পৃষ্ঠা:Khojar Xabda.pdf/১৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰাজ্যিক সম্পাদকৰ দায়িত্ব কান্ধ পাতি লোৱাৰ পিছত ২০মাৰ্চ, ৯৪ তাৰিখে কেন্দ্ৰীয় কাৰ্যালয়ত পৰিষদৰ নৱ নিৰ্বাচিত ৰাজ্যিক সমিতিৰ প্ৰথমখন বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তমৰ্মে দুবছৰীয়া কাৰ্যকাল (১৯৯৪-৯৬)ৰ কৰ্ম আঁচনি যুগুতাই যিখন চাৰ্কুলাৰ পঠিয়াইছে তাত পৰিষদৰ সাংগঠনিক কামৰ প্ৰতিচ্ছবিখন তেওঁ তুলি ধৰিছে। এখন চাকুলাৰত উল্লেখ কৰা গুৰুত্বপূৰ্ণ বিষয়টো আছিল ‘সন্মিলনেই একোটা সংগঠনৰ সাংগঠনিক দিশৰ দৰ্পন। সেয়ে সন্মিলনৰ সাংগঠনিক খতিয়ানো সংগঠনৰ সুস্থ বিকাশৰ স্বাৰ্থতে অপৰিহাৰ্য।’ এই দৃষ্টি সমুখত ৰাখি বৈঠকে পৰিষদৰ ভৱিষ্যত কাম-কাজ আগুৱাই নিয়াৰ ক্ষেত্ৰত নিশ্চিতভাৱে সহায় কৰিব। বৈঠকে ১৯৯৪-৯৬ কাৰ্যকালৰ বাবে যিখন পূৰ্ণাংগ আঁচনি গ্ৰহণ কৰিছিল তাৰ সিদ্ধান্তসমূহ আছিল—

ক) সাংগঠনিক দিশৰ আঁচনি/ সিদ্ধান্ত
 (১) শ্ৰী ইছমাইল হোছেইনক কাৰ্যালয় সম্পাদক নিৰ্বাচিত কৰা হয়। (২) সমূহ নিষ্ক্ৰিয় শাখাকে সক্ৰিয় কৰা আৰু নতুন শাখা গঢ়াৰ প্ৰতি ৰাজ্যিক সমিতিয়ে অগ্ৰগামী ভূমিকা পালন কৰিব আৰু ৮ম ৰাজ্যিক সন্মিলনলৈকে বৰ্তমানৰ ২০৩২ জন সদস্যৰ পৰিৱৰ্তে ৩৫০০জনলৈ সদস্য সংখ্যা বৃদ্ধি কৰিব। (৩) শ্ৰীইছলামুদ্দিন আহমেদ (নলবাৰী), শ্ৰী গদাধৰ কলিতা (মাণিকপুৰ), শ্ৰী ত্ৰিপথনাথ চক্ৰৱৰ্তী (ধুবুৰী) আৰু চন্দ্ৰ শৰ্মা (গুৱাহাটী)ক বিশেষ আমন্ত্ৰিত সদস্য হিচাপে মনোনীত কৰা হয়।

খ) প্ৰকাশন সম্পৰ্কীয় সিদ্ধান্ত
 (১) সহ:সম্পাদক পৰমানন্দ মজুমদাৰক প্ৰকাশন সমিতিৰ আহ্বায়ক হিচাপে লৈ বুলেটিন উপ সমিতি (সমীন্দ্ৰ হুজুৰি, নৰেন দাস, অনিল বড়ো— আহ্বায়ক) আৰু মুখপত্ৰ উপসমিতি (অনিল ৰায়চৌধুৰী, তোষেশ্বৰ চেতিয়া, নৰেন দাস, পৰমানন্দ মজুমদাৰ— সম্পদক)খন পুনৰ গঠন কৰা হয়। ৰাজ্যিক সমিতিৰ প্ৰতিখন বৈঠকৰ লগত সংগতি ৰাখি বুলেটিন আৰু বছৰত দুটাকৈ সংখ্যা মুখপত্ৰ (শাখা ভিত্তিক সংগ্ৰহ হোৱা মৌলিক লিখনিৰে সমৃদ্ধ)ৰ প্ৰকাশ পাব।

 (২) প্ৰস্তাৰিত শ্বহীদ স্মৃতি গ্ৰন্থখন অহা ২ জুলাইৰ ভিতৰত প্ৰকাশ কৰি উলিয়াবৰ বাবে গুৱাহাটী আঞ্চলিক সমিতিয়ে উদ্যোগ গ্ৰহণ কৰিছে। গ্ৰন্থখনিৰ প্ৰচাৰ আৰু বিক্ৰীৰ ক্ষেত্ৰত সকলোৱে প্ৰয়োজনীয় সহায় আগ বঢ়াব লাগিব।

 (৩) লক্ষ্মীধৰ শৰ্মা ৰচনাৱলী ২য় খণ্ড অহা দুবছৰৰ ভিতৰত প্ৰকাশ কৰি উলিয়াবলৈ এখন আঁচনি প্ৰস্তুত কৰা হৈছে।...

 (৪) গণ-সংগীতসমূহৰ এখনি নিৰ্বাচিত সংকলন সম্ভৱপৰ ক্ষেত্ৰত স্বৰলিপি

সহ প্ৰকাশ কৰিবৰ বাবে আঁচনি যুগুত কৰাৰ হকে এখন উপসমিতি (পৰমানন্দ

খোজৰ শব্দ॥১৬৩