পৃষ্ঠা:Khojar Xabda.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিয়ন্ত্ৰণ কৰা হৈছে। কিয়নো ৰাজহুৱা উৎসৱতহে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ চৰ্তহীন অংশগ্ৰহণ সম্ভৱপৰ। মন কৰিব এই উৎসৱ জীৱন নহয়, প্ৰকাৰান্তৰে হ'লেও মৃত্যুৰ লগত জড়িত। জীৱন, মৃত্যু আৰু নৈতিকতাৰ মাজত বিৰাজ কৰা সূক্ষ্ম আৰু অৰ্থবহ আঁহৰ পাক কিন্তু মাথোঁ এগৰাকী ব্যক্তিৰ আচৰণত সোমাই থকা নাই। সাধুকথাৰ দৰে ই সমাজৰ এক স্নেপশ্বটৰ ৰূপত ইয়াত প্ৰকাশ পাইছে। বহুক্ষেত্ৰত ‘বাঁকৰ সাধু’ত উপস্থাপিত ঘটনাক্ৰমৰ এক নাটক সদৃশ বৈশিষ্ট্যই তাৰ কথকতাৰ সৈতে সমানে ফেৰ মৰা পৰিলক্ষিত হয়। বিশেষকৈ ৰাইজ আৰু পৰিয়ালৰ সকলো সদস্যৰ সন্মিলনত নাটকীয় আয়োজনৰ উমান পোৱা যায়। এই দিশসমূহৰ তাৎপৰ্য কিন্তু বিষয়-ভিত্তিক পৰ্যালোচনাত ধৰা নপৰিবও পাৰে। সাধু, কাহিনী আৰু নাটকৰ কিছুমান চৰ্তৰ্ক একত্ৰিত কৰি ‘বাঁকৰ সাধু’ত খাটনিয়াৰে ব্যক্তিগত আচৰণ আৰু সামাজিক প্ৰৱণতাৰ এখন সুন্দৰ ছবি দাঙি ধৰিছে। কমলা গাঁওবুঢ়াৰ স্বীকাৰোক্তি নিশ্চিতভাৱে মাথোঁ তেওঁৰ আত্মবিশ্লেষণ নহৈ সামাজিক দায়বদ্ধতাৰ পেৰডিৰ ৰূপতো ইয়াত দেখা দিছে। প্ৰাচুৰ্যৰ আগত সেও মনা সমাজৰ উৎসৱপ্ৰিয় জনগণৰ মাজতো কিন্তু প্ৰতিপক্ষতাৰ স্বভাৱ গা কৰি উঠিছে। কেইবাটাও পৰ্যায়ত আয়োজিত নীতি আৰু জাগতিক আহ্বানৰ মাজত চলা কুচকাৱাজৰ পূৰ্ণতা কমলা গাঁওবুঢ়াৰ ৰূপকাত্মক বাঁক-বলিত সুন্দৰভাৱে প্ৰকাশ পাইছে। একোটা গল্পকে যদি জীৱনৰ ক্ষুদ্ৰ অভিজ্ঞতা উপস্থাপনৰ ক্ষেত্ৰত বিচাৰ কৰা যায় তাতো কিন্তু কথকতাৰ ভিন্নসুৰী দিশসমূহ এই প্ৰক্ৰিয়াৰ এটা উল্লেখনীয় মাধ্যম। অভিজ্ঞতা আৰু স্মৃতিৰ ৰেখাংকনক স্থিতি প্ৰদান কৰা সময়ৰ ফ্ৰেম অৱশ্যে বিভিন্ন ধৰণে আয়োজিত হ’ব পাৰে। একোটা সাময়িক গণ্ডীৰ মাজৰ আকৌ কথনভঙ্গীৰ দ্বাৰা পৰিচালিত প্লটৰ অন্যান্য উপাদানৰ প্ৰভাৱ অভিজ্ঞতাৰ উন্মোচনত দেখা দিব পাৰে। গল্পৰ এই সময় নিৰ্ভৰশীলতা প্ৰসঙ্গ সাপেক্ষে পৰিৱৰ্তিত ৰূপত প্ৰকাশিত হোৱা অস্বাভাৱিক নহয়। এই ক্ষেত্ৰত আমি কেতিয়াবা চাৰিত্ৰিক আৰু কেতিয়াবা সামাজিক স্থিতি একোটাৰ সৈতে পৰিচিত হওঁ। কিন্তু পূৰ্বতে উল্লেখ কৰাৰ দৰে এই সমাজৰ ছবিৰ পূৰ্ণতা কথাৰ মাজতে আবদ্ধ নাথাকে। অব্যক্ত আৰু অপ্ৰকাশিত অথচ ৰূপক সম্ভাৱনীয়তাত সংস্থাপিত এই অভিজ্ঞতাৰ ৰূপায়ণত আমি ক্ষুদ্ৰ জগত এখনৰ লগত চিনাকি হোৱাৰ সুবিধা পাওঁ। এই ক্ষুদ্ৰ জগতৰ কিছুমান স্বয়ংক্ৰিয় আচৰণ-বিধি আছে। বিপুল খাটনিয়াৰৰ ‘হেৰোৱা সুবাস’ এই সন্দৰ্ভত পৰীক্ষা কৰি চাব পাৰি। দুটা পৃথক সাময়িক পৃষ্ঠভূমিত অৱস্থিত এই গল্পৰ প্ৰধান চৰিত্ৰ কাট্টাল আৰু তেওঁৰ দৃষ্টিত ধৰা পৰা সমাজৰ গতিশীলতা অন্য এক জাগতিক অভিজ্ঞতাৰো সূচক। এই প্ৰক্ৰিয়াৰ আলোচনা কৰাৰ আগেয়ে আমি কাট্টালৰ সংলাপমুখী (dialogic) বৈশিষ্ট্যৰ কথা বিচাৰ কৰা উচিত হ’ব। গল্পৰ

খোজৰ শব্দ॥১৩