পৃষ্ঠা:Khojar Xabda.pdf/২৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মোৰ দৃষ্টিত বিপুল খাটনিয়াৰ মানুহজন

উৎপলা ৰায়চৌধুৰী

বিপুল খাটনিয়াৰক মই লগ পাইছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ আমাৰ আবাসগৃহত। ১৯৮৪ চনৰ ১৮ ছেপ্টেম্বৰত মোৰ সহোদৰা ৰীণাক বিবাহ কৰাই তেওঁ আমাৰ পৰিয়ালৰ এজন সদস্য হৈ পৰে। সম্বন্ধত মোৰ ভনীজোঁৱাই হ’লেও তেওঁ মোৰ ককাইদেউ তথা বন্ধু সদৃশ আছিল। ৰীণাৰ বিয়া মোতকৈ আগেয়ে হোৱা বাবে তেওঁ আমাৰ ঘৰৰ প্ৰথম জোঁৱাই আছিল।

 স্পষ্টবাদী, পৰিশ্ৰমী, কষ্টসহিষ্ণু, অধ্যয়নশীল, অধ্যৱসায়ী, অতিথি পৰায়ণ খাটনিয়াৰৰ ধেমেলীয়া চৰিত্ৰই আমাক আকৰ্ষিত কৰিছিল। ধেমালিৰ মাজেৰে নিজৰ অপছন্দৰ কথাবোৰ অগ্ৰাহ্য কৰাটো তেওঁৰ কথনভঙ্গীৰ এক বৈশিষ্ট্য আছিল। এইবাবে তেওঁ বহুতৰে অপ্ৰিয়ও হৈছিল।

 ডেকাকালত তেওঁ পাৰিবাৰিকেই হওক বা চাকৰি সংক্ৰান্তই হওক সকলো কামতে অপৰিসীম কষ্ট কৰা পৰিলক্ষিত হৈছিল। তেওঁ গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত বাসস্থান নিৰ্মাণৰ সময়ত বনুৱাৰ লগত সমানে কাম কৰি, কোনো ধাৰ-ঋণ নোলোৱাকৈ কষ্ট কৰি সাঁচতীয়া ধনেৰে সজাইছিল। তেওঁ 'cut your coat according to your cloth’ কথাষাৰ জীৱনৰ শেষমুহূৰ্তলৈ মানি চলি এক সহজ-সৰল জীৱনধাৰা অব্যাহত ৰাখিছিল।

 চাকৰি কালছোৱাত ভূতত্ববিদ হিচাপে ফিল্ডলৈ যাবলগীয়া হ’লে পৰিয়ালৰ যিমানই অসুবিধা নহওক কিয় কোনোদিনেই সেই অজুহাতত নোযোৱাকৈ থকা নাছিল। ১৯৮৭ চনত উমৰাংচুৰ এটা কেম্পলৈ আমাৰো এবাৰ যোৱাৰ সুবিধা হৈছিল। পাহাৰীয়া অঞ্চলৰ জংঘলত তম্বু তৰি থাকি ৰাতিপুৱা উঠিয়েই খননস্থলীলৈ ৰাওনা হৈ কিধৰণৰ খাটনি কৰিছিল; তাকে দেখি অবাক হৈ গৈছিলোঁ। যিটো সময়ত কাৰ্বি

২৭০॥খোজৰ শব্দ