পৃষ্ঠা:Khojar Xabda.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰথম অৱস্থাৰ পৰাই কাট্টালৰ বহুমুখী চৰিত্ৰৰ সৈতে আমাৰ পৰিচয় ঘটে। অপ্ৰয়োজনীয় আৰু অপ্ৰাসংগিক যেন বোধ হোৱা সা-সঁজুলিৰ লগত ৰাতি পাৰ কৰা কাট্টালৰ দক্ষতা আৰু তেওঁৰ কৰ্মক্ষেত্ৰৰ দায়বদ্ধতাৰ মাজত এটা মন কৰিবলগীয়া পাৰ্থক্য আছে। কৰ্মক্ষেত্ৰত প্ৰদৰ্শিত পাৰদৰ্শিতাৰ সামাজিক স্বীকৃতিত আচৰিত হ’বলগা একো নাই। কিন্তু সেই দক্ষতাই যেতিয়া কাট্টালক আৱিষ্কাৰকৰ মৰ্যাদালৈ উন্নীত কৰে, তেতিয়া কিন্তু এই ব্যক্তিগত পাৰদৰ্শিতাই তেওঁৰ সামাজিক অৱস্থানতো প্ৰভাৱ পেলায়। এই প্ৰভাৱৰ মাত্ৰাই কিন্তু তেওঁৰ ব্যক্তিসত্তাক কিমান দূৰ চুই গৈছে তাৰ বিষয়ে আমি সঠিককৈ কোনো সিদ্ধান্তলৈ অহা সহজ নহ’ব। কিয়নো গল্পৰ শেষ অৱস্থাত সময়, অভিজ্ঞতা আৰু স্মৃতিৰ একত্ৰিতকৰণত যি লাছিৰ মেটাফৰত পৰিলক্ষিত হৈছে তাৰ এক নেপথ্য আছে যাৰ দ্বাৰা সামাজিক পৰিৱৰ্তন আৰু ব্যক্তিগত উন্নয়নক একেটা ফ্ৰেমতে আৱদ্ধ কৰা হৈছে। এগৰাকী আৱিষ্কাৰকৰ জীৱনলৈ অহা অৰ্থনৈতিক বা ব্যক্তিগত পৰিৱৰ্তন কিন্তু প্ৰসঙ্গমুক্ত নহয়। আৰু ইয়াক কেৱল সেই সমাজত পৰিলক্ষিত আন্তঃগাঁথনিক উন্নয়নৰ ভিত্তিত বিচাৰ কৰিব পৰা নাযায়। কাট্টালৰ স্মৃতি আৰু তেওঁৰ সামাজিক দায়বদ্ধতাক ইয়াত যি ৰূপত সজোৱা হৈছে তাৰ পৰিচালনা প্ৰক্ৰিয়া যথেষ্ট জটিল। গল্পকাৰৰ নিপুণ কথনশৈলীয়ে লুকুৱাই ৰখা এই সূক্ষ্ম সম্বন্ধ— ব্যক্তি আৰু সমাজৰ মাজত থকা সম্বন্ধ— নাগৰিক জীৱনৰ দুটা সুকীয়া অৱস্থাৰ সূচক। গল্পৰ প্ৰথম পৰ্যায়ত আমি যি কাট্টালক লগ পাওঁ তেৱোঁ নগৰৰেই বাসিন্দা, যদিও সেই নগৰৰ গতি মন্থৰ আৰু বহুক্ষেত্ৰত গাঁৱৰ দৰেই সৰলতাৰ দ্বাৰা আবৃত। দ্বিতীয় পৰ্যায়ত আৱিষ্কাৰক কাট্টালৰ নগৰীয়া অভিজ্ঞতাৰ স্বৰূপ সম্পূৰ্ণ বেলেগ নহ’লেও যথেষ্ট আঁতৰত অৱস্থিত, ভৌগোলিক আৰু মানসিক উভয়তেই ই প্ৰযোজ্য। বিশ্ব পৰিব্ৰাজক কাট্টাল এতিয়া তেওঁৰ আৱিষ্কৃত যন্ত্ৰৰ দাস। সময়ৰ দ্ৰুত বেগত খোজ মিলোৱা এই আৱিষ্কাৰকৰ ওচৰত এতিয়া আছে মাথোঁ স্মৃতি, আৰু লাছিৰ ৰূপকত প্ৰাণ লাভ কৰা এই ৰোমন্থনত অতীতৰ সংকোচন সম্ভৱপৰ হৈছে। সমাজ, জীৱন আৰু ব্যক্তিৰ এই যাত্ৰা যি সূত্ৰত মিলিত হৈছে তাৰ চৰিত্ৰ নাগৰিক অভিজ্ঞতাৰ পৰিৱৰ্তনত ধৰা পৰিছে। আনহাতেদি যি সমাজত এই পৰিৱৰ্তনৰ প্ৰভাৱ দেখা গৈছে তাৰ সাংস্কৃতিক ভিন্নতাই ব্যক্তি-সত্তাৰ ওপৰতো হেঁচা প্ৰয়োগ কৰিছে। আজি কাট্টাল আমেৰিকা নিবাসী আৰু আন্তৰ্জাতিক ক্ষেত্ৰত স্বীকৃত লোক, অথচ যেন তেওঁৰ সেই অতীতৰ লাছিৰ সোৱাদ স্মৃতিৰ মাজতে স্থগিত, কিয়নো কোনো অৰ্থনৈতিক উন্নয়নে আত্মীয়তাৰ আনন্দক ক্ৰয় কৰিব নোৱাৰে। হেৰোৱা সুবাসৰ বিষয়-ক্ষেত্ৰ নাগৰিক জীৱনৰ পৰিচিত-অপৰিচিত ৰূপৰ সন্মিলিত ছবি যদিও তাৰ জোখৰ আধাৰ কিন্তু ব্যক্তিগত অভিজ্ঞতাৰ মাজেদিহে পৰিস্ফুট। আৰু এই

১৪॥খোজৰ শব্দ