পৃষ্ঠা:Khojar Xabda.pdf/২৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ফঁহিয়াই চাবলৈ শিকিলোঁ। খাটনিয়াদাৰপৰা বহু অসমীয়া শব্দৰ প্ৰয়োগ শিকিছিলো।

 তেওঁৰ পৰিয়ালৰ লগত আমাৰ পৰিয়ালৰ যথেষ্ট মিলো আছিল। আমি দুয়োঘৰে পুৰী আৰু কাঠমাণ্ডুলৈ বেলেগ বেলেগ বছৰত (১৯৯৫, ১৯৯৭ ) একেলগে ফুৰিবলৈ গৈছিলোঁ। বাবৰ, ইমন, মাইনা আৰু মমীয়ে বহু স্ফূৰ্তি কৰিছিল। মই তেওঁক মাজে মাজে কৈছিলোঁ যে নতুন সাহিত্য পৰিষদ, নতুন পৃথিৱীতে আপোনাৰ অমূল্য সময়খিনি খৰছ নকৰিব। পাৰে যদি নিজাববীয়াকৈ নিজৰ গল্পৰ কিতাপ প্ৰকাশ কৰিবলৈ চেষ্টা কৰক। ১৯৯১-৯২ চনৰ পাছৰপৰা তেওঁ এখন দুখনকৈ বহুকেইখন কিতাপ প্ৰকাশ কৰে। ‘খোজৰ শব্দ’ নামৰ কিতাপখন তেওঁৰ ডেকা বয়সৰে সৃষ্টি। বহু কেইজনৰ কিতাপৰ তেওঁ সংকলন সম্পাদনাৰ কামতো জড়িত আছিল। তেওঁৰ টেবুলত একেবাৰে শেষৰ সংকলনটোৰ পাণ্ডুলিপিটো প্ৰকাশৰ বাবে সাজু কৰি থৈ গৈছে।

 খাটনিয়াদাই লিখা কিতাপকেইখন হৈছে—‘খোজৰ শব্দ’, ‘দখাৰ’, ‘চিনাকি মুখৰ ছবি’ আদি। প্ৰত্যেক বছৰে বিহু আৰু দুৰ্গাপূজা সংখ্যাৰ বিশেষ বৰ্দ্ধিত কেবাখনো আলোচনীত তেওঁৰ গল্প প্ৰকাশ পাইছিল। কিছু বাঁওপন্থী ভাবধাৰা থকা, সাধাৰণতে আমি মন দিব নোখোজা সমাজৰ এক বিশেষ সামাজিক সমস্যাৰ কথা সাঙুৰি গল্পবোৰ লিখিছিল। সাধাৰণ পাঠকে ইয়াৰ ৰসবোধ কমকৈ পান কৰিব পাৰিছিল। তদুপৰি ‘প্ৰকাশ’, ‘সাতসৰী’, ‘অসমীয়া প্ৰতিদিন’, ‘আমাৰ অসম’ত তেখেতৰ বহু লিখনি সিঁচৰতি হৈ আছে। এটা সময় আহিব, বিপুল খাটনিয়াৰ দাই লিখা কিতাপ বা গল্পবোৰৰ ওপৰত হয়তো গৱেষণা কৰিব। দাদাৰ লিখনিসমূহ ভৱিষ্যতৰ গৱেষণাৰ সমল হ’ব।❐

(লেখক অৱসৰপ্ৰাপ্ত ভূতত্ত্ববিদ, ভূতত্ত্ব আৰু খনি সঞ্চালকালয়, অসম))

খোজৰ শব্দ॥ ২৩৫