পৃষ্ঠা:Khojar Xabda.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিপুল খাটনিয়াৰৰ স্মৃতিত একলম

মছউদুল হক

অসমীয়া ভাষাত গল্প লেখকৰ সংখ্যা তাকৰ। যোৱা তিনিটা দশকত খুচৰি চালে লেখত ল’বলগীয়া গল্পকাৰৰ মাজত বিপুল খাটনিয়াৰ এজন মনোজ্ঞ লেখক। ৰিৰিবকৈ বোৱা এছাটি মলয়া বতাহ যেন। প্ৰগতিশীল আলোচনী ‘নতুন পৃথিৱী’ত আৰম্ভ কৰা তেওঁৰ গল্পৰ যাত্ৰা বিভিন্ন আলোচনীৰ পাতত এবছৰৰ আগলৈকে অব্যাহত আছিল। তেওঁৰ ভালেকেইখন গল্প সংকলনে আমাৰ সাহিত্যত এক বিশিষ্ট আসন দখল কৰি আছে।

 খাটনিয়াৰৰ গল্প অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সমকালৰ সমাজ জীৱনৰ দাপোণ৷ তেওঁৰ সুবাসিত চেতনাত ৰংপুৰীয়া ভাষা আৰু কৃষ্টিয়ে ক্ৰিয়া কৰি থকাৰ ফলত তেওঁৰ কলমত প্ৰাণ পাই উঠা কাহিনীৰ ভাষা আৰু স্বচ্ছ আৰু মনোৰম। তেওঁৰ নিজৰ শলগুৰি অঞ্চলৰ চৌদিশৰ পৰিৱেশত বহু কাহিনী, বহু ঘটনা কিম্বদন্তী স্বৰূপে বিৰাজ কৰিছে। তাৰ বহু চৰিত্ৰ আৰু টুকুৰা-টুকুৰ কাহিনী তেওঁৰ গল্পৰ ভালেমান চৰিত্ৰৰ প্ৰাণ। আশৈশৱ চকুৰ আগত দেখি থকা জেৰেঙা-ৰূপহী-মেটেকা- জয়-খামদাং পথাৰ তেওঁৰ বহু গল্পত সজীৱ। নামদাং-ডিমৌ-ৰূপহী চলাখনা আদি নৈ জান-জুৰি-বিল কিছুমান গল্পত সাকাৰ।

 তেওঁ বাল্য আৰু কৈশোৰত দেখা সমাজখনত ধনৰ প্ৰাচুৰ্য নাছিল। ধান-শাক- পাত, মাছ-গাখীৰ কিন্তু আছিল পৰ্যাপ্ত। তেল কোম্পানীকে ধৰি বিভিন্ন চাকৰিয়ে আৰু আনকি হাবি কটা শ্ৰমিকৰ মজুৰিয়েও আনিলে পৰিৱৰ্তন। শিক্ষা-দীক্ষাৰ বাবে দীঘল বাট বুলিব লাগে। বাট-পথ খলা-বমা। দলঙৰ কথা নোকোৱাই ভাল। দলং আৰু সাঁকো ঢলং-পলং। বাটত জাৰণি-বাঁহনি-পিটনি। বাৰিষা আঁঠুৱনীয়া বোকা। চাইকেলত ডবল কেৰী। গাঁৱত চাইকেলনো আছিল কেইখন! ৰেডিঅ’ একোটা

চুবুৰীত নাছিলেই। তাৰ মাজতো তেওঁলোকৰ অঞ্চলটো পঢ়া-শুনাত আগবঢ়া। নাৰী

১৩৬॥খোজৰ শব্দ