পৃষ্ঠা:Khojar Xabda.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পঢ়ুৱৈৰ চেতনাক চাবুক মাৰি থৈ যায়।

 বিপুল খাটনিয়াৰৰ গল্প বৈচিত্ৰ্যময় চেতনাৰ ধাৰক আৰু বাহক। শ্ৰেণীবিভাজিত সমাজ এখনৰ কথা ক’বলৈ যাওঁতে তেখেতৰ গল্পই এক অন্য আয়তন লাভ কৰে। নিম্নবৰ্গীয় সমাজ এখনৰ দৈনন্দিনতাক তেখেতে উন্মোচন কৰে ব্যতিক্ৰমী প্ৰত্যয়েৰে। এক নিৰ্ভীক নিৰাবেগ শৈলীৰে তেখেতে কৈ যায় শোষণৰ আঁৰৰ নানা সত্য। এই সত্যৰ উন্মোচনে পঢ়ুৱৈক দি যায় চিন্তা আৰু যুক্তিৰ এক নতুন মাত্ৰা। কেৱল পৰিচিত সত্য বা আমাৰ চৌপাশেই নহয়; অন্য ৰাজ্যৰ পটভূমিতো (মিজোজাই) তেখেতে দেখুৱাইছে খাটিখোৱাজনৰ ব্যথা। প্ৰতিবাদ আৰু প্ৰতিৰোধৰ উপস্থাপনৰ বাবে খাটনিয়াৰৰ গল্পত সচেতন পাঠকে মহাশ্বেতা দেৱীক বিচাৰি পাব পাৰে। খাটনিয়াৰৰ গল্পভাষা নিৰ্মেদ আৰু আটিল। অসমীয়া ভাষাৰ এক নব্য কালিকা আৰু সম্ভাৱনীয়তাক তেখেতে উজলাই তুলিছে। সেয়েহে তেখেতৰ গল্পত এক অনন্য সুখপাঠ্যতা চকুত পৰে। ভাব আৰু ভাষাৰ নিটোল সমন্বয়; প্ৰতিবাদ প্ৰতিৰোধৰ উপস্থাপন আৰু এক শুভবোধৰ তাড়নাই তেখেতক সমাজ জীৱনৰ ভাষ্যকাৰ কৰি তুলিছে।❐

(লেখক পাণ্ডু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক)

খোজৰ শব্দ॥ ৫৯