পৃষ্ঠা:Khojar Xabda.pdf/২০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আগ বঢ়াইছিলোঁ৷ সঁচাকৈ কি আচৰিতঙ্গ কি ভয়ংকৰ পৰিৱেশঙ্গ ভৰ বাৰিষা তেতিয়া। কোনোপ্ৰকাৰেই সাহস নহয়। তথাপি জনস্বাৰ্থৰ প্ৰতি থকা টানঙ্গ আনহাতে ওপৰে ওপৰে চাই গল্প লিখাৰ পক্ষপাতী নাছিল বিপুল ভিনদেউ। গতিকে মৰসাহ কৰি কলগছেৰে সাজি লোৱা ভুৰ (ভেল)ত উঠি বানপানীত ককবকাই ভেটি উচন হোৱাৰ পাছত সামান্য ওখ ঠাই নাইবা মথাউৰিত সৰু সৰু ল’ৰা-ছোৱালী, হাঁহ-কুকুৰা, গৰু আদি সহ অতি দুৰ্বিসহ জীৱন জীয়াই থকা লোকসকলক লগ ধৰিছিলোঁ আমি। তেওঁলোকৰ জীৱন-যন্ত্ৰণাৰ সতে নিজকে জড়িত কৰি লৈছিল আৰু হৃদয়ংগম কৰিছিল। গল্পটোৰ সমল বিচাৰি মন্দিয়া অঞ্চলৰ কপোহা, গড়লা, ডঙৰা, আদি গাঁওসমূহলৈ আমি গৈছিলোঁ। আমি গৈছিলোঁ কয়াকুছি অঞ্চলৰ খাবলাৰভিঠা, নলীৰ পাম, মৰিছা, চকীৰভিঠা আদি গাঁওসমূহলৈ। তেওঁলোকৰ দৈনন্দিন জীৱন-যন্ত্ৰণা, বানত সকলো হেৰুৱাই সৰ্বস্বান্ত হোৱা, অনাহাৰে দিন-ৰাতি পাৰ কৰাৰ জীৱন গাথাৰ সৈতে সমভাগী হৈছিল বিপুল ভিনদেউ। ইফালে ইমান যন্ত্ৰণাৰ মাজতো তেওঁলোকৰ জীৱন গাথাক লৈ আমাৰ আগত গাই শুনাইছিল ফকিৰন্টি গীত, বিভিন্ন লোকগাথাৰ গীত, ভৈঠালী সুৰ আদি। সঁচাকৈয়ে কি যে এক বিৰল অভিজ্ঞতা! এনেদৰেই বিপুল খাটনিয়াৰদেৱৰ প্ৰতিটো গল্পৰ মাজতেই বিচাৰি পোৱা যায় সঁচা জীৱনৰ জীয়া কাহিনী।

 বিপুল খাটনিয়াৰৰ জন্ম হৈছিল ১৯৫৩ চনত তিনিচুকীয়া জিলাৰ দেওশাল চাহ বাগিচাত। তেখেতে ১৯৭৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভূতত্ত্ব বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু ভূতত্ত্ব তথা খনি বিভাগৰ চাকৰিত যোগদান কৰে আৰু উক্ত বিভাগৰপৰাই অৱসৰ গ্ৰহণ কৰে। তেখেতে অসমৰ প্ৰগতিশীল সাহিত্য আন্দোলনৰ অন্যতম গুৰি ধৰা তিনিমহীয়া আলোচনী ‘নতুন পৃথিৱীত গল্প লিখিবলৈ আৰম্ভ কৰে আৰু অসমীয়া গল্প সাহিত্যৰ জগতখনত বলিষ্ঠ অবদানেৰে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল। আনকি পৰৱৰ্তী সময়ত অসমৰ মূল ধাৰাৰ সকলো প্ৰতিষ্ঠিত আলোচনীয়ে বিপুল খাটনিয়াৰৰ গল্প অত্যন্ত আগ্ৰহেৰে ছপাবলৈ আৰম্ভ কৰে।

 চাৰি দশকতকৈয়ো অধিক কাল ধৰি গল্প লিখি অহা বিপুল খাটনিয়াৰদেৱে গল্প লিখি এক বলিষ্ঠ অবদানেৰে অসমীয়া সাহিত্যৰ ভঁড়াল চহকী কৰি থৈ গ’ল। তেখেতৰ গল্প সম্ভাৰৰ ভিতৰত—‘খোজাৰ শব্দ’ (১৯৮২), ‘চিনাকি মুখৰ ছবি’ (১৯৯৫), ‘দখাৰ’ (১৯৯৯), ‘তাই কাপোৰ নিপিন্ধে’ (২০০২), ‘ভিন্ন জীৱন ভিন্ন কথকতা’ (২০০৯), ‘চিনাকি মুখ অচিনাকী ছবি’ (২০১০), ‘ঘঁৰিয়ালডাঙাৰ কথা’

(২০১৬), ‘হাৱা ভাল চলা নাই’ (২০২০)। উল্লেখ্য যে বিপুল খাটনিয়াৰদেৱে

খোজৰ শব্দ॥ ২০১