পৃষ্ঠা:Khojar Xabda.pdf/২৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আংলঙৰ মাঞ্জা সন্ত্ৰাসবাদীৰ ঘাটি হিচাপে খ্যাত আছিল; সেই সময়তো তেওঁ সাহসিকতা তথা সফলতাৰে কাম কৰি উভতি আহিছিল। তেওঁ যিটো কামতেই হাত দিছিল, সেই কামটো কষ্ট কৰি হ’লেও নিয়াৰিকৈ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল।

 পৰিয়ালৰ বৰপুত্ৰ হিচাপে তেওঁ পিতৃ-মাতৃকে আদি কৰি পৰিয়ালৰ সকলো সদস্যৰ প্ৰতি জীৱনৰ শেষ পৰ্যায়লৈ নিজৰ কৰ্তব্য কৰি দায়িত্বশীলতাৰ পৰিচয় দাঙি ধৰিছিল। চাকৰিয়াল তথা শিল্পী পত্নীকো তেওঁ নিজৰ কৰ্তব্য সম্পাদন বা ইচ্ছা পূৰণৰ ক্ষেত্ৰতো সদায় সহযোগিতা আগবঢ়াইছিল। কোনো কামকেই তেওঁ এলাহ কৰি পিছুৱাই থোৱা দেখা নাছিলোঁ।

 আমাৰ পিতা প্রয়াত অনিল ৰায়চৌধুৰীৰ সৈতে তেওঁ প্ৰগতিশীল সাহিত্য জগতৰ উন্নতিৰ বাবে যথেষ্ট খাটনি কৰি ‘নতুন সাহিত্য পৰিষদ'ৰ জৰিয়তে কাম কৰি গৈছিল। নতুন সাহিত্য পৰিষদ’ৰ মঞ্চত ন ন লেখক-লেখিকাই যাতে আত্মপ্রকাশ কৰি প্ৰগতিশীল সাহিত্য আগুৱাই নিব পাৰে তাৰবাবে তেওঁৰ প্ৰচেষ্টা শলাগিবলগীয়া । ‘নতুন পৃথিৱী’ৰ জৰিয়তে গল্পলিখক হিচাপে আত্মপ্ৰকাশ কৰা এইজন বিপুল খাটনিয়াৰে বহুকেইজন সম্ভাৱনাপূর্ণ যুৱ সাহিত্যিকক বিভিন্ন সমল তথা উপদেশেৰে আগুৱাই যোৱাত সহায় কৰিছিল। ‘নতুন সাহিত্য পৰিষদ’এসময়ত তেওঁৰ সন্তানৰ দৰে আছিল। ইয়াৰ মাধ্যমেৰে প্ৰকাশিত কেবাখনো গ্ৰন্থৰ প্ৰকাশৰ বাবে দান-বৰঙণি সংগ্ৰহ কৰাৰপৰা প্রুফ চোৱাকে আদি কৰি ছপা হোৱাৰ সময়লৈকে কি ধৰণে আত্মনিয়োগ কৰিছিল, সেয়া দেখি আমি হতবাক হৈ পৰিছিলোঁ। অকল ছপা হোৱাৰ পর্যায়তে ক্ষান্ত নাথাকি তেওঁ দান-বৰঙণি দিয়া লোকসকললৈ গ্ৰন্থসমূহ পোৱাই দিয়ালৈকে সকলো দায়িত্ব পালন কৰিছিল। দিন-ৰাতি একাকাৰ কৰি, সংসাৰৰ প্ৰতি পিঠি দি হ’লেও; তেওঁ যিটো কাম হাতত লৈছিল তাক সম্পূৰ্ণ নকৰালৈ শান্তি নাপাইছিল ৷ অসুস্থতাৰ মাজেৰেও তেওঁ আমাৰ পিতৃৰ ‘স্মৃতিলেখা’খন উলিওৱাৰ সকলো কামকাজ পৰিচালনাৰ ভাৰ সফলভাৱে সমাপন কৰাৰ কথা উল্লেখ নকৰিলে আমাক কৃতঘ্নতাৰ পাপে চুব।

 তেওঁ আছিল এজন প্ৰচাৰ বিমুখ মানুহ। তেওঁৰ লিখনি বিভিন্ন আলোচনী, বাতৰি কাকতত ওলালেও কেতিয়াও আমাক নিজৰ মুখেৰে নজনাইছিল। আমি যদি পঢ়ি উঠি কিবা মন্তব্য দিওঁ, তেতিয়া তেওঁ মনোযোগেৰে শুনি আমাৰ খু-দুৱনি মাৰ নিয়াইছিল ৷ ‘ভূমি’, ‘আলাপ’ আদি বিভিন্ন আলোচনী প্রকাশ পালেই আমাক একপিকৈ দিছিল; কিন্তু কোনোদিনেই তাৰ মূল্য বিচাৰি কোনো কথাই কোৱা নাছিল।

খোজৰ শব্দ॥২৭১