পৃষ্ঠা:Khojar Xabda.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাছকবনীয়া গল্প সংকলন আগবঢ়াই আহিছিল। ‘খোজৰ শব্দ’ (১৯৮০); ‘চিনাকি মুখৰ ছবি’ (১৯৯৫); ‘দখাৰ’ (১৯৯৯); ‘তাই কাপোৰ নিপিন্ধে’(২০০২), ‘চিনাকি মুখ অচিনাকি ছবি’ (২০১০); ‘ভিন্ন জীৱন ভিন্ন কথকতা’ (২০১০); ‘ঘঁৰিয়ালডাঙাৰ কথা’ (২০১৬), আৰু ‘হাৱা ভাল চলা নাই’ (২০১৯) এই আটাইকেইখন সংকলন তেওঁৰ গল্প পৰিক্ৰমা।

 বিপুল খাটনিয়াৰৰ গল্পসমূহত সমাজৰ নিম্নবৰ্গীয় লোকৰ জীৱনৰ বাস্তৱতা, উচ্চ শ্ৰেণীৰ অহমিকা, শোষণ-নিপীড়ন, প্ৰতিবাদ, বামপন্থী চিন্তা-চেতনাৰ লগতে সাম্প্ৰতিক যুৱ মানসিকতা, সন্ত্ৰাসবাদীৰ সমস্যা, ৰাজনীতিৰ চলনাময় দিশ আদিৰো উন্মোচন ঘটিছে। বিপুল খাটনিয়াৰৰ গল্পৰ বিষয়বস্তু নিতান্তই সামাজিক। ব্যক্তিগত বোধ-অনুভূতিকো বিচাৰ কৰা হৈছে সামাজিক প্ৰেক্ষাৰে। গতিকে সমাজ-চেতনা গল্পসমূহৰ প্ৰধান সুৰ। সমাজৰ সূক্ষ্ম নিৰীক্ষণ আৰু অনুধাৱনৰ চেষ্টা গল্পৰ বৰ্ণনাৰ আঁহে আঁহে প্ৰতিফলিত হৈছে। অভিজ্ঞতা আৰু চিন্তাৰ পৰিপক্কতাৰ বাবে গল্পৰ বিষয়বস্তুও গভীৰ আৰু অৰ্থবহ হৈ ধৰা দিছে।

 বিপুল খাটনিয়াৰে তেওঁৰ গল্পসমূহত অসমীয়া সমাজৰ বিভিন্ন প্ৰান্তৰ মানুহৰ জীৱনধাৰাৰ লগতে ভাৰতৰো বিভিন্ন প্ৰান্তৰ মানুহৰ জীৱনধাৰাৰ চিত্ৰায়ণ ঘটাইছে। কাহিনী বৰ্ণনাৰ সমান্তৰালভাৱে তেওঁ পটভূমি হিচাপে সমাজ-সংস্কৃতি- ভাষাকে ধৰি চৰিত্ৰসমূহৰে সংলগ্ন সমগ্ৰ অঞ্চলটোকেই পাঠকৰ সন্মুখলৈ লৈ আহে। পঢ়ি গ'লে ভাব হয়, প্ৰতিটো গল্প তেওঁৰ ক্ষেত্ৰভিত্তিক অধ্যয়নৰ ফচল। গৱেষণা কৰ্মৰ পাদটীকাৰ দৰেই বহু গল্পত পাঠকৰ বাবে দুবোধ্য হোৱাৰ সম্ভাৱনা থকা শব্দ বা প্ৰসংগবোৰৰ অৰ্থ সংলগ্ন থাকে। ঐতিহাসিক অসম আন্দোলন তথা ইয়াৰ আশ-পাশৰ সময় তথা ঘটনা প্ৰৱাহৰ পটভূমিত ৰচনা কৰা ‘দখাৰ’ সংকলনখনৰ পাতনিত সন্নিৱিষ্ট নিৰুপমা বৰগোহাঞিৰ মন্তব্য এইখিনিতে উল্লেখ কৰিব পাৰি।

“তেওঁৰ গল্পবোৰত সমাজ সচেতনতা তীব্ৰভাৱে অনুভৱ হয়। সাধাৰণ
মানুহৰ প্ৰতি তেওঁৰ যি সহানুভূতি আৰু মৰম অন্তঃসলিলা ফল্গুৰ দৰে
অন্তৰত বৈ থাকে তাৰ বাস্তৱ চিত্ৰায়ণ প্ৰতিটো গল্পতে মূৰ্ত হৈ উঠে।
বিপুলৰ গল্পৰ আন এক প্ৰধান বৈশিষ্ট্য হ’ল যে তেওঁ কেৱল অসমৰ
মানুহক লৈয়ে গল্প লিখা নাই, ভাৰতৰ বিভিন্ন ঠাই আৰু সমগ্ৰ উত্তৰ
পূৰ্বাঞ্চলৰ মানুহেই তেওঁৰ গল্পত ঠাই পাইছে। সেইবোৰ ঠাইৰ পৰিৱেশ,
প্ৰকৃতি, জীৱন-প্ৰণালী সকলো তেওঁৰ গল্পবোৰত এনে জীৱন্ত ৰূপত
চিত্ৰিত হৈছে যে সেই ঠাইবোৰলৈ নগৈও তাৰ মানুহ আৰু জীৱনক যেন

খোজৰ শব্দ॥৪১