পৃষ্ঠা:Khojar Xabda.pdf/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাহিত্যানুৰাগী লোকসকলক একেখন মঞ্চত সমবেত কৰাৰ উদ্দেশ্যে ‘নতুন সাহিত্য পৰিষদ’ নামৰ সাহিত্য সংগঠনটিৰ জন্ম দিয়ে। এই সভাতেই ৰাজ্যিক ভিত্তিত যিখন সাংগঠনিক তথা কাৰ্যনিৰ্বাহক সমিতি নিৰ্বাচিত কৰা হৈছিল তাৰ সভাপতি আছিল দেৱপ্ৰসাদ বৰুৱা, সহ: সভাপতি ফণীধৰ গগৈ, সাধাৰণ সম্পাদক তাৰকচন্দ্ৰ গোস্বামী, সহ: যুটীয়া সম্পাদকদ্বয় হীৰেন গগৈ আৰু বিপুল খাটনিয়াৰ। আন সদস্যসকলঃ সৰ্বশ্ৰী দীনবন্ধু ঠাকুৰীয়া, চন্দ্ৰ শৰ্মা, মুনীন গোস্বামী, অনন্ত ডেকা, ডাঃ অনিল ভৰালী, মৃন্ময়কান্তি সৰকাৰ, চন্দ্ৰমোহন শৰ্মা, মুকুট ভট্টাচাৰ্য, দুৰ্গেশ্বৰ ডেকা, মোহন কৃষ্ণ মিশ্ৰ, বিজনলাল চৌধুৰী, অনিল ৰায়চৌধুৰী, অজিত তালুকদাৰ, তোষেশ্বৰ চেতিয়া, শিৱনাথ বৰ্মন, ধীৰেন মিশ্ৰ। কিছুদিন পিছতে দেৱপ্ৰসাদ বৰুৱাই সভাপতি পদৰপৰা অব্যাহতি লয় আৰু সহ:সভাপতি ফণীধৰ গগৈয়ে প্ৰথম ৰাজ্যিক সন্মিলনলৈ সভাপতিৰ কাম চলাই নিয়ে (ৰূপালী দিন, স্মৰণিকা, নতুন সাহিত্য পৰিষদ, ২৯- ৩১ জানুৱাৰী, ২০০৪)

 ১৯৭৭ চনত জন্ম লাভ কৰা নতুন সাহিত্য পৰিষদে ইতিমধ্যে দুকুৰি পাঁচোটা বছৰ সম্পূৰ্ণ কৰিলে। এই সময়ছোৱাত নতুন সাহিত্য পৰিষদে কৰ্মনীতি আৰু গঠনতন্ত্ৰৰ ভিত্তিত যৎপৰোনাস্তি কাম কৰিছে আৰু প্ৰগতিশীল সাহিত্যিক- পঢ়ুৱৈসকলকে আদি কৰি শিল্পী-সাংবাদিকসকলক সংগঠিত কৰাত আগভাগ লৈছে, বহু গুৰুত্বপূৰ্ণ গ্ৰন্থ ৰচনা কৰি প্ৰচাৰ আৰু বিক্ৰীৰ ব্যৱস্থা কৰিছে। সময়কালৰ তুলনাত পৰিষদৰ পৰিসৰ আৰু সাংগঠনিক ভিত্তি সন্তোষজনক নহয় যদিও বিগত সময়ছোৱাত প্ৰায় ডেৰশ শাখা গঠন কৰি পৰিষদে অৰ্ধশতাধিক ক্ষুদ্ৰ আলোচনীৰ জন্ম দিছে।

 নতুন সাহিত্য পৰিষদৰ এই যাত্ৰাপথত যিসকল শিল্পী, সাহিত্যিক, বুদ্ধিজীৱীয়ে অহো-পুৰুষাৰ্থ কৰিছে, তেওঁলোকৰ মাজৰে এজন উদ্যমী সংগঠক হ’ল যশস্বী গল্পকাৰ বিপুল খাটনিয়াৰ। অসমৰ প্ৰগতিবাদী গল্প সাহিত্যৰ অন্যতম বাটকটীয়া, নতুন সাহিত্য পৰিষদৰ প্ৰাক্তন ৰাজ্যিক সম্পাদক সতীৰ্থ বিপুল খাটনিয়াৰে সত্তৰ দশকৰ প্ৰাৰম্ভণিত ‘নতুন পৃথিৱী’ৰ লগত জড়িত হৈ অসমৰ প্ৰগতিশীল সাহিত্য আন্দোলনৰ ধাৰাটোক এটা নতুন মাত্ৰা প্ৰদান কৰাত উঠিপৰি লাগিছিল, অসমৰ ইমূৰৰপৰা সিমূৰলৈ ঘূৰি ফুৰিছিল সাহিত্য সংগঠনৰ কামত।

 সমাজতান্ত্ৰিক বাস্তৱতাক বিষয়বস্তু হিচাপে লৈ অভিনৱ ৰচনাশৈলী, আঙ্গিকেৰে চুটিগল্পক অনন্য ৰূপত সজাই পৰাই অসমীয়া গল্প সাহিত্যত এক নতুন মাত্ৰা সংযোজন কৰা যশস্বী গল্পকাৰ বিপুল খাটনিয়াৰ আজি বহুলভাৱে চৰ্চিত, সমাদৃত।

অসমৰ গল্প সাহিত্যত এটি নতুন অধ্যায়ৰ সূচনা কৰা এইগৰাকী প্ৰথিতযশা গল্পকাৰে

১৫৬॥খোজৰ শব্দ