পৃষ্ঠা:Khojar Xabda.pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰ্মশালাৰ প্ৰশিক্ষক বিপুল খাটনিয়াৰ ডাঙৰীয়াক লগ পাইছিলোঁ। কৰ্মশালাখন উদ্বোধন কৰিছিল অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক প্ৰয়াত প্ৰদীপ ভূঞাই। চুটিগল্প সম্পৰ্কে খাটনিয়াৰৰ ধ্যান-ধাৰণা আৰু বিশ্লেষণ ক্ষমতা দেখি আমি অভিভূত হৈছিলোঁ। তেওঁৰ ব্যক্তিগত আচৰণ আৰু কথা-বাৰ্তায়ো আমাক মোহিত কৰিছিল। নতুন সাহিত্য পৰিষদে ২০০৯ বৰ্ষৰ পৰা প্ৰদান কৰা ‘প্ৰফুল্ল ডেকা সোঁৱৰণী শিশু সাহিত্য বঁটা’ৰ বাবে মোৰ ‘একুৰি মেকুৰীৰ দুকুৰি কাণ’ নামৰ পুথিখন নিৰ্বাচিত হৈছিল। সেই বঁটা প্ৰদান কৰা হৈছিল ২০১০ চনত শিৱসাগৰত অনুষ্ঠিত ত্ৰয়োদশ ৰাজ্যিক অধিৱেশনৰ মুকলি সভাত। সেই উপলক্ষত শিৱসাগৰলৈ গৈছিলোঁ আৰু তাত প্ৰাক্তন সম্পাদক বিপুল খাটনিয়াৰ ডাঙৰীয়াক লগ পাইছিলোঁ। তেওঁ মোক অভিনন্দন জনাইছিল। মই নতুন সাহিত্য পৰিষদৰ সদস্য নাছিলোঁ। সেই কথা তেওঁ জানিছিল নে নাই নাজানো, কিন্তু কথাৰ মাজত তেওঁ এষাৰ গুৰুত্বপূৰ্ণ কথা কৈছিল— ‘আমি যি সংগঠনতেই নাথাকো কিয়, সমাজৰ নিঃস্ব-নিষ্পেষিতজনৰ বাবে চিন্তা কৰাটো, মাত মতাটো আমাৰ দায়িত্ব — সেয়া কণ্ঠেৰেই হওক বা কলমেৰেহে হওক।’ প্ৰগতিশীল চিন্তা-চেতনাৰে সমৃদ্ধ এইগৰাকী যশস্বী গল্পলেখক যোৱা ৪ জুলাইত অকালতে আমাৰ মাজৰপৰা আঁতৰি যোৱাটো অসমীয়া সমাজ-সাহিত্যৰ বাবে অতি দুৰ্ভাগ্যজনক কথা।❐

পূৰ্বপ্ৰকাশ
অসমীয়া খবৰ, ১৪ জুলাই, ২০২১

(লেখক এগৰাকী বিশিষ্ট কবি আৰু শিশু সাহিত্যিক

‘নতুন সাহিত্য পৰিষদ’ৰ একাদশ ৰাজ্যিক সন্মিলনত

১৪০॥খোজৰ শব্দ