পৃষ্ঠা:Khojar Xabda.pdf/২৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দাদা আজি আমাৰ মাজত নাই

বীণা পেগু

 ২০০৫ চনৰ মে’ মাহত আমি বিপুল খাটনিয়াৰ দাদাৰ ঘৰলৈ ভাৰাতীয়া হিচাপে আহিছিলোঁ। মোৰ স্বামী ৰঞ্জিত পেগু অসমৰ ভূতত্ত্ব আৰু খনি বিভাগত তেখেতৰ সহকৰ্মী আছিল।

 আমাৰ পৰিয়ালটোক দাদা আৰু বাইদেৱে আপোন মানুহৰ দৰেই ব্যৱহাৰ কৰে। দাদাই মোক নিজৰ ভনীৰ দৰে ভাবিছিল। মই দিছপুৰ নাৰ্চিং হোমত জ্যেষ্ঠা নাৰ্চ হিচাপে কাম কৰি আছোঁ। যিকোনো মেডিচিনৰ বিষয়ে জানিবলৈ তেওঁ মোক সোধে। ময়ো নজনা কথা কিছুমান জানিবলৈ তেওঁক সুধিবলৈ ভাল পাওঁ। বিহু সংক্ৰান্তি, ল’ৰা-ছোৱালীৰ জন্মদিন আদিৰ সুযোগত আমি দুয়োঘৰে মাজে মাজে একেলগে বহি খোৱামেলা কৰোঁ। মোৰ হাতেৰে খাই তেওঁ বৰ তৃপ্তি পায় হেনো। ল’ৰা-ছোৱালীকেইটাক তেওঁ বৰ মৰম কৰে। তেওঁলোক বিয়াবাৰুলৈ গ’লে আমাৰ ল’ৰা-ছোৱালীকেইটাকো প্ৰায়ে লগত লৈ যায়। সিহঁতৰ পৰীক্ষা থাকিলে দাদাই ৰাতিপুৱা সোনকালে উঠাই দিয়ে। আমাৰ এজনী ছোৱালী আৰু তাইৰ তলত যুৰীয়া ল’ৰা এহাল। ল’ৰা দুটাৰ জন্ম এইখন ঘৰতে হৈছিল। এতিয়া সিহঁত সপ্তমমান শ্ৰেণী পাইছে।

 দাদাক অনবৰতে লিখা-পঢ়া কৰি থকা দেখিছিলোঁ। লিখি থাকোঁতে কেতিয়াবা মোক মিছিং শব্দবোৰ সুধি থাকে। কেইবছৰমানৰ পৰা দাদা বৰকৈ খীনাব ধৰিলে। পৰিয়ালৰ মানুহে তেওঁক চেন্নাইৰ এপ’লত দেখুৱাবলৈ নিছিল। তেতিয়া নিমুনিয়াৰ বাদে কোনো বেমাৰ ধৰা পৰা নাছিল।ছয়মাহ পিছত তেওঁক পুনৰ যাবলৈ কৈছিল; কিন্তু কভিডৰ পৰিস্থিতিত যাব নোৱাৰিলে। তেখেতৰ কভিড হোৱাৰ পিছত কাঁহ-কফ বেছি হোৱাত দিছপুৰ হস্পিতালত ভৰ্তি কৰা হৈছিল। তাতেই তেখেতৰ mul-

খোজৰ শব্দ॥২৪৭