পৃষ্ঠা:Khojar Xabda.pdf/২৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভঁৰাল আছিল খাটনিয়াৰ দাৰ। সাহিত্য আৰু ভূতত্ত্বৰ। তেখেতৰ জীৱনৰ অভিজ্ঞতাবোৰ গল্প শুনাৰ দৰে শুনি গৈছিলোঁ, বহু কথা শিকিছিলোঁ ভূতত্ত্ব সম্বন্ধীয়। তেখেতৰ ভূতত্ত্বৰ জ্ঞান আছিল অপৰিসীম। আজি কিছু কথা যদি জানো বুলি আনে ভাবে, সেইখিনি খাটনিয়াৰ দাৰেই অৱদান।

 তেখেতৰ লগত চামতা পথাৰ, সোণাপুৰৰ ওচৰত গ্ৰেণাইটৰ অনুসন্ধানত কৰা field খন চিৰস্মৰণীয় ৷ মোৰ ল’ৰাৰ বয়স তেতিয়া এবছৰ মাত্ৰ ৷ গতিকে ল’ৰাক লৈ যাবলগীয়া হৈছিল কেম্পলৈ। সদায় সান্ধ্য ভ্ৰমণলৈ যোৱাটো আমাৰ অভ্যাসত পৰিণত হৈছিল ৷ মোৰ সহকৰ্মী তথা ভনীসদৃশ কবিতা আছিল তেখেতৰ সৰু বাইদেউ আৰু মই ডাঙৰ বাইদেউ। ল’ৰাই ভালকৈ খোজ পেলোৱাই নাই। ‘ব’ল তয়ো যাবি’ বুলি এহাতে কোলাত ডাঙি লৈ খোজ পেলালেই। আহোঁতে চিংৰা আৰু ৰসগোল্লা খোৱাটো একপ্ৰকাৰ নিয়মত পৰিণত হৈছিল। বন্ধৰ দিনত সোণাপুৰৰ আৰ্মী কেণ্টিনত টেক্স-ফ্রী বজাৰ কৰা আৰু চিনেমা চোৱা আমাৰ field প্ৰগ্ৰেমৰেই এটা অবিচ্ছেদ্য অংগ আছিল। শীতৰ বন্ধত ছোৱালীও আমাৰ কেম্প পাইছিলগৈ।

 বজাৰ কৰাত অদ্ভুত চখ আছিল আৰু সেই চখটো মই তেওঁৰ পৰাই হয়তো আহৰণ কৰিছিলোঁ । গাঁৱৰ সাপ্তাহিক বজাৰবোৰ আমাৰ বৰ প্ৰিয় আছিল। মই ৰন্ধা প্ৰতিটো বস্তুৱেই ইমান আগ্ৰহেৰে খাইছিল যে বুজাব নোৱাৰোঁ। খেতি কৰা, ঘৰৰ খেতিৰ বস্তুপদ সযতনে মৰমেৰে লৈ অহা কথাবোৰে বৰকৈ আমনি কৰে খাটনিয়াৰ দা!

 অতি সাধাৰণভাৱে জীৱন অতিবাহিত কৰা, সৰু-বৰ সকলোকে সমান ব্যৱহাৰ কৰা ব্যক্তিজনলৈ মোৰ সশ্রদ্ধ প্রণাম। জীৱনৰ ঘাত-প্রতিঘাতবোৰৰ সন্মুখীন হওঁতে আপোনালৈ বৰকৈ মনত পৰে অ’ খাটনিয়াৰ দা। আহি যেন ক’ব, ‘চিন্তা নকৰিবা ডাঙৰ বাইদেউ, মই আছোঁ নহয়৷’ য’তেই আছে খাটনিয়াৰ দা শান্তিত থাকক, লিখা পঢ়া কৰি থাকক। লগ পাম আকৌ...

(লেখক এগৰাকী ভূতত্ত্ববিদ, ভূতত্ত্ব আৰু খনি সঞ্চালকালয়, অসম)

খোজৰ শব্দ॥২৪৩