পৃষ্ঠা:Khojar Xabda.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সমাজখনৰ এক অবিকল বাস্তৱতা বা দাপোণৰ দৰে লাগে। গল্পৰ পটভূমি অনুসৰি গ্ৰহণ কৰা ভিন্নস্বাদৰ কথনশৈলীয়ে এই ক্ষেত্ৰত যাদুৰ দৰে কাম কৰে। বিপুল খাটনিয়াৰ সাৰ্থক গল্পসমূহৰ পঠনৰ অভিজ্ঞতা এনেকুৱা যে কেতিয়াবা কথনৰ কালিকাই যদি আমাক জপটিয়াই ধৰে, আৰু কেতিয়াবা আকৌ জলকা লগাই দিয়ে। ‘বহুৱা’ৰ দৰে গল্প পঢ়ি উঠি আমাৰ অৱস্থা পকিবলৈ বুলি জলকা লগা পলুৰ দৰে নহয় জানো! এই গল্পৰ যেন কোনো ব্যাখ্যা নাই, বোধ আৰু উপলব্ধিবোৰৰ গাঢ়তাইহে তাৰ পূৰ্ণতা দিব পাৰে! সাহিত্যত এনে অতুলনীয় পৰিহাস তেওঁ নিৰ্মাণ কৰিব জানে, যি পৰিহাস তেখেতৰ পূৰ্বসুৰী যোগশ দাসৰ আন এক সাৰ্থক গল্প ‘কলপতুৱাৰ মৃত্যু’ তকৈ বিস্তৃত। অথচ পটভূমিৰ সময় হয়তো একেই। ‘বহুৱা’ৰ বিস্তৃতি এইখিনিতেই যে ইয়াত দুগৰাকী নাৰীৰ মনস্তত্ত্বই বিশেষ তাৎপৰ্য বহন কৰিছে। এগৰাকীয়ে সন্তান জন্ম দিব নোৱাৰা অপৰাধত কণটিলৌক এৰি থৈ গুচি যায়। কিন্তু গল্পৰ শেষৰফালে দেউঅনিৰ (দেউৰ পত্নী) বিশেষ সিদ্ধান্ত, আৰু তাক শক্তি দিবলৈ এজাক মৌচেপা বৰষুণৰ যি ‘মেটাফৰ’ তেওঁ নিৰ্মাণ কৰিছে, সি অসমীয়া সাহিত্যত নাৰীবাদৰ চৰ্চাৰ দিশৰপৰা অতি ৰোমাঞ্চকৰ। গল্পকাৰে যিদৰে গল্প নিৰ্মাণ কৰোঁতে স্বাধীনতা লৈছে, সেইদৰে ‘দেউঅনি’য়েও সিদ্ধান্ত নিৰ্ণয়ৰ স্বাধীনতা লৈছে, যাৰ ফলত তেওঁ মাতৃত্বৰ সোৱাদ লাভ কৰিছে, দেউৱে সমাজৰ আগত নিঃসন্তান হৈ থকাৰ অপবাদৰপৰা মুক্তি পাইছে, লগে লগে কণটিলৌৱেও দাসত্বৰপৰা মুক্তি পাইছে। গল্প পঢ়ি বহুপৰ গল্পৰপৰা ওলাই আহিব নোৱাৰি। ইয়াত ‘বহুৱা’ কোন? ‘কণটিলৌ’ৱে ভাওনাত ‘বহুৱা’ৰ ভাও দিয়ে। নিষ্ঠুৰ নিয়তি আৰু দেউৰ দৰে মানুহৰ চাতুৰীয়ে তাক জীৱনৰ ‘বহুৱা’ ৰূপেই সজাব খুজিছিল— কিন্তু গল্পৰ শেষলৈকে দেউৰ পত্নীয়ে হাতত গল্পৰ চালিকা তুলি লৈছে। ফলত কণটিলৌ ‘বহুৱা’ নে কণটিলৌক নিয়তিৰ বিধান দিয়া ‘দেউজন ‘বহুৱা’— এই কথা যেন নিৰহ-নিপানী হৈ পৰিল। অন্ততঃ আমি ক’বলৈ বাধ্য যে জীৱনৰ এক নিজস্ব ছন্দ থাকে, যি সমাজে বান্ধি দিয়া তথাকথিত নিয়ম- প্ৰণালীৰ বাহিৰৰ – ব্যাখ্যাতীত আৰু বোধাতীত। কি সঁচা, কি মিছা – সকলো যেন প্ৰহেলিকা! গল্পকাৰে গল্পত এই নাৰী চৰিত্ৰটিক এটুকুৰা ডাঙৰ ঠাই (space) দিয়া নাই, কিন্তু যিখিনি দিছে তাত প্ৰৱেশ কৰিয়েই নিজৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰি মূল কাহিনীকেই যেন সলাই পেলাইছে! সাৰ্থক গল্পকাৰ এজনে মননশীল পঢ়ুৱৈৰ অনুসন্ধিৎসাৰ জগতখন বিস্তাৰ কৰি দিয়ে—এয়াই তেওঁৰ সাৰ্থকতা। আৰু দায়িত্বও। বিপুল খাটনিয়াৰেও সেই দায়িত্ব অকাতৰে পালন কৰিছে। আন বহুতো গল্পৰ দৰেই ‘বহুৱা’ গল্পটোও সেই সমাজৰ 'অবিকল বাস্তৱতা’ যেনেই লাগিলেহেঁতেন, কিন্তু এগৰাকী সাধাৰণ নাৰীক এটা শক্তিশালী সিদ্ধান্ত লোৱাৰ স্বাধীনতা দি তেওঁ গল্পটো

এটা কলাসুলভ কিন্তু সাধাৰণ, দুখভৰা কাহিনী হোৱাৰপৰা উত্তৰণৰ দিশে লৈ গ'ল।

৭৪॥খোজৰ শব্দ