দিয়া গল্পকেইটাৰ ভিতৰত ‘বেংগ্ৰা’ নামৰ গল্পটোৰ বাহিৰে বাকীকেইটা হেৰাল।

আপোনাৰ ইয়াৰ আগৰ তিনিখন গল্প-সংকলন ‘খোজৰ শব্দ', ১৯৮০, ‘চিনাকি মুখৰ ছবি’, ১৯৯৫ আৰু ‘দখাৰ’, ১৯৯৯ – উলিওৱাৰ অভিজ্ঞতাও বৰ সুখকৰ নাছিল কিজানি?

□ সুখকৰ অৱশ্যে বুলিব নোৱাৰি। কিয়নো অসমত কিতাপ ছপা কৰাটো এটা ডাঙৰ সমস্যা। আজিও। মোৰ প্ৰথম সংকলন ‘খোজৰ শব্দ’ তেনেই অপইতা হাতৰ লেখা হ’লেও তাৰ ‘জৌশ’ তাৰ পাছৰ দুখন গল্প-কিতাপত নাছিল। কিতাপখন মোৰ চাকৰি-জীৱনৰ দুটা বছৰৰ সাঁচতীয়া টকাৰে ছপোৱা। কিতাপখনৰ চাৰি হাজাৰ কপি তিনি মাহতে ওলাই গৈছিল । তাৰে তিনিশ ছল্লিছ কপিৰ মূল্যহে ঘূৰাই পাইছিলোঁ। অসম আন্দোলনৰ আৰম্ভণি কালত এচাম পাঠকৰ বাবে যেতিয়া অসমীয়া ভাষাত পঢ়িব পৰাকৈ একো এটা নোহোৱা হৈছিল – তেতিয়া সেই সৰু কিতাপখন যেন হাত-পুথি হিচাপে ব্যৱহাৰ হৈছিল। কিতাপখনত কিন্তু আন্দোলনৰ ‘আ’টোও নাছিল। আছিল কেৱল আন্দোলন-পূৰ্ব ৰঙা ৰং আৰু খোজৰ শব্দ । ‘চিনাকি মুখৰ ছবি’ কেৱল শোষিত-লাঞ্চিত মানুহৰ মুখৰ ছবি। অপূৰঠ হ'লেও নিজৰ প্ৰিয় গল্পকেইটা এই সংকলনখনতে আছে। তাৰে এটা নি ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে তেখেতৰ সংকলনত ঠাই দিছিল। কিতাপখন মাননীয় সুৰেন্দ্ৰনাথ বৈশ্যই গাঁঠিৰ ধন ভাঙি ছপাইছিল ৷ পাঁচ বছৰৰ পাছত নলবাৰীৰ এজন বন্ধুৱে পুৰণা কাগজ বোটলা লোকৰ পাচিত পাই একপিত এটকাকৈ কিনি লৈ দহকপি ‘চিনাকি মুখৰ ছবি’ মোলৈ টোপোলা বান্ধি পঠাই দিছিল আৰু লাগে নেকিও সুধিছিল। কেমব্রিজে ছপোৱা ‘দখাৰ’ৰ বিষয় আছিল ঐতিহাসিক অসম আন্দোলন। ‘দখাৰ’ খাচী শব্দ, অৰ্থ বহিৰাগত। মই

২৮৪॥খোজৰ শব্দ