পৃষ্ঠা:Khojar Xabda.pdf/২৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেইবোৰৰ স্মৃতি এতিয়াও সজীৱ হৈয়ে আছে।

 ভূতত্ত্ববিদ হিচাপে তেখেত আমাৰ অফিচৰ এক সম্পদ (asset) আছিল। বিষয়বস্তুৰ ওপৰত তেখেতৰ যি জ্ঞান আছিল তাৰ লগত ফেৰ মৰা মানুহ খুব কমেই ওলাব। অতি জটিল বিষয়বস্তু এটাও তেওঁ যিমান সহজকৈ বুজাই দিব পাৰিছিল এনে লাগে যেন আমি এনেয়ে ইমান টান বুলি ভাবি আছিলোঁ। যি সকলে তেওঁৰ লগত ফিল্ডত কাম কৰিছে প্ৰতিজন মানুহে সেই কথা স্বীকাৰ কৰিব।

 খাটনিয়াৰদাৰ প্ৰথম পৰিচয় আছিল সাহিত্যিক হিচাপেহে। বহুত গ্ৰন্থ তেখেতে ৰচনা কৰি থৈ গৈছে৷ যিবোৰে অসমীয়া সাহিত্য জগতখন টনকিয়াল কৰিছে। পূজা বা বিহু সংখ্যাৰ প্ৰায় প্ৰতিখন আলোচনীতে তেখেতৰ এটা লিখনী প্ৰকাশ পাবই। মানুহে খাটনিয়াদাক ভূতত্ত্ববিদতকৈ সাহিত্যিক হিচাপেহে বেছিকৈ জানিছিল।

 অৱসৰৰ পিছতো খাটনিয়াৰৰ্দাৰ লগত মোৰ সম্বন্ধ অটুট আছিল। প্ৰায় নিয়মিতভাৱেই আমাৰ ঘৰলৈ আহিছিল। আবেলি খোজ কাঢ়িবলৈ আহি সোমায়। পকেটত এসোপা চকলেট থাকেই যিটো মোৰ ভতিজীজনীৰ প্ৰধান আকৰ্ষণ আছিল। বিভিন্ন বিষয়ৰ ওপৰত আমি কথা পাতিছিলোঁ। খাটনিয়াৰ দাৰ লগত কথা পাতিলে সদায় কিছু কথা শিকোঁ —সেয়া আমাৰ জিওলজীও হ’ব পাৰে, সাহিত্যও হ’ব পাৰে বা সাম্প্ৰতিক বিষয়বস্তুও হ’ব পাৰে। তেওঁ আছিল জ্ঞানৰ ভঁৰাল।

 তেখেতৰ অসুখৰ খবৰ পোৱাৰ পিছত ঘৰলৈ যাব খুজি ফোন কৰোঁতে কৈছিল— ‘নাহিবা, মই খিনাই দেখিবলৈ বেয়া হৈ গৈছোঁ।’ জোকাইছিলোঁ, ইঃ এনেই যেন বৰ ধুনীয়া আপুনি।’ তেখেতে হাঁহে। আমাৰ সম্বন্ধ আন্তৰিকতাৰ আছিল, য’ত বেয়া পোৱাৰ স্থান নাই।

 ল’ৰা বাবৰৰ বিয়াত তেওঁক শেষ লগ পালোঁ। তাৰ আগতে ছোৱালী ইমনৰ বিয়ালৈও মাতিছিল। কভিডৰ বাবে সেইখন বিয়াত মানুহ কম মাতিছিল। কিন্তু মই সেই কম মানুহৰ মাজত আছিলোঁ। কিমান যে আগ্ৰহ মানুহজনৰ। কি খুৱাব কি নুখুৱাব। গাৰ্গী মানে মোৰ ভতিজীজনীও খাটনিয়াৰ মামা বুলিলে পাগল আছিল। বাবৰৰ বিয়াৰ সময়ত তাইৰ পৰীক্ষাৰ বাবে যাব পৰা নাছিল। সেই কথাটো খাটনিয়াৰদাই বৰ বেয়া পালে। কিন্তু এতিয়া ভাবিলে বৰ দুখ লাগে কিয় তাইক নিনিলোঁ বুলি।

 খাটনিয়াৰ দা মোৰ তেজ মঙহৰ দাদাতকৈ কোনোগুণে কম নাছিল। এতিয়াও বিশ্বাস কৰিবলৈ টান লাগে তেওঁ নাই বুলি। ভাল মানুহবোৰক চাগে ভগবানে বেছিদিন

পৃথিৱীত ৰাখিবলৈ বেয়া পায়। খাটনিয়াৰ দাৰতো যোৱাৰ সময় হোৱা নাছিল।

খোজৰ শব্দ॥ ২৩৭