পৃষ্ঠা:Khojar Xabda.pdf/২০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিপুলদাৰ সোঁৱৰণত

সুচিত্ৰা ৰাভা

‘খোজৰ শব্দ’ নামৰ গল্পৰ কিতাপখন মোক কোনে দিছিল মনত নাই। এটা বয়স আছিল গল্প, কবিতা, উপন্যাস পালে গো-গ্ৰাসে গিলিছিলোঁ৷ ‘খোজৰ শব্দ’ নামৰ গল্পৰ কিতাপখন পাই লগে লগে পঢ়িবলৈ আৰম্ভ কৰিলোঁ; মগজুৰ কোনোবা এখন দুৱাৰ খোল খাই গ’ল, গাৰ নোম দাং খাই উঠিল, ক’ব নোৱাৰাকৈ গল্পবোৰে বুকুৰ কোনোবাখিনিত খুণ্ডা মাৰি উখল-মাখল লগাবলৈ ধৰিলে। লগে লগে লিখকজনৰ চেহেৰাটো কল্পনা কৰিবলৈ ধৰিলোঁ।

 মই আছিলোঁ সাহিত্য সভাৰ বেলতলা শাখাৰ সম্পাদিকা। অতি অভাৱনীয়ভাৱে মোক এই বাব দিয়া হৈছিল, কিন্তু মোৰ চিন্তা-চৰ্চাৰ গতি আছিল অন্য দিশে। সঠিক দিশলৈ যোৱাৰ বাট কোনটো তাক নিৰ্ণয় কৰিবলৈ অপাৰগ হৈ একপ্ৰকাৰ স্থবিৰ হৈ থকাৰ সময়তে সাহিত্য পৰিষদৰ প্ৰয়াত নৰেন দাস আৰু শোভা খনিকৰ ডাঙৰীয়াক লগ পালোঁ, সেই তেতিয়াৰেপৰা এতিয়ালৈ (১৯৮৭ চনৰপৰা) সদস্য হৈ আছোঁ। ১৯৮৮ চনৰ বিশ জুনত বেলতলাৰ লক্ষ্মীমন্দিৰত নতুন সাহিত্য পৰিষদে ‘ৰাভা দিৱস’ উদ্‌যাপন কৰিছিল। ‘ৰাভা দিৱস’ সফল কৰি তুলিবলৈ বিপুলদা আমাৰ লগ লৈছিলহি, তেওঁক দেখি মই আবেগত মুক হৈ পৰিছিলোঁ, মোৰ চকু চলচলীয়া হৈছিল, মোৰ প্ৰিয়তম গল্পকাৰ বিপুলদাক মই ইয়াৰ আগতে ক’ত লগ পাইছিলোঁ বাৰু? হয়তো ‘নতুন পৃথিৱী’ত, হয়তো ‘জনজীৱন’ত নতুবা অসমৰ গাঁও-ভূই, খেতি পথাৰত। মই কল্পনা কৰা বিপুলদাই হাঁহি এটা মাৰি চক খুৱাই কৈছিল— ‘তুমিয়ে সুচিত্ৰা ৰাভা?’

 ১৯৮৯ চনত মোৰ সুভাষ সাহাৰ সৈতে বিয়া হৈছিল। সাহিত্য পৰিষদৰ কামকাজত বাৰুকৈয়ে যুক্ত হৈ পৰিছিলোঁ। বিপুলদাক সঘনাই লগ পাই আছিলোঁ।

নতুন সাহিত্য পৰিষদৰ বিভিন্ন কাৰ্যসূচীৰ বাবে একেলগে পুঁজি সংগ্ৰহ কৰিছিলোঁ।

২০৬॥খোজৰ শব্দ