পৃষ্ঠা:Khojar Xabda.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কোনোটো নাটকীয়। কোনোটো পৰোক্ষ। মূলতঃ সু-সংহত আৰু স্বাদযুক্ত। ‘জুয়ে পোৰা বন’ত লোক কথাৰ বোলেৰে নিৰ্মাণ কৰা এটি আটক ধুনীয়া সংলাপ :‘হেৰৌ! দিনৰ পোহৰত বাদুলী, ফেঁচাইজানো চিকাৰ বিচাৰি ওলায়?’ এনে প্ৰকৃতিৰ সংলাপে গল্পকাৰৰ বহুকেইটা গল্পৰ মেজাজ সবল কৰি তুলিছে।‘কেৱল তেজৰ বাবে’ শীৰ্ষক গল্পত দেখা পাওঁ আমি : ‘আগতে তালৈ আশা কৰা দুজনীমানে আক’ ঠাৰে-চিঁয়াৰে কয়, ‘সকলো গছতে কিবা গুটি লাগেনে?’ সেইদৰে, ‘বহুৱা’ গল্পৰ মাধুৰ্য বৃদ্ধিৰ আঁৰত দুটিমান সংলাপ এনে ধৰণৰ :

 ‘ফাপৰী কঠীয়াৰ সঁচ’

 ‘কিহত পাপ কিহত পূণ্য? এইবোৰ গোটেই খঁৰা ডাবি’।

 ‘সেই খাই ঠোঁট এছৰাটো’?

 ‘সজ! সজ! এনেয়েনো কৈছেনে বোলে, মানুহ নহ'লে গাবয় গীত পৰপুৰুষত থাকে চিত!’......’। ‘বাঁকৰ সাধু’ গল্পটো উধৰপৰা মুধলৈকে তেনেকুৱা সংলাপেৰেই সমৃদ্ধ। যেনে : ‘ৰাম নৌ জন্মোতেই ৰেমায়ণ এইবাৰহে শুনিছিলোঁ, পিছে এইবাৰ শেনৰ এজাত’। আৰু এটা প্ৰসংগত গল্পটোত উল্লেখ আছে এইদৰে : ‘বৰ মেধি কমল গাঁওবুঢ়াৰ সম বয়সৰ। তেওঁ ইচ ইচাই উঠিল, ‘হে কি কোৱাহে সখা? জীৱন মৰণ গমন বাণী/ইচাৰি কথা ডাকেও নাজানে ......।’ আচলতে গল্পটোৰ ভাব বস্তুক ঘনীভূত কৰিবলৈকে প্ৰবচনমূলক সংলাপৰ প্ৰয়োজনীয়তা আছে। গল্পকাৰ সততে উৰ্বৰা ভাষাশৈলীৰে পৰিচিত। ‘চম্পা ৰিক্সাৱালা’ৰ প্ৰথম সংলাপটো : ‘যিয়ে যিটো বেয়া পাই তাৰ নচিবত কিন্তু সেইটোৱেই লিখা থাকে’। ইংগিতসূচক এটি চকুত লগা সংলাপ ‘অযান্ত্ৰিক’ত: ‘জোৱান মৰদ। ঐ বাতটা নাই বুজিলি?’ এৰা ৰহস্যময়তা, তেওঁৰ সংলাপৰ আন এটি মনোৰম গুণ।

 বিপুল খাটনিয়াৰ মূলতঃ শ্ৰেণী সচেতন গল্পকাৰ। যাৰবাবে তেওঁ ব্যৱহাৰ কৰা সংলাপবোৰত শ্ৰেণী দৃষ্টিভংগী একোটা নিহিত হৈ থাকে। ফলত, প্ৰগতিশীল ভাবধাৰাই তেওঁৰ গল্পক আবৃত্ত কৰি ৰাখিছে। ‘ঘাঁচু বাবুৰ মহল’ৰ সংলাপবোৰক আমি মঙহাল উদাহৰণ হিচাবে পাব পাৰোঁ। কাঠৰ মহলৰ মালিক ঘাঁচুবাবুৰ মুখৰ সংলাপ : ‘এতিয়া চিজন টাইম, নগাঁৱত এক ট্ৰিপ মাল দিয়া মানেই আঠশ টকা। মেলেৰীয়া বেমাৰী এটাৰ বাবেই গাড়ী এখন বন্দী কৰিব পাৰিনে? তাৰ উপৰি আছে অহা-যোৱা তেলৰ খৰচ’। চামচেৰে বহাৰ পৰা সেহাই সেহাই ক’লে, ‘ঐ সনা, ৰচী

টনা দুটাক তললৈ নমা। দুটাই নোৱাৰিবি, চিপিয়াত চাৰিটাই ধৰ। এডাল কাটা

খোজৰ শব্দ॥ ৬৫